আগতীয়া বুকিঙত অভিলেখ গঢ়াৰ দিশে ‘গডাৰ-২’

আগতীয়া বুকিঙত অভিলেখ গঢ়াৰ দিশে ‘গডাৰ-২’

ডিজিটেল ডেস্ক: ‘গডাৰ’, ২২ বছৰ আগতে মুক্তি লাভ কৰা এই ছবিখনৰ সফলতাৰ বিষয়ে হয়তো পুনৰ কোৱাৰ প্ৰয়োজন নাই। আজিও সকলো দৰ্শকৰ মনত সজীৱ হৈ আছে ছবিখনৰ কাহিনী তথা শিল্পীসকলে প্ৰদৰ্শন কৰা অভিনয় শৈলী।এই ছবিখনৰ ছিকুৱেল ‘গডাৰ-২’ এতিয়া মুক্তিৰ অপেক্ষাত।অতি আগ্ৰহৰে অপেক্ষা কৰি থকা এই ছিকুৱেল ছবিখনৰ নাম ঘোষণাৰ দিনাৰ পৰাই চৰ্চাত শীৰ্ষত আছে। দৰ্শকে ছানী দেউল আৰু আমিশা পেটেলৰ পুনৰ অনস্ক্ৰীণ ৰোমাঞ্চ তথা কাহিনীৰ বিষয়ে জানিবলৈ অধীৰ অপক্ষাৰে বাট চাই আছে। 

মুক্তি নহওঁতেই ‘গডাৰ ২’য়ে দৰ্শকৰ অভূতপূৰ্ব সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে।হয়, মুক্তিৰ ১০ দিন আগতেই ছবিখনৰ টিকট বিক্ৰী আৰম্ভ হৈছে আৰু ছবিখনে নতুন অভিলেখ গঢ়াৰ দিশে আগবাঢ়িছে।আইনক্স, পিভিআৰ আৰু অন্যান্য মাল্টিপ্লেক্সত বুকিং এতিয়াও খোলা নাই যদিও দেশৰ বহু ৰাজ্যৰ বহু চিনেমাগৃহত প্ৰথম দুই সপ্তাহলৈ ‘গডাৰ ২’ হাউছফুল হৈছে। 

এই ছবিখনত দৰ্শকে ছানী দেওলক আকৌ এবাৰ তাৰা সিঙ আৰু আমিশা পেটেলক ছাকিনাৰ চৰিত্ৰত দেখিবলৈ পাব। ট্ৰেইলাৰত দেখা মতে, এই ছবিখনত তাৰা সিঙে তেওঁৰ পুত্ৰৰ বাবে ভাৰত-পাক সীমা অতিক্ৰম কৰিব। অনিল শৰ্মাই প্ৰযোজনা আৰু পৰিচালনা কৰা ‘গডাৰ ২’ত ছানী দেউল, আমিশা পেটেলৰ লগতে কেইটামান বিশেষ চৰিত্ৰত অভিনয় কৰিছে উৎকৰ্ষ শৰ্মা, ছিমৰত কৌৰ, মনিষ ৱাধবা আৰু লাভ সিংহায়ে।ইতিমধ্যে মুক্তি লাভ কৰা ছবিখনৰ গীতসমূহে শ্ৰোতাৰ যথেষ্ট সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে।১০০ কোটিটকীয়া বাজেটৰ বহু চৰ্চিত এই ছবিখন ১১ আগষ্টত সমগ্ৰ দেশজুৰি মুক্তি লাভ কৰিব।

আনহাতে, একেদিনাই মুক্তি লাভ কৰিব অক্ষয় কুমাৰৰ ছবি ‘অ'এমজি ২’। ‘গডাৰ ২’ আৰু ‘অ'এমজি ২’ৰ ভিতৰত কোনখন ছবিয়ে বেছি দৰ্শকক আকৰ্ষিত কৰিব পাৰে, সেয়া অৱশ্যে সময়তহে লক্ষণীয় হ’ব। 

আগতীয়া বুকিঙত অভিলেখ গঢ়াৰ দিশে ‘গডাৰ-২’
অনুৰাগীক অন্তৰৰ পৰা কৃতজ্ঞতা জনালে ‘ৰাণী’ আলিয়া ভাটে

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in