/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08/c97f7dd2-5f32-45a7-b0fd-aa20105b0ec4/WhatsApp Image 2024-08-02 at 3.18.36 PM.jpeg)
ডিজিটেল ডেস্ক: অসমবাসীৰ বাবে এটা ভাল খবৰ ! আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমক প্ৰতিনিধিত্ব কৰি এটাৰ পাছত আনটো সন্মান লাভ কৰিবলৈ সক্ষম হৈছে এখন অসমীয়া ছবিয়ে।হয়, বৰ্তমানলৈকে ৭টাকৈ আন্তঃৰাষ্ট্ৰীয় সন্মান লাভ কৰা এই ছবিখনৰ নাম 'কাকা'। আৰ এ ফিল্ম ষ্টুডিঅ’ৰ বেনাৰত নিৰ্মিত 'কাকা’ৰ প্ৰযোজনা সংযুক্তা বেজবৰুৱাৰ আৰু পৰিচালনা কৰিছে ৰমেন বৰ্মনে। ৰমেন বৰ্মন, ভ্ৰান্তি মেধি, জয়ন্ত ভাগৱতী, চেতনা দাস, হিৰণ্য ডেকা, ৰাকেশ বৰুৱা, মানস শৰ্মা, অমিতাভ ৰাজখোৱাকে ধৰি বহু ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে এই ছবিখনত অভিনয় কৰিছে।
‘কাকা’ই ড্ৰুক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, ইণ্ডো ডুবাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, গেংটক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ বৈশিষ্ট্যপূৰ্ণ চলচ্চিত্ৰৰ সন্মান তথা কাল্ট ক্ৰিটিক মুভি এৱাৰ্ড আৰু নাইট অৱ দ্য ৰিল এৱাৰ্ডত স্বীকৃতি লাভ কৰিছে। তদুপৰি, শেহতীয়াকৈ এই ছবিখনে ইণ্ডিয়ান ইণ্ডিপেনডেণ্ট চলচ্চিত্ৰ মহোৎসৱ আৰু দ্য কিং ৰিভিউ মহোৎসৱতো স্বীকৃতি লাভ কৰিছে। আনহাতে, ইনমেকিং ইণ্টাৰনেশ্যনেল চলচ্চিত্ৰ মহোৎসৱ, ডুবাই মহোৎসৱ (ইণ্টাৰনেশ্যনেল ফিল্ম প্ৰতিযোগিতা), আইএমঅ’ ইণ্টাৰনেশ্যনেল চলচ্চিত্ৰ মহোৎসৱ আৰু মহাৰাজা চলচ্চিত্ৰ মহোৎসৱলৈ ‘কাকা’ মনোনীত হৈছে।
‘কাকা’ৰ চিনেমেটোগ্ৰাফী প্ৰিয়ম ৰয়ৰ, ছাউণ্ড ডিজাইনিং আৰু বেকগ্ৰাউণ্ড স্ক’ৰ অমিত চৌকাধাৰাৰ, ছাউণ্ড ৰেকৰ্ডকাৰী প্ৰণৱ বৰা, সংলাপ মানৱজ্যোতি নাথৰ। কাহিনী, চিত্ৰনাট্য, কালাৰ এণ্ড এডিটিঙ ৰমেন বৰ্মনৰ। ‘কাকা’ৰ মূখ্য সহকাৰী পৰিচালক যতীন শৰ্মা আৰু সহকাৰী পৰিচালক হিচাপে কাম কৰিছে মানৱজ্যোতি নাথে।
সৰ্থেবাৰী আৰু গুৱাহাটীৰ বিভিন্ন অঞ্চলত দৃশ্যগ্ৰহণ কৰা এই ছবিখনত অসমৰ এখন গাঁৱৰ অতি সাধাৰণ কাকা নামৰ ব্যক্তিজনৰ প্ৰত্যাহ্বানৰে ভৰা জীৱন কাহিনী প্ৰতিফলিত হৈছে।নিজৰ দৰিদ্ৰতাক জীৱনৰ হেঙাৰ বুলি ভাবি লোৱা পুত্ৰ-বোৱাৰীয়ে কাকাৰ বিৰুদ্ধে মিছা অভিযোগ আনি তেওঁক নিজৰ ঘৰখন এৰি যাবলৈ বাধ্য কৰে। ছবিখনত কাকাৰ জীৱনৰ উত্থান-পতনৰ কাহিনী অনন্য আৰু প্ৰেৰণাদায়ক ৰূপত দাঙি ধৰা হৈছে।
ছবিখনৰ সন্দৰ্ভত পৰিচালক ৰমেন বৰ্মনে কয়, ‘আকৰ্ষণীয় তথা ব্যতিক্ৰমী কাহিনীয়ে মোক সদায়েই আকৰ্ষিত কৰি আহিছে। আগন্তুক দিনত মোৰ লক্ষ্য হৈছে এনে কাহিনী সৃষ্টি কৰা, যিয়ে দৰ্শকৰ মনত সাঁচ বহুৱাবলৈ সক্ষম হোৱাৰ লগতে সেই কাহিনীক আদৰ্শ ৰূপে গ্ৰহণ কৰি সকলোয়ে তেওঁলোকৰ দৃষ্টিভংগীৰ সলনি কৰিবলৈ বাধ্য হয়।আনহাতে, ‘কাকা’ৰ কাহিনীয়ে যদি মানুহক গতিশীল হৈ থকাত শক্তি দিয়ে, সেয়াহে মোৰ বাবে ছবিখন নিৰ্মাণৰ প্ৰকৃত সফলতা।’
Also Read: দৰ্শকে আৰু উপভোগ কৰিবলৈ নাপাব এইগৰাকী প্ৰখ্যাত পৰিচালকৰ ছবি