ব্যতিক্ৰমী মনোৰঞ্জনৰ বাবে আপুনিও সাজু হওঁক

এক ব্যতিক্ৰমী কাহিনীৰ সৈতে মুক্তিৰ বাবে সম্প্ৰতি সাজু হৈছে এখন অসমীয়া ছবি।ছবিখনৰ নাম ‘দাদাগিৰি’। পি আৰ প্ৰডাকছনৰ বেনাৰত নিৰ্মিত এই ছবিখনৰ সহযোগী প্ৰযোজকৰ দায়িত্বত আছে ৰূপম কলিতা।টিজাৰ মুক্তিৰ পাছৰ পৰাই দৰ্শকৰ মাজত যথেষ্ট চৰ্চা লাভ কৰা ‘দাদাগিৰি’ৰ পৰিচালনা, কাহিনী আৰু চিত্ৰনাট্য ডিম্বেশ্বৰ গগৈৰ।

author-image
Asomiya Pratidin
New Update
ব্যতিক্ৰমী মনোৰঞ্জনৰ বাবে আপুনিও সাজু হওঁক

ডিজিটেল ডেস্ক: এক ব্যতিক্ৰমী কাহিনীৰ সৈতে মুক্তিৰ বাবে সম্প্ৰতি সাজু হৈছে এখন অসমীয়া ছবি।ছবিখনৰ নাম ‘দাদাগিৰি’। পি আৰ প্ৰডাকছনৰ বেনাৰত নিৰ্মিত এই ছবিখনৰ সহযোগী প্ৰযোজকৰ দায়িত্বত আছে ৰূপম কলিতা।টিজাৰ মুক্তিৰ পাছৰ পৰাই দৰ্শকৰ মাজত যথেষ্ট চৰ্চা লাভ কৰা ‘দাদাগিৰি’ৰ পৰিচালনা, কাহিনী আৰু চিত্ৰনাট্য ডিম্বেশ্বৰ গগৈৰ। ছবিখনৰ ‘কনচেপ্ট’ প্ৰবীৰ ৰাজখোৱাৰ। অসম আৰু মেঘালয়ৰ বিভিন্ন ঠাইত দৃশ্যগ্ৰহণ কৰা এই ছবিখনৰ মূখ্য চৰিত্ৰত দৰ্শকে দেখিবলৈ পাব প্ৰবীৰ ৰাজখোৱা, মুনমী ফুকন, গীতাৱলী ৰাজকুমাৰী, ৰাজীৱ গোস্বামী, নিৰ্মালী বৰা আৰু কৰৱী শৰ্মাক।আন বহু ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়েও এই ছবিখনত অভিনয় কৰিছে।

Advertisment

ইফালে, ছবিখনৰ সংগীত পৰিচালনা কৰিছে কৃষ্ণ ৰাজ আৰু জয় এ-য়ে। গীতসমূহত কণ্ঠদান কৰিছে দীক্ষু শৰ্মা, জয় এ, মাৰ্লি মাৰ্ক আৰু ৰয়েল জয়ে। আনহাতে, গীতসমূহৰ কৰিঅ’গ্ৰাফীৰ দায়িত্বত আছে উদয় শংকৰ।এডিটিং আৰু ডিআই অনুপম বৰদলৈৰ।ছাউণ্ড ডিজাইন কৰিছে অশোক সিঙে, মিক্স মাষ্টাৰ ভূপেশ শইকীয়া।ডিঅ'পিত আছে উমেশ ঘোষ।জিএফএক্স\ভিএফএক্সৰ কাম কৰিছে গৌৰিশংকৰ দাসে। ‘দাদাগিৰি’ৰ একশ্যন পৰিচালনা কৰিছে প্ৰদীপ ভবেশ এ.টি.চি.য়ে।

প্ৰভাৱশালী ভূমি মাফিয়াই কৃষিভূমি দখলৰ বাবে কৰা ষড়যন্ত্ৰৰ বিৰুদ্ধে এজন সাধাৰণ সাহসী ডেকাই কৰা যুঁজ তথা প্ৰত্যাহ্বানক বিষয়বস্তু হিচাপে লৈ নিৰ্মিত দাদাগিৰি ১৫ মাৰ্চত ছবিগৃহলৈ আহিব।

Also Read: আলিবাগত খেতি কৰিবলৈ ১০ কোটি টকাৰে মাটি কিনিলে সুহানা খানে