১৯ জুলাইত ছবিগৃহত 'বিদুৰভাই': ট্ৰেইলাৰ মুহিছে দৰ্শকক...

১৯ জুলাইত ছবিগৃহত 'বিদুৰভাই': ট্ৰেইলাৰ মুহিছে দৰ্শকক...

author-image
Asomiya Pratidin
New Update
১৯ জুলাইত ছবিগৃহত 'বিদুৰভাই': ট্ৰেইলাৰ  মুহিছে দৰ্শকক...

১৯ জুলাইত ছবিগৃহত 'বিদুৰভাই': ট্ৰেইলাৰ মুহিছে দৰ্শকক...

ডিজিটেল সংবাদ গোলাঘাটঃ অহা ১৯ জুলাইত ছবি গৃহলৈ আহিব হাস্য মধুৰ অসমীয়া বোলছবি "বিদুৰভাই"। মুক্তিলাভ কৰা পূৰ্বে যোৱা ১ জূলাইত "বিদুৰভাই"ৰ ট্ৰেইলৰ মুকলি হোৱাৰ লগে লগে দৰ্শকৰ মাজত ব্যাপক জনপ্ৰিয়তা লাভ কৰা দেখা গৈছে।

Advertisment

অন্যহাতে অহা ১৯ জুলাইত অসমৰ প্ৰায়সমূহ ছবি গৃহলৈ আহিবলগীয়া বিদুৰভাইক লৈ যথেষ্ট আশাবাদী দৰ্শক। ৰ'টষ্টক এন্টাৰটেন্টমেন্টৰ বেনাৰত আৰু অৰ্নৱ হাজৰিকাৰ প্ৰযোজনাত নিৰ্মাণ কৰিছে এই হাস্যমধুৰ অসমীয়া বোলছবি "বিদুৰভাই"।

ছবিখনৰ পৰিচালনা কৰিছে অসমীয়া চুপাৰহিট বোলছবি 'শ্ৰীৰঘুপতি'ৰ সফল পৰিচালক তথা এই বোলছবিৰ বাবে শ্ৰেষ্ঠ পৰিচালকৰ প্ৰাগ চিনে এৱাৰ্ড-২০২৪ আৰু নিপন গোস্বামী এৱাৰ্ড-২০২৪ লাভ কৰা সুব্ৰত কাকতিয়ে। ৱেবছিৰিজ হিচাপে প্ৰথমে মুক্তি পোৱা 'বিদুৰভাই'য়ে যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছিল।

সেই বিদুৰভাইকে এইবাৰ ডাঙৰ পৰ্দাত দেখা পাব দৰ্শকে। এই বোলছবিখনৰ অভিনয়ত আছে বিউটি বাইলুঙ হিচাপে পৰিচিত চুমকি কছাৰী, পংকজ মহন্ত, অসীম শৰ্মা, নিতু খনিকৰ, বলীন বৰা, ত্ৰৈলোক্য বৰুৱা, উজ্জল ৰাজখোৱা, ৰাজীৱ দেউৰী, হীৰক জ্যোতি বৰদলৈ, স্নিগ্ধা ফুকন, শৰ্মিষ্ঠা দাস, উদ্দীপনা বৰা, আচিফ জাভেদ, দীপমনি খাটনীয়াৰ, ধ্ৰুৱ কটকী, তনভীৰ জেহীৰ, পাৰ্থজ্যোতি শৰ্মা আদিয়ে।

বোলছবিখনৰ কাহিনী সুব্ৰত কাকতি আৰু জ্যোতিষ্মান চেতিয়াৰ। চিত্ৰনাট্য আৰু সংলাপ সুব্ৰত কাকতিৰ। সহযোগী পৰিচালক হিচাপে আছে হেমন্ত গগৈ আৰু জ্যোতিষ্মান চেতিয়া। সংগীত পৰিচালকৰ দায়িত্বত প্ৰণয় দত্ত, চিত্ৰগ্ৰহণৰ দায়িত্বত বিতুল দাস, সহযোগী চিনেমেট'গ্ৰাফাৰ হিচাপে উত্তম কলিতাই দায়িত্ব পালন কৰাৰ লগতে ৰূপসজ্জাৰ কাম কৰিছে বিজিয়েতা পাটগিৰিয়ে আৰু সাজসজ্জা জুৰি কলিতাৰ।

Also Read: বঢ়মপুৰত উপজিলাৰ সদৰ কাৰ্যালয় স্থাপনৰ দাবীৰে স্মাৰকপত্ৰ প্ৰেৰণ...

অসমীয়া চিনেমা বিদুৰভাই