আগন্তুক বৰ্ষৰ প্ৰথমতেই ৰাজ্যজুৰি মুক্তি লাভ কৰিব ‘সত্য, দ্য ট্ৰুথ’

আগন্তুক বৰ্ষৰ প্ৰথমতেই ৰাজ্যজুৰি মুক্তি লাভ কৰিব ‘সত্য, দ্য ট্ৰুথ’

ডিজিটেল ডেস্ক: সমগ্ৰ দেশৰ লগতে বিদেশতো শেহতীয়াকৈ সমাদৃত হৈছে এখন অসমীয়া ছবি।ছবিখনৰ নাম ‘সত্য, দ্য ট্ৰুথ’।আমাৰ সমাজত নিষিদ্ধ বুলি গণ্য কৰা সমকামী সম্পৰ্কক মূল বিষয় হিচাপে লৈ ‘সত্য, দ্য ট্ৰুথ’ নিৰ্মাণ কৰা হৈছে।চিটি প্ৰডাকছনৰ বেনাৰত নিৰ্মিত এই ছবিখন পৰিচালনা ৰূপজ্যোতি বৰঠাকুৰ (বাবা)ৰ।প্ৰযোজনা কৰিছে তিলোত্তমা তালুকদাৰে।

শেহতীয়াকৈ মুম্বাইত অনুষ্ঠিত ১১ সংখ্যক ভাৰতীয় চিনে চলচ্চিত্ৰ মহোৎসৱত এই ছবিখনে জুৰিৰ বিশেষ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।তদুপৰি, মুম্বাই আন্ত:ৰাষ্ট্ৰীয় কুইৰ চলচ্চিত্ৰ মহোৎসৱ ‘কছিছ’ত এই ছবিখনৰ ৱৰ্ল্ড প্ৰিমিয়াৰ সম্পন্ন হয়।বিশ্বৰ ৪১ খন দেশৰ ১১০ খন ছবি প্ৰদৰ্শিত হোৱা এই মহোৎসৱত ‘সত্য, দ্য ট্ৰুথ’ক ‘ইণ্ডিয়ান নেৰেটিভ চেণ্টাৰপিচ ফিল্ম’ হিচাপে বাছনি কৰা হৈছে। আনহাতে, ছিকাগো দক্ষিণ এছিয়ান চলচ্চিত্ৰ মহোৎসৱতো এই ছবিখন প্ৰদৰ্শিত হয়।

ছবিখনত অভিনয় কৰিছে উৎপল দাস, উদয়ন দুৱৰা, মহেশ বৰা, দৰথী ভৰদ্বাজৰ লগতে বহু ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে।এই ছবিখনত দুজন নতুন অভিনেতাক দৰ্শকে বিশেষ চৰিত্ৰত দেখিবলৈ পাব। তেওঁলোকৰ নাম ৰাকেশ বৰুৱা আৰু সুমন দাস।ছবিখনৰ সামগ্ৰিক পৰিকল্পনা চন্দন তালুকদাৰৰ আৰু কাহিনী উৎপল উপমান্যৰ। সংগীত পৰিচলনা কৰিছে দিগন্ত ভাৰতী আৰু তৰালি শৰ্মাই। গীতৰ কথা প্ৰশান্ত বৰদলৈ আৰু তৰালি শৰ্মাৰ।জুবিন গাৰ্গ, অৰুন্ধুতি ভানুপ্ৰিয়াৰ লগতে বহুকেইজন জনপ্ৰিয় কণ্ঠশিল্পীয়ে গীতসমূহত কণ্ঠদান কৰিছে।হিতেন ঠাকুৰীয়াই চিত্ৰগ্ৰহণ কৰা এই ছবিখনৰ সম্পাদনা কৰিছে সঞ্জীৱ বৰঠাকুৰে। শব্দ সংযোজন আৰু সংমিশ্ৰন অমৃত প্ৰীতমৰ। চিত্ৰনাট্য চন্দন তালুকদাৰৰ আৰু ডি আই শ্যামল দাসৰ।ছবিখনৰ সন্দৰ্ভত পৰিচালক ৰূপজ্যোতি বৰঠাকুৰে জানিবলৈ দিয়া মতে, ‘এই ছবিখনৰ জৰিয়তে সমাজত নিষিদ্ধ ঘোষিত অতি স্পৰ্শকাতৰ বিষয় সন্দৰ্ভত সমাজলৈ এক বাৰ্তা প্ৰেৰণৰ চেষ্টা কৰা হৈছে।কিয়নো এনে বিষয় সমূহত সমাজ আৰু মানুহৰ মানসিকতাৰ পৰিৱৰ্তন অনাটো খুবেই প্ৰয়োজন।’ উল্লেখ্য যে, ইতিমধ্যেই দেশ-বিদেশত প্ৰশংসা বুটলিবলৈ সক্ষম হোৱা এই ছবিখন আগন্তুক বৰ্ষৰ প্ৰথমতেই সমগ্ৰ ৰাজ্যজুৰি মুক্তি লাভ কৰিব।

আগন্তুক বৰ্ষৰ প্ৰথমতেই ৰাজ্যজুৰি মুক্তি লাভ কৰিব ‘সত্য, দ্য ট্ৰুথ’
তিনি তাৰকাৰ সমাহাৰৰে নিৰ্মাণ হ’ব ‘ৱাৰ’ৰ ছিকুৱেল

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in