এইবাৰ ‘বিগ বছ’ত কোনে অংশ ল’ব জানেনে ?

অৱশেষত অনুৰাগীৰ অপেক্ষাৰ অন্ত পৰিল। অক্টোবৰৰ প্ৰথমটো সপ্তাহৰ পৰা আৰম্ভ হ’ব বহু প্ৰত্যাশিত ‘বিগ বছ ১৮’। টেলিভিছনৰ সবাতোকৈ চৰ্চিত এই ৰিয়েলিটি শ্ব'টোৰ প্ৰ'ম' মুকলি কৰা হৈছে।

author-image
Asomiya Pratidin
New Update
এইবাৰ ‘বিগ বছ’ত কোনে অংশ ল’ব জানেনে ?

bigg-boss-18

ডিজিটেল ডেস্ক: অৱশেষত অনুৰাগীৰ অপেক্ষাৰ অন্ত পৰিল। অক্টোবৰৰ প্ৰথমটো সপ্তাহৰ পৰা আৰম্ভ হ’ব বহু প্ৰত্যাশিত ‘বিগ বছ ১৮’। টেলিভিছনৰ সবাতোকৈ চৰ্চিত ৰিয়েলিটি শ্ব’ বিগ বছৰ প্ৰ’ম’ ইতিমধ্যে মুকলি কৰা হৈছে। ইয়াৰ পাছতে দৰ্শকৰ মাজত উত্তেজনা দুগুণে বৃদ্ধি পাইছে।

‘বিগ বছ ১৮’ৰ প্ৰথম প্ৰ'ম'ৰ লগতে অনুষ্ঠানটোৰ গ্ৰেণ্ড প্ৰিমিয়াৰৰ তাৰিখৰ বিষয়েও উল্লেখ কৰা হৈছে।হয়, এই গ্ৰেণ্ড প্ৰিমিয়াৰ ৬ অক্টোবৰৰ নিশা ৯ বজাত কালাৰ্ছ আৰু জিঅ' চিনেমাত সম্প্ৰচাৰ কৰা হ'ব। আনহাতে, ‘বিগ বছ’ৰ টুইটাৰ একাউণ্টত শ্বেয়াৰ কৰা এটা প’ষ্টত উল্লেখ কৰা মতে, এইবাৰ মুঠ ১৮ জন প্ৰতিযোগীয়ে ‘বিগ বছ’ৰ ঘৰত প্ৰৱেশ কৰিব। নিশ্চিত প্ৰতিযোগীৰ তালিকাত অন্তৰ্ভুক্ত থকা কেইটামান নাম হৈছে- নিয়া শৰ্মা, ছয়েইব ইব্ৰাহীম, ধীৰাজ ধুপাৰ, নিৰ্ৰা বেনাৰ্জী, শিল্পা শিৰোদকাৰ, মীৰা দেওস্থলে, ছায়ালী চালুংখে, শান্তি প্ৰিয়া, অবিনাশ মিশ্ৰ, দেৱ চন্দ্ৰিমা সিংগা ৰয় আৰু চাহাত পাণ্ডে।তদুপৰি, আন বহু চৰ্চিত অভিনেতা-অভিনেত্ৰী তথা গায়কৰ নামো ‘বিগ বছ’ৰ বাবে চৰ্চাত আছে।

উল্লেখ্য যে, বহু চৰ্চিত এই ৰিয়েলিটি শ্ব’টোৰ আঁত ধৰে বলীউডৰ ছুপাৰষ্টাৰ ছলমান খানে। প্ৰায় চাৰে তিনিমাহ ধৰি সম্প্ৰচাৰিত হ’বলগীয়া এই ৰিয়েলিটি শ্ব’টোত এনে কিছুমান ঘটনা ঘটে, যাৰ বাবে সকলো সময়তে ‘বিগ বছ’ বাতৰিৰ শিৰোনামত থাকে।

Also Read: সাৱধান হওঁক, অন্যথা হেৰুৱাব লাগিব বহুমূলীয়া জীৱন