/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/96a90a69-9423-4968-a4ff-08bc9a88e2e6/a37c974b_330b_4579_8c73_c6242e520aa6.jpg)
ডিজিটেল সংবাদ,নগাঁও : সদ্যঘোষিত চিবিএচি ৰ ফলাফলত ৯০% তকৈ অধিক নম্বৰ লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হৈ সন্দিপনী বিদ্যামন্দিৰলৈ গৌৰৱ কঢ়িয়াই অনা কেইবাগৰাকীও কৃতি শিক্ষাৰ্থীক শনিবাৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। সম্বৰ্ধনা অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা।
বিদ্যালয় কৰ্তৃপক্ষই আয়োজন কৰা অনুষ্ঠানত কৃতি শিক্ষাৰ্থীসকলৰ অভিভাৱকৰ উপৰিও বিদ্যালয়ৰ আন ছাত্ৰ-ছাত্ৰীসকলো উপস্থিত থাকে। বিধায়ক ৰূপক শৰ্মাই কৃতি শিক্ষাৰ্থীসকলক অনাগত দিনৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।
বিদ্যালয়ৰ প্ৰধান শিক্ষকগৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলক শ্ৰেণী পাঠ্যক্ৰমৰ সমান্তৰালকৈ গল্প, কবিতা, উপন্যাস ইত্যাদিতো মনোনিৱেশ কৰিবৰ বাবে প্ৰেৰণা যোগায়। উল্লেখ্য যে দশম আৰু দ্বাদশ শ্ৰেণীৰ চূড়ান্ত পৰীক্ষাত সৰ্বাধিক নম্বৰ লাভেৰে বিদ্যালয়ৰ ভিতৰত শ্ৰেষ্ঠ স্থান লাভ কৰা দুগৰাকী শিক্ষাৰ্থী ক্ৰমে অলকানন্দা দেউৰী আৰু পৰিস্মিতা মেধিক যুক্তি নাথ খাউণ্ড সোঁৱৰণী বঁটা প্ৰদান কৰা হয়।
ছাত্ৰ-ছাত্ৰীসকলৰ এনে সফলতাত বিদ্যালয় কৰ্তৃপক্ষৰ লগতে অভিভাৱক সকলো উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হয়।
Also Read: হাওৰাঘাট তিনিআলিত গুৰুদেৱ শ্ৰীমৎ প্ৰেমানন্দ ব্ৰহ্মচাৰী বাবাৰ তিৰোভাৱ তিথিৰ সামৰণি