আপুনিও অনুৰাগ, এলভিছ, তেহেলকাৰ অনুৰাগী নেকি ?

২০২৩ বৰ্ষই মেলানি মাগিলে আৰু আৰম্ভ হ’ল এটা নতুন বৰ্ষ।বিগত বছৰটোয়ে বহুতক বহুত দিলে। বিশেষকৈ যোৱা বছৰটোত কেইজনমান ইউটিউবাৰে অভাৱনীয় সফলতা লাভ কৰিলে।তেওঁলোকে ইউটিউবৰ সমান্তৰালকৈ ৰিয়েলিটি শ্ব', ছ'চিয়েল মিডিয়াত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰে।

author-image
Asomiya Pratidin
New Update
আপুনিও অনুৰাগ, এলভিছ, তেহেলকাৰ অনুৰাগী নেকি ?

ডিজিটেল ডেস্ক: ২০২৩ বৰ্ষই মেলানি মাগিলে আৰু আৰম্ভ হ’ল এটা নতুন বৰ্ষ।বিগত বছৰটোয়ে বহুতক বহুত দিলে। বিশেষকৈ যোৱা বছৰটোত কেইজনমান ইউটিউবাৰে অভাৱনীয় সফলতা লাভ কৰিলে।তেওঁলোকে ইউটিউবৰ সমান্তৰালকৈ ৰিয়েলিটি শ্ব', ছ'চিয়েল মিডিয়াত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰে। ২০২৩ চনত ইণ্টাৰনেটত বলীউডী ছুপাৰষ্টাৰৰ দৰেই চৰ্চাত থকা এই ইউটিউবাৰ কেইজনৰ বিষয়ে জানো আহক- 

Advertisment

অনুৰাগ দোবাল 

অনুৰাগ দোবালৰ সম্প্ৰতি টেলিভিছনৰ সবাতোকৈ চৰ্চিত ৰিয়েলিটী শ্ব’ ‘বিগ বছ ১৭’ৰ অন্যতম চৰ্চিত প্ৰতিযোগী। অৱশ্যে তেওঁ শেহতীয়াকৈ এই শ্ব'টোৰ পৰা বাহিৰ হৈছে। অনুৰাগে তেওঁৰ কথাৰে ‘বিগ বছ’ৰ দৰ্শকসকলক প্ৰভাৱিত কৰিছে। অগনন দৰ্শকে তেওঁক সামাজিক মাধ্যমত সমৰ্থন কৰা দেখা গৈছে।

এলভিছ যাদৱ 

এই তালিকাৰ দ্বিতীয় নামটো হৈছে এলভিছ যাদৱ। এলভিছ যাদৱ ‘বিগ বছ অটিটি ২’ৰ বিজয়ী।টি ভি তাৰকাসকলেও ইউটিউবাৰ এলভিছৰ জনপ্ৰিয়তা দেখি এক প্ৰকাৰ আচৰিত হৈ পৰিছে। এলভিছৰ সামাজিক মাধ্যমতো  অগনন অনুৰাগী আছে।

মনীষা ৰাণী 

‘বিগ বছ অ'টিটি ২’ৰ অনুৰাগীসকলক মনোৰঞ্জন দিয়া মনীষা ৰাণীও আজিকালি শিৰোনামত আছে। তেওঁ ‘বিগ বছ অ'টিটি ২’ৰ পৰা যথেষ্ট জনপ্ৰিয় হৈ পৰিছে।অগনন অনুৰাগীয়ে তেওঁক যথেষ্ট সমৰ্থন কৰা দেখা গৈছে। 

অৰমান মালিক 

ইউটিউবাৰ অৰমান মালিকও তেওঁৰ বিবাহিত জীৱনৰ বাবে এই বছৰটোত শিৰোনামত থাকে। তেওঁৰ লগতে তেওঁৰ দুগৰাকী পত্নীয়েও সমানেই চৰ্চা লাভ কৰে।

ছানী আৰ্য

‘বিগ বছ ১৭’ত অংশ গ্ৰহণ কৰি অনুৰাগীসকলৰ হৃদয় জয় কৰা ছানী আৰ্য ওৰফে ‘তেহেলকা ভাই’ও এই বছৰ অনুৰাগীসকলৰ মাজত চৰ্চাৰ বিষয় হৈ আছে। অনুৰাগীসকলে তেওঁক পছন্দ কৰিছিল যদিও ‘বিগ বছ’ৰ নিয়মৰ বাহিৰৰ কাৰ্যত লিপ্ত হোৱাৰ বাবে তেওঁ এই ছিজনৰ পৰা বাহিৰ হ’বলগীয়া হৈছিল।

Also Read: পত্নী সন্দৰ্ভত মুখ খুলিছে বিকি কৌশলে, আচৰিত অনুৰাগী