অপেক্ষাৰ অন্ত : ২৩ জানুৱাৰীত কে এল ৰাহুল-আথিয়াৰ বিয়া

ক্ৰিকেটাৰৰ সৈতে গঢ়ি উঠা সম্পৰ্কৰ বাবে প্ৰায়েই চৰ্চাৰ শীৰ্ষত থাকে বলীউডৰ সুন্দৰী।শেহতীয়াকৈ এনে এক সম্পৰ্কৰ বাবেই চৰ্চাত আছে ছুপাৰষ্টাৰ সুনীল ছেট্টীৰ কন্যা অভিনেত্ৰী আথিয়া ছেট্টী আৰু ক্ৰিকেটাৰ কে এল ৰাহুল।

author-image
Asomiya Pratidin
New Update
অপেক্ষাৰ অন্ত : ২৩ জানুৱাৰীত কে এল ৰাহুল-আথিয়াৰ বিয়া

ডিজিটেল ডেস্ক: ক্ৰিকেটাৰৰ সৈতে গঢ়ি উঠা সম্পৰ্কৰ বাবে প্ৰায়েই চৰ্চাৰ শীৰ্ষত থাকে বলীউডৰ সুন্দৰী।শেহতীয়াকৈ এনে এক সম্পৰ্কৰ বাবেই চৰ্চাত আছে ছুপাৰষ্টাৰ সুনীল ছেট্টীৰ কন্যা অভিনেত্ৰী আথিয়া ছেট্টী আৰু ক্ৰিকেটাৰ কে এল ৰাহুল।বহু বছৰ ধৰি চলি অহা তেওঁলোকৰ প্ৰেমৰ সম্পৰ্কই এতিয়া লাভ কৰিব এক নতুন নাম।হয়, প্ৰেমত মছগুল এই যুটীটোৰ বিয়াৰ দিন ধাৰ্য্য কৰা হৈছে। ২৩ জানুৱাৰীত সম্পন্ন হব কে এল ৰাহুল আৰু আথিয়া ছেট্টীৰ বিয়া।বহু অপেক্ষাৰ অন্তত অৱশেষত দুয়োগৰাকীৰ পৰিয়ালে এই বিষয়ে ৰাজহুৱা কৰিছে।  

Advertisment

Also Read: গৰ্ভৱতী ৰাখী ছাৱন্ত ! 'ৰাখী ছাৱন্ত ফাতিমা' হ’ল ৰাখীৰ নতুন নাম

সুনীল ছেট্টীৰ খাণ্ডালাৰ বাংলোত বিয়াৰ কাৰ্যসূচী অনুষ্ঠিত হ’ব। পৰিয়ালে লগতে জনোৱা মতে,  ২১ ৰ পৰা ২৩ জানুৱাৰীলৈ তিনিদিনীয়া কাৰ্যসূচীৰে ৰাহুল আৰু আথিয়াৰ বিবাহৰ কাৰ্যসূচী অনুষ্ঠিত হ’ব।এই হাই প্ৰফাইল বিয়াখনৰ অতিথিৰ তালিকা সাজু হৈ উঠিছে।কিছু অতিথিলৈ বিয়াৰ নিমন্ত্ৰণী পত্ৰ ইতিমধ্যে প্ৰেৰণো কৰা হৈছে। এই বিবাহৰ অতিথিৰ তালিকাত অমিতাভ বচ্ছন, শ্বাহৰুখ খান, ছলমান খান, বিৰাট কোহলিকে ধৰি বহু নামী দামী তাৰকাৰ নাম অন্তৰ্ভূক্ত আছে।

Also Read: Mahashivratri 2023: ১৮ নে ১৯ ফ্ৰেব্ৰুৱাৰী? তাৰিখ, পূজাৰ সময় জানি লৈ আপুনিও সাজু হওঁক

উল্লেখ্য, বলীউডী আৰু ক্ৰিকেট তাৰকাৰ যুটীত ইতিমধ্যে সফল হৈছে শৰ্মিলা টেগৰ(ঠাকুৰ)-নবাব আলী খান পাটাউডী,ৰীণা ৰয়-মহছিদ খান, সংগীতা বিজলানী-মহম্মদ আজহাৰউদ্দিন, গীতা বাছৰা-হৰভজন সিং, হাজেল কীছ-যুৱৰাজ সিং, সাগৰিকা ঘাটগে-জাহিৰ খান তথা বিৰাট কোহলী আৰু অনষ্কা শৰ্মাৰ বহুচৰ্চিত যুটী।

bollywood cricket bollywood actress bollywood movie