‘ভেড়িয়া’ত অসমৰ বাহাৰুল ইছলাম

ছবিখনৰ ৭০ শতাংশ শিল্পী অৰুণাচল প্ৰদেশৰ
‘ভেড়িয়া’ত অসমৰ বাহাৰুল ইছলাম

ডিজিটেল ডেস্ক: আজি মুক্তি পালে বৰুণ ধাৱনৰ চৰ্চিত ছবি ভেড়িয়া’। ছবি প্ৰেমীসকললৈ নিশ্চয় এয়া এক ভাল খবৰ।অসমবাসীৰ বাবেও কিন্তু এইটো এক বিশেষ খবৰ।হয়, বলীউডৰ এই ছবিখনত এক ব্যতিক্ৰমী চৰিত্ৰত অভিনয় কৰিছে অসমৰ বিশিষ্ট অভিনেতা বাহাৰুল ইছলামে।ছবিখনৰ দৃশ্যগ্ৰহণ হৈছে উত্তৰ-পূৱৰ মনোমোহা তথা অসমৰ কাষৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত। 'ভেড়িয়া’’ৰ ৭০ শতাংশ শিল্পীয়েই অৰুণাচল প্ৰদেশৰ।

ভৌতিকধৰ্মী এই কমেডী ছবিখনত বৰুণ ধাৱন, বাহাৰুল ইছলামৰ লগতে অভিনয় কৰিছে কৃতি ছেনন, দীপক দব্ৰিয়াল,অভিষেক বেনাৰ্জী,শ্ৰদ্ধা কাপুৰ,ছৰদ কেলকাৰ আদিৰ লগতে  বহু ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে। ভেড়িয়া’’ৰ পৰিচালনা অমৰ কৌশিকৰ।নীৰেণ ভট্টৰ কাহিনীৰ এই ছবিখনৰ প্ৰযোজনা দীনেশ ভিজনৰ।ছবিখনৰ সংগীত শচীন-জিগৰৰ।ইতিমধ্যেই জনপ্ৰিয় হোৱা ছবিখনৰ গীতসমূহত কণ্ঠদান কৰিছে সুখবিন্দৰ সিং,বিশাল দাদলানী,অৰিজিত সিং,এইছ কিং, অমিতাভ ভট্টাচাৰ্য্য, ৰছমিত কৌৰ আৰু শচীনে।১৫৬ মিনিট দৈৰ্ঘ্যৰ এই ছবিখনৰ বাজেট ৬০ কোটি টকাৰ।ছবিখনৰ ট্ৰেইলাৰে ইতিমধ্যেই দৰ্শকক আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে।

ছবিখনত বিশেষ দুটি চৰিত্ৰত অভিনয় কৰিছে ৰাজকুমাৰ ৰাও আৰু শ্ৰদ্ধা কাপুৰে। 

'ভেড়িয়া’ত বাহাৰুল ইছলামে এজন বন বিষয়াৰ চৰিত্ৰত অভিনয় কৰিছে। চৰিত্ৰটোৰ নাম মিষ্টাৰ নেৰী।ছবিখনত কৰা অভিনয়ৰ অভিজ্ঞতা সন্দৰ্ভত বাহাৰুল ইছলামে কয়, ‘ছবিখনত অভিনয় কৰি বহুত সুখী।বলীউডৰ অভিনেতা-অভিনেত্ৰীৰ পৰা আমাৰ শিকিবলগীয়া বহুত আছে।তেওঁলোক অত্যন্ত পেছাদাৰী আৰু সময়ৰ প্ৰতি খুবেই সচেতন।ছবিখনে বক্স অফিচত ভাল ফল দেখুৱাব বুলি মই আশাবাদী।’

‘ভেড়িয়া’ত অসমৰ বাহাৰুল ইছলাম
২ ডিচেম্বৰত ছবিগৃহলৈ ‘দ্য ছেভেন্থ ষ্ট্ৰিং’

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in