Bigg Boss-16: ‘বিগ বছ’ত পৰিয়ালকেন্দ্ৰিক সংঘাত - উত্তাল ছ’ছিয়েল মেডিয়া

ৰাষ্ট্ৰীয় টেলিভিছনত কন্যাক অপমান কৰাত দুখ প্ৰকাশ টীনাৰ মাতৃৰ
Bigg Boss-16
Bigg Boss-16

ডিজিটেল ডেস্ক: Bigg Boss-16- দেশৰ সবাতোকৈ চৰ্চিত ৰিয়েলিটী শ্ব’ ‘বিগ বছ’য়ে সকলো সময়তে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে। ‘বিগ বছ’ৰ ভিতৰত সংঘটিত কেতবাৰ ঘটনা, ‘চেলিব্ৰেটী’ প্ৰতিযোগীসকলৰ গোপন সত্য অথবা প্ৰতিযোগীসকলৰ অনুৰাগীৰৰ কাৰ্ম-কাণ্ডৰ বাবে ‘বিগ বছ’য়ে সদায়েই দৰ্শকৰ মাজত উত্তেজনাৰ সৃষ্টি কৰি আহিছে।এইবাৰ ‘বিগ বছ’ৰ দুই প্ৰতিযোগীৰ পৰিয়ালকেন্দ্ৰিক সংঘাতত উত্তাল হৈছে ছ’ছিয়েল মেডিয়া।

এই সংঘাতৰ কেন্দ্ৰ ‘বিগ বছ’ৰ জনপ্ৰিয় প্ৰতিযোগী টীনা দত্ত আৰু ছুম্বুল তৌকিৰ খান।ঘটনাটোত জড়িত তৃতীয়জন প্ৰতিযোগী ছালীন ভানোট।প্ৰকৃততে, ছুম্বুল তৌকিৰ খানৰ পিতৃৰ এটা ফোন কলৰ পৰা এই সমগ্ৰ ঘটনাটো আৰম্ভ হয়।ছুম্বুল আৰু তেওঁৰ পিতৃৰ ফোন কলৰ কথোপকথন সম্প্ৰচাৰ হোৱাৰ পাছতে টীনা দত্তৰ অনুৰাগী আৰু পৰিয়ালবৰ্গ জাঙুৰ খায় উঠে।ছুম্বুলৰ ৰোগাক্ৰান্ত পিতৃয়ে তেওঁ জীয়ৰীৰ লগত কথা পাতিবলৈ ‘বিগ বছ’ক অনুৰোধ জনোৱাত ‘বিগ বছ’য়ে তেওঁলোকক কথা পতাৰ সুবিধা দিয়ে। কিন্তু এই সুবিধাৰ সুযোগ লৈ ছুম্বুলৰ পিতৃয়ে টীনা দত্ত আৰু ছালীন ভানোটৰ পৰা ছুম্বুলক আঁতৰি থাকিবলৈ সকীয়াই দিয়ে।তেওঁ লগতে টীনা আৰু ছালীনৰ বিৰুদ্ধে বহু অপশব্দ ব্যৱহাৰ কৰে।ৰাষ্ট্ৰীয় টেলিভিছনত টীনা -ছালীনক বহু বেয়াকৈ গালি-গালাজো কৰে ছুম্বুলৰ পিতৃয়ে।ইয়াৰ পাছতে গোটেই ঘটনাটোয়ে এক নতুন মোৰ লয়। ছুন্বুলৰ পিতৃয়ে এই সুবিধাৰ অপব্যৱহাৰ কৰাৰ বাবে ‘বিগ বছ’য়েও অনাগত দিনত ছুম্বুলক এনে আৰু সুবিধা প্ৰদান নকৰে বুলি স্পষ্ট কৰি দিয়ে। 

কিন্তু ইয়াৰ পাছতে এই ঘটনা বাহিৰৰ জগতলৈও বিয়পি পৰে।এই খণ্ডটো সম্প্ৰচাৰ হোৱাৰ পাছতে টীনা-ছালীনৰ অনুৰাগীয়ে ছুম্বুৰক চোকা ভাষাৰে সমালোচনা কৰে।আনহাতে, টীনা দত্তৰ মাতৃয়েও ছছিয়েল মেডিয়াত এক আবেগিক পষ্ট কৰি তেওঁৰ কন্যাক ৰাজহুৱাভাৱে অপমান কৰাৰ বিষয়টোত আপত্তি দৰ্শায়।তেওঁ কয়, ‘মই মোৰ দুখ ছছিয়েল মেডিয়াতে প্ৰকাশ কৰিছো।মোৰ ছোৱালীক উদ্দেশ্যি ছুম্বুল তৌকিৰ খানৰ পিতৃয়ে ৰাষ্ট্ৰীয় টেলিভিছনত কৰা অপমান একেবাৰে গ্ৰহণযোগ্য নহয়।মই তীব্ৰ ভাষাৰে ইয়াৰ বিৰোধিতা কৰিছো।’

উল্লেখ্য, ‘বিগ বছ’ত চৰ্চাত আছে ১৯বছৰীয়া অভিনেত্ৰী ছুম্বুল তৌকিৰ খানৰ একপক্ষীয় প্ৰেম।ছুম্বুল প্ৰেমত পৰিছে ৩৯ বছৰীয়া ছালীন ভানোটৰ।শ্ব’টোৰ প্ৰথমৰ পৰাই ছুম্বুলক ছালীনৰ প্ৰতি আকৃষ্ট হোৱা বিষয়টো আন প্ৰতিযোগীসকলৰ লগতে দৰ্শকৰো স্পষ্টকৈ দৃষ্টিগোচৰ হৈছিল।ইয়াৰ পাছতে ছুম্বুলৰ পিতৃ আহি ছলমান খানৰ সৈতে অভিনেত্ৰীগৰাকীৰ  লগত এই বিষয় সন্দৰ্ভত আলোচনা কৰিছিল।ছুম্বুলৰ পিতৃয়ে তেওঁক ছালীন ভানোটৰ পৰা আঁতৰি থাকিবলৈও স্পষ্টকৈ প্ৰকাশ কৰিছিল।কিন্তু প্ৰেম যে অন্ধ! পিতৃ তথা ছলমান খানৰ কথা নুশুনি এতিয়া একপ্ৰকাৰ বিপদতেই পৰিল অভিনেত্ৰীগৰাকী।এই সমগ্ৰ বিষয়টোৰ বাবে ঘৰৰ লগতে বহিৰৰ জগততো বহু বেয়াকৈ সমালোচনাৰ সন্মুখীন হৈছে ছুম্বুল।ছালীন ভনোট আৰু টীনা দত্তৰ প্ৰেমৰ মাজত ছুম্বুল প্ৰাচীৰ হৈ থিয় দিছে বুলি এতিয়া সৰ্বত্ৰে চৰ্চা চলিছে।উল্লেখ্য, দিলজীত কৌৰৰ লগত ইতিমধ্যে বিবাহ বিচ্ছেদ হোৱা ছালীন ভানোট ১০ বছৰীয়া এটি পুত্ৰ সন্তানৰ পিতৃ।

এই সমগ্ৰ বিষয়টোৰ বাবে বাহিৰৰ জগতত ছুম্বুল বেয়াকৈ সমালোচিত হোৱাত লজ্জানত ছুম্বুলৰ পিতৃয়ে ফোনযোগে ছুম্বুলক বুজনি দি ছালীন ভানোট আৰু টীনা দত্তৰ বিৰুদ্ধে বহু অভিযোগ আনে।

Bigg Boss-16
Bigg Boss 16: ‘বিগ বছ’ৰ ৰজা শিৱ থাকৰে

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in