অৱশেষত বিবাহৰ অৰ্থ বুজি পালে অভিনেত্ৰী অভিকাই

অভিকা গৰ। নামেই যাৰ পৰিচয়। খুব কম বয়সৰ পৰাই টেলিভিছনৰ পৰ্দাত এক প্ৰকাৰ ৰাজত্ব কৰা অভিকা ‘বালিকা বধু’ নামৰ ধাৰাবাহিকখনৰ জৰিয়তে দৰ্শকৰ মনত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে।অভিকা সম্প্ৰতি তেওঁৰ ৱেব ছিৰিজ ‘বধুভু’ বাবে চৰ্চাৰ শীৰ্ষত আছে। এই ৱেব ছিৰিজৰ প্ৰচাৰ অনুষ্ঠানত অভিকাই কৰা এক বিশেষ মন্তব্যৰ বাবেও অভিনেত্ৰীগৰাকী এতিয়া অনুৰাগীৰ মাজত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।

author-image
Asomiya Pratidin
New Update
অৱশেষত বিবাহৰ অৰ্থ বুজি পালে অভিনেত্ৰী অভিকাই

ডিজিটেল ডেস্ক: অভিকা গৰ। নামেই যাৰ পৰিচয়। খুব কম বয়সৰ পৰাই টেলিভিছনৰ পৰ্দাত এক প্ৰকাৰ ৰাজত্ব কৰা অভিকা ‘বালিকা বধু’ নামৰ ধাৰাবাহিকখনৰ জৰিয়তে দৰ্শকৰ মনত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে।অভিকা সম্প্রতি তেওঁৰ ৱেব ছিৰিজ 'বধুভু' বাবে চৰ্চাৰ শীৰ্ষত আছে। এই ৱেব ছিৰিজৰ প্ৰচাৰ অনুষ্ঠানত অভিকাই কৰা এটা বিশেষ মন্তব্যৰ বাবেও অভিনেত্ৰীগৰাকী এতিয়া অনুৰাগীৰ মাজত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।

Advertisment

হয়, এক প্ৰচাৰ অনুষ্ঠানত অভিকাই প্ৰকাশ কৰে, ‘মই বৰ্তমানলৈ ২০ বাৰ বিবাহপাশত আবদ্ধ হৈছো। অৱশ্যে সেয়া সকলো ‘অন স্ক্ৰীণ’তহে।কিন্তু এনেদৰে বিয়াত বহি মই বিয়াৰ প্ৰকৃত অৰ্থ বুজিবলৈ সক্ষম হৈছো।ইমান কম বয়সত অভিনয়ৰ সৈতে জড়িত হৈ মই মোৰ ব্যক্তিগত জীৱনৰ বহু সময় হেৰুৱাইছিলো ঠিকেই, কিন্তু প্ৰতিদিনেই মই জীৱনৰ ন-ন পাঠ শিকিবলৈ সক্ষম হৈছিলো।’

অভিকাৰ এই মন্তব্যৰ পাছতেই স্বাভাৱিকভাৱেই অনুৰাগীসকলে ছ’চিয়েল মেডিয়াৰ জৰিয়তে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। অনুৰাগীসকলে অভিকাৰ অভিনয় শৈলী তথা তেওঁৰ বাস্তৱিকতাক স্বীকাৰ কৰাৰ মানসিকতাক একেমুখে শলাগ লৈছে। উল্লেখ্য যে, বধুভু কালিৰে পৰা ডিজনী + হটষ্টাৰত প্ৰদৰ্শিত হৈছে।

Also Read: ‘বুন টিক্কি’ৰ জৰিয়তে পৰ্দালৈ উভতিবলৈ সাজু দুই প্ৰখ্যাত অভিনেত্ৰী