মিছলীয়া পিতৃৰ কাণ্ড: ‘বিগ বছ’ৰ ৰোষত পৰিল ছুম্বুল

BIGG BOSS 16
BIGG BOSS 16

‘বিগ বছ’ৰ ‘চেলিব্ৰেটী’ প্ৰতিযোগীৰ পৰিয়ালকেন্দ্ৰিক সংঘৰ্ষই দিনক দিনে নতুন মোৰ লৈছে। এগৰাকী প্ৰতিযোগীৰ পৰিয়ালৰ সদস্যৰ কৰ্ম-কাণ্ডত অসন্তুষ্ট হৈ ‘বিগ বছ’য়ে এইবাৰ গ্ৰহণ কৰিলে এক গুৰুতৰ পদক্ষেপ।

গুৰুতৰভাৱে ৰোগাক্ৰান্ত বুলি মিছা কথা কৈ ছুম্বুলৰ লগত ফোনযোগে কথা পতাৰ সুযোগ লৈছিল প্ৰতিযোগীগৰাকীৰ পিতৃয়ে।কিন্তু ফোনত সকলো অলাগতীয়াল তথা শ্ব’টোৰ দুই জনপ্ৰিয় প্ৰতিযোগী ছালীন ভানোট আৰু টীনা দত্তৰ বিষয়ে অতি বেয়াকৈ কৈছিল ছুম্বুলৰ পিতৃয়ে। ‘বিগ বছ’য়ে  লগে লগে এই বিষয়ত ছুম্বুলক সকীয়নি দিছিল যদিও বিগ বছৰ বাকী সদস্য এই বিষয়ে জ্ঞাত নাছিল।এই সমগ্ৰ বিষয়টোক লৈ ছছিয়েল মেডিয়া উত্তাল হোৱাৰ লগতে ছুম্বুলৰ পিতৃৰ বিৰুদ্ধে ছালীন আৰু টীনাৰ পৰিয়াল ক্ষুব্ধ হৈ পৰে।

সমগ্ৰ বিষয়টোয়ে বেলেগ ফালে গতি লোৱাত ‘বিগ বছ’য়ে এই বিষয় সম্পৰ্কে ঘৰৰ সদস্যসকলকো অৱগত কৰে।বিগ বছে উল্লেখ কৰা মতে, ‘পিতৃ ৰোগাক্ৰান্ত বুলি কোৱাত মানৱতাৰ খাতিৰত এই ফোনৰ সংযোগ কৰা হৈছিল। কিন্তু ছুম্বুলৰ পিতৃয়ে ইয়াৰ সুযোগ লৈ নিজ কন্যাক বাহিৰৰ জগতৰ সকলো কথাই অৱগত কৰিলে, যি বিগ বছৰ নিয়মৰ একেবাৰে বাহিৰৰ কথা।

‘বিগ বছ’ য়ে সকলো প্ৰতিযোগীক সমান গুৰুত্ব দিয়ে।সেয়ে মিছা কথাৰ আশ্ৰয় লৈ কৰা ছুম্বুল আৰু তেওঁৰ পিতৃৰ কথোপকথন ঘৰৰ সকলো সদস্যৰে শুনাৰ অধিকাৰ আছে।’ ইয়াৰ পাছতে স্বাভাৱিকভাৱেই ক্ষোভত ফাটি পৰে ছালীন আৰু টীনা। নিজ কন্যাক ছম্ভালিব নোৱাৰি তেওঁলোক দুয়োকে ৰাষ্ট্ৰীয় টেলিভিছনত দুৰ্ব্যৱহাৰ কৰিছে বুলি ছুম্বুলৰ পিতৃক উদ্দেশ্যি ক্ষোভ উজাৰে ছালীন-টীনায়ে।

উল্লেখ্য, কেইদিনমান পূৰ্বে এই ঘটনাৰ সূত্ৰপাত হয়। ছুম্বুল আৰু পিতৃৰ কথোপকথনৰ খণ্ডটো সম্প্ৰচাৰ হোৱাৰ পাছতে টীনা-ছালীনৰ অনুৰাগীয়ে ছুম্বুৰক চোকা ভাষাৰে সমালোচনা কৰে।আনহাতে, টীনা দত্তৰ মাতৃয়েও ছ’ছিয়েল মেডিয়াত এক আৱেগিক প’ষ্ট কৰি তেওঁৰ কন্যাক ৰাজহুৱাভাৱে অপমান কৰাৰ বিষয়টোত আপত্তি দৰ্শায়।তেওঁ কয়, ‘মই মোৰ দুখ ছ’ছিয়েল মেডিয়াতে প্ৰকাশ কৰিছো।মোৰ ছোৱালীক উদ্দেশ্যি ছুম্বুল তৌকিৰ খানৰ পিতৃয়ে ৰাষ্ট্ৰীয় টেলিভিছনত কৰা অপমান একেবাৰে গ্ৰহণযোগ্য নহয়।মই তীব্ৰ ভাষাৰে ইয়াৰ বিৰোধিতা কৰিছো।

উল্লেখ্য, ‘বিগ বছ’ত চৰ্চাত আছে ১৯বছৰীয়া অভিনেত্ৰী ছুম্বুল তৌকিৰ খানৰ একপক্ষীয় প্ৰেম।ছুম্বুল প্ৰেমত পৰিছে ৩৯ বছৰীয়া ছালীন ভানোটৰ।শ্ব’টোৰ প্ৰথমৰ পৰাই ছুম্বুলক ছালীনৰ প্ৰতি আকৃষ্ট হোৱা বিষয়টো আন প্ৰতিযোগীসকলৰ লগতে দৰ্শকৰো স্পষ্টকৈ দৃষ্টিগোচৰ হৈছিল।

ইয়াৰ পাছতে ছুম্বুলৰ পিতৃ আহি ছলমান খানৰ সৈতে অভিনেত্ৰীগৰাকীৰ  লগত এই বিষয় সন্দৰ্ভত আলোচনা কৰিছিল।ছুম্বুলৰ পিতৃয়ে তেওঁক ছালীন ভানোটৰ পৰা আঁতৰি থাকিবলৈও স্পষ্টকৈ প্ৰকাশ কৰিছিল।কিন্তু প্ৰেম যে অন্ধ! পিতৃ তথা ছলমান খানৰ কথা নুশুনি এতিয়া একপ্ৰকাৰ বিপদতেই পৰিল অভিনেত্ৰীগৰাকী।এই সমগ্ৰ বিষয়টোৰ বাবে ঘৰৰ লগতে বহিৰৰ জগততো বহু বেয়াকৈ সমালোচনাৰ সন্মুখীন হৈছে ছুম্বুল।ছালীন ভনোট আৰু টীনা দত্তৰ প্ৰেমৰ মাজত ছুম্বুল প্ৰাচীৰ হৈ থিয় দিছে বুলি এতিয়া সৰ্বত্ৰে চৰ্চা চলিছে।উল্লেখ্য, দিলজীত কৌৰৰ লগত ইতিমধ্যে বিবাহ বিচ্ছেদ হোৱা ছালীন ভানোট ১০ বছৰীয়া এটি পুত্ৰ সন্তানৰ পিতৃ।

BIGG BOSS 16
Bigg Boss-16: ‘বিগ বছ’ত পৰিয়ালকেন্দ্ৰিক সংঘাত - উত্তাল ছ’ছিয়েল মেডিয়া

এই সমগ্ৰ বিষয়টোৰ বাবে বাহিৰৰ জগতত ছুম্বুল বেয়াকৈ সমালোচিত হোৱাত লজ্জানত ছুম্বুলৰ পিতৃয়ে ফোনযোগে ছুম্বুলক বুজনি দি ছালীন ভানোট আৰু টীনা দত্তৰ বিৰুদ্ধে বহু অভিযোগ আনে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in