Advertisment

ইব্ৰাহীমৰ সন্দেহজনক আচৰণ, উত্তাল ছ’চিয়েল মেডিয়া

বিগত কেইদিনমানৰ পৰা এটা বিশেষ ভিডিঅ’ ছ’চিয়েল মেডিয়াত ভাইৰেল হৈছে।এই ভিডিঅ’টো দেখাৰ পাছতে বলীউডৰ অন্যতম জনপ্ৰিয় ‘ষ্টাৰ কিড’ ইব্ৰাহীম আলী খানক অপহৰণকাৰী বুলি ভাবিবলৈ এতিয়া সকলো বাধ্য হৈছে।

author-image
Asomiya Pratidin
New Update
ALI KHAN

ডিজিটেল ডেস্ক: বিগত কেইদিনমানৰ পৰা এটা বিশেষ ভিডিঅ’ ছ’চিয়েল মেডিয়াত ভাইৰেল হৈছে।এই ভিডিঅ’টো দেখাৰ পাছতে বলীউডৰ অন্যতম জনপ্ৰিয় ‘ষ্টাৰ কিড’ ইব্ৰাহীম আলী খানক অপহৰণকাৰী বুলি ভাবিবলৈ এতিয়া সকলো বাধ্য হৈছে।হয়, অজস্ৰজনে ছেইফ আলী খানৰ পুত্ৰ ইব্ৰাহীমক ইতিমধ্যে অপহৰণকাৰী বুলিয়েই আখ্যা দিছে।

Advertisment

ভিডিঅ’টোত দেখিবলৈ পোৱা মতে, এখন গাড়ীৰ পৰা নামোতেই ইব্ৰাহীমৰ হাতত থকা বেগটো খোল খাই বেগৰ ভিতৰৰ সকলো সামগ্ৰী ওলাই পৰে।এই সামগ্ৰীবোৰ দেখিয়েই বিভিন্নজনে ছেইফৰ পুত্ৰ অপহৰণকাৰী নেকি বুলি প্ৰশ্ন উত্থাপন কৰে। প্ৰকৃততে, ইব্ৰাহীমৰ এই বেগটোৰ পৰা  ডাক্ট টেপ, হাত মোজা, বেংক ডকাইতৰ মুখা, কেঁচি, ৰছী, চাবিসহ বহু সন্দেহজনক সামগ্ৰী ওলাইছিল।অৱশ্যে লগে লগে ইব্ৰাহীমে সেইসমূহ মাটিৰ পৰা উঠাই আকৌ বেগত ভৰাই লয়।

এই ভিডিঅ’টো ক্ষন্তেকতে ভাইৰেল হৈ পৰাত বহুতেই ছ'চিয়েল মেডিয়াত বহু মন্তব্য আগবঢ়ায়। বহুতৰ মতে, ইব্ৰাহীম সন্দেহজনক ব্যক্তি। একাংশৰ মতে, তেওঁ সেইসমূহ সামগ্ৰী জিমত ব্যৱহাৰ কৰে।আন একাংশৰ মতে আকৌ ইব্ৰাহীমে অপহৰণকাৰীয়ে ব্যৱহাৰ কৰা সকলো সা-সামগ্ৰী বেগত ভৰাই ৰাখে।সেয়েহে তেওঁ অপহৰণকাৰী।কেইদিনমানৰ পৰা এই সন্দৰ্ভত বহু চৰ্চা হৈছে যদিও বৰ্তমানেও এই সন্দৰ্ভত মন্তব্য আগবঢ়োৱাৰ পৰা বিৰত আছে ইব্ৰাহীম তথা তেওঁ 'হাই প্ৰফাইল' পৰিয়াল।

Also Read: বহু যুৱতীৰ ‘সপোন কোঁৱৰ’ৰ মন্তব্যত তোলপাৰ ছ’চিয়েল মেডিয়া