মুক্তিৰ পথত কৰণ জোহৰৰ নতুন ছবি

মুক্তিৰ পথত কৰণ জোহৰৰ নতুন ছবি

ডিজিটেল ডেস্ক: অতি শীঘ্ৰে দৰ্শকে বিগ স্ক্ৰীণত পুনৰ দেখা ‘গলি বয়’ৰ সফল যুটি ৰণবীৰ সিং আৰু আলিয়া ভাটক। হয়, ‘ৰকী অউৰ ৰাণী কি প্ৰেম কাহানী’ নামৰ ছবিখনত দৰ্শকে এই যুটিটোক এক নতুন ৰূপত দেখিবলৈ পাব। এই ছবিখনৰ পৰিচালনা কৰণ জোহৰৰ।

বহুচৰ্চিত এই ছবিখনৰ মুক্তিৰ তাৰিখক লৈ বৰ্তমানলৈ বহু খেলিমেলি হৈছিল যদিও শেহতীয়াকৈ ছবিখনৰ মুক্তিৰ তাৰিখ নিশ্চিত কৰা হৈছে।চলিত বৰ্ষৰ ২৮ জুলাইত সমগ্ৰ দেশজুৰি ছবিখনে মুক্তি লাভ কৰিব। এই খবৰৰ পাছতে স্বাভাৱিকভাৱেই অনুৰাগীৰ মাজত এতিয়া উত্তেজনা দুগুণে বৃদ্ধি কৰিছে।

‘ৰকী অউৰ ৰাণী কি প্ৰেম কাহানী’ কৰণ জোহৰৰ ধৰ্মা প্ৰডাকচনৰ বেনাৰত নিৰ্মাণ কৰা হৈছে। এই ৰোমাণ্টিক কমেডী ছবিখনত ৰণবীৰ, আলিয়াৰ লগতে মূখ্য চৰিত্ৰত অভিনয় কৰিছে ধৰ্মেন্দ্ৰ, জয়া বচ্চন আৰু শ্বাবানা আজমীয়ে।ছবিখনৰ সংগীত পৰিচালনাৰ দায়িত্বত আছে প্ৰীতম চক্ৰৱৰ্তী। চিত্ৰনাট্য শশাংক খৈতান, ঈশিতা মৈত্ৰা আৰু সুমিত ৰয়ৰ।

উল্লেখ্য, কৰণ জোহৰৰ আন এখন ছবি ‘টখট’ও সম্প্ৰতি মুক্তিৰ পথত। মোগল যুগৰ ওপৰত  আধাৰিত ‘পিৰিয়ড ড্ৰামা’ ‘টখট’ত অভিনয় কৰিছে ৰণবীৰ সিং, কৰীণা কাপুৰ, বিকি কৌশল, ভূমি পেডনেকাৰ, জাহ্নৱী কাপুৰ, অনিল কাপুৰকে ধৰি বহু ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে। সুমিত ৰয়ৰ চিত্ৰনাট্য, হুছেইন হাইদ্ৰীৰ সংলাপ আৰু এ আৰ ৰহমানে সংগীতৰে সজোৱা এই ছবিখন চলিত বৰ্ষৰে শেষৰফালে ছবিগৃহলৈ আহিব।

মুক্তিৰ পথত কৰণ জোহৰৰ নতুন ছবি
কৰণ জোহৰৰ পাৰ্টীত পুনৰ একেলগে দেখা গ’ল অনন্যা-আদিত্যক 

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in