সাবিত্ৰী-সত্যবানৰ কাহিনীৰে খলকনি তুলিবলৈ সাজু "Savi"...

সাবিত্ৰী-সত্যবানৰ কাহিনীৰে খলকনি তুলিবলৈ সাজু "Savi"...

author-image
Asomiya Pratidin
New Update
সাবিত্ৰী-সত্যবানৰ কাহিনীৰে খলকনি তুলিবলৈ সাজু "Savi"...

ডিজিটেল ডেস্কঃ ৩১ মে’ত মুক্তি পাবলগীয়া এখন চলচিত্ৰৰে ছবি জগতত ধুমুহাৰ সৃষ্টি কৰিবলৈ সাজু হৈছে দিব্যা খোছলা কুমাৰ। ছবিখনৰ নাম হৈছে "Savi"। ছবিখনত দিব্যা খোছলা কুমাৰৰ লগতে অনিল কাপুৰ আৰু হৰ্ষবৰ্ধন ৰানেক গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখা গৈছে।

Advertisment

"Savi" ৰ প্ৰযোজক ভূষণ কুমাৰ, কৃষণ কুমাৰ আৰু মুকেশ ভট্ট আৰু পৰিচালনা অভিনয় দেওৰ। চিনেমাখনৰ কাহিনী পৰিয়ালকেন্দ্ৰিক। ছবিখনত দেখুৱাই যে কিদৰে পৰিয়ালৰ স্বাৰ্থত কেতিয়াবা অপৰাধ কৰিব লগা হয়। এই ছবিখনৰ টিজাৰৰ পিছত এতিয়া ট্ৰেইলাৰে দৰ্শকক উৎসাহী কৰি তুলিছে।

উল্লেখ্য যে, সাবিত্ৰী আৰু সত্যবানৰ পৌৰাণিক কাহিনীৰ পৰা অনুপ্ৰাণিত হৈ ছবিখন নিৰ্মাণ কৰা হৈছে। ইংলেণ্ডৰ উচ্চ নিৰাপত্তাসম্পন্ন কাৰাগাৰৰ পৰা স্বামীক উদ্ধাৰ কৰিবলৈ চেষ্টা কৰা এগৰাকী গৃহিণীৰ কাহিনী savi ত উপস্থাপনৰ চেষ্টা কৰিছে।

ট্ৰেইলাৰৰ আৰম্ভণিতে দিব্য খোছলা কুমাৰে পৰিয়ালৰ সৈতে হাঁহি-খেল ধেমালিৰে জীৱন কটোৱা দেখা যায়। কিন্তু তেওঁলোকৰ সুখ কেইটামান মুহূৰ্তৰ। স্বামী অৰ্থাৎ হৰ্ষবৰ্ধন ৰানেৰ চৰিত্ৰটো যেতিয়া জেললৈ যায়, স্বামীক মুক্ত কৰি তেওঁক নিৰ্দোষী প্ৰমাণ কৰিবলৈ চেষ্টা কৰি থাকোতে অভিনেত্ৰীয়ে নিজেই অপৰাধী হৈ পৰা যেন লাগে।

ছবিখনত অনিল কাপুৰৰ আৰু অধিক অদৃশ্য অৱতাৰ দেখা গৈছে, য’ত তেওঁক চিনি পোৱাটো কঠিন। এনে লাগে যেন তেওঁক খলনায়ক অৱতাৰত দেখা গৈছে, যিটো দেখি অনুৰাগীসকল উত্তেজিত হৈ পৰিছে।

Also Read: ষ্ট্ৰং ৰূম স্থাপনৰ ফলত নগাঁৱৰ ৩ খন চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পাঠদান ব্যাহত..

Savi bollywood new movie bollywood movie 2024