বঢ়মপুৰত উপজিলাৰ সদৰ কাৰ্যালয় স্থাপনৰ দাবীৰে স্মাৰকপত্ৰ প্ৰেৰণ...
বঢ়মপুৰত উপজিলাৰ সদৰ কাৰ্যালয় স্থাপনৰ দাবীৰে স্মাৰকপত্ৰ প্ৰেৰণ...

বঢ়মপুৰত উপজিলাৰ সদৰ কাৰ্যালয় স্থাপনৰ দাবীৰে স্মাৰকপত্ৰ প্ৰেৰণ...

বৰবাৰী নাগৰিক সভাই ৰাজ্যপাল, মুখ্যমন্ত্ৰী,মুখ্য সচিবলৈ প্ৰেৰণ কৰিলে স্মাৰক পত্ৰ
Published on

ডিজিটেল সংবাদ বঢ়মপুৰ: নগাঁও জিলাৰ বঢ়মপুৰ বিধানসভা সমষ্টিৰ উপজিলাৰ সদৰ কাৰ্যালয় সমষ্টিটোৰ মধ্যস্থল বঢ়মপুৰত স্থাপন কৰিবৰ বাবে পুৰণিগুদাম, চামগুৰি, বঢ়মপুৰ, বামুণী, ননৈ নাগৰিক সভাই চৰকাৰক দাবী জনাই অহাৰ লগতে জনমতো গঠন কৰিছে। একে দাবীৰ ভিত্তিত আজি বৰবাৰী নাগৰিক সভাই নগাঁও জিলা আয়ুক্তৰ জৰিয়তে ৰাজ্যপাল, মুখ্যমন্ত্ৰী,মুখ্য সচিবলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

উল্লেখ্য যে, সমষ্টিটোৰ উপজিলাৰ সদৰ কাৰ্যালয় কামপুৰত স্থাপন কৰাৰ বিষয়ে প্ৰস্তুতি চলাৰ কথা গম পোৱাৰ পিছতে বঢ়মপুৰৰ কেবাখনো নাগৰিক সভাই ইয়াৰ বিৰোধিতা কৰি বঢ়মপুৰত সদৰ কাৰ্যালয় স্থাপন কৰাৰ দাবী জনাই আহিছে। ইয়াৰ অংশ হিচাপে আজি বৰবাৰী নাগৰিক সভাৰ সভাপতি যোগেন বসুমতাৰী, সাধাৰণ সম্পাদক পংকজ গগৈ, উপদেষ্টা দিলীপ কলিতা, সহকাৰী সম্পাদক বিশ্বভূষণ বসুমতাৰী আৰু ইন্দ্ৰেশ্বৰ দৈমাৰীৰ নেতৃত্বত যোৱা এটা প্ৰতিনিধি দলে জিলা আয়ুক্তক সাক্ষাৎ কৰি বঢ়মপুৰত উপজিলাৰ সদৰ কাৰ্যালয় স্থাপন কৰাৰ দাবীত এই স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

বঢ়মপুৰ সমষ্টিৰ উপজিলাৰ সদৰ কাৰ্যালয় কামপুৰত স্থাপন কৰিলে পুৰণা শালনাৰ পৰা আৰম্ভ কৰি উদমাৰী,কঠালগুৰি,চাপানালা,বালিজুৰি, বৰবাৰী, ভৰাগুৰি আদি পাহাৰৰ দাঁতিকাষৰীয়া কৃষিজীৱী ৰাইজ বহু অসুবিধাৰ সন্মুখীন হ'ব বুলি স্মাৰক পত্ৰত উল্লেখ কৰিছে। সেয়ে বৰবাৰী নাগৰিক সভাই সমষ্টিটোৰ মধ্যস্থল বঢ়মপুৰত উপজিলাৰ সদৰ কাৰ্যালয় স্থাপন কৰিবলৈ দাবী জনায়।

বঢ়মপুৰত উপজিলাৰ সদৰ কাৰ্যালয় স্থাপনৰ দাবীৰে স্মাৰকপত্ৰ প্ৰেৰণ...
ধেমাজিত বানাক্ৰান্ত কৃষকৰ বাবে সমূহীয়া কঠিয়াতলী প্ৰস্তুত...
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in