আলিবাগত খেতি কৰিবলৈ ১০ কোটি টকাৰে মাটি কিনিলে সুহানা খানে

আলিবাগত খেতি কৰিবলৈ ১০ কোটি টকাৰে মাটি কিনিলে সুহানা খানে

ডিজিটেল ডেস্ক: সুহানা খান, বলীউডৰ কিং খ্যাত অভিনেতা শ্বাহৰুখ খানৰ কন্যা। সুহানাই শেহতীয়াকৈ ‘আৰ্চিছ’ ছবিৰ জৰিয়তে বলীউডতো আত্মপ্ৰকাশ কৰিছে।যাৰ বাবে এতিয়া কেৱল ‘তাৰকা সন্তান’ হিচাপেই নহয়, অভিনেত্ৰী হিচাপেও আন এক পৰিচয় লাভ কৰিলে সুহানা খানে।পিছে, শেহতীয়াকৈ আন এক বিশেষ কাৰণতহে চৰ্চালৈ আহিছে সুহানাৰ নাম।

প্ৰকৃততে, সুহানাই বলীউডত ভৰি দিয়াৰ পাছতে ৰিয়েল ইষ্টেটত বিনিয়োগ কৰা আৰম্ভ কৰিছে।হয়, অভিনেত্ৰী সুহানাই মুম্বাইৰ ওচৰৰ আলিবাগত এটা ডাঙৰ সম্পত্তি ক্ৰয় কৰিছে। তেওঁ থাল গাঁৱত এই মাটিখিনি ৯.৫ কোটি টকাত ক্ৰয় কৰিছে, যাৰ বাবে তেওঁ ৫৭ লাখ টকাৰ ষ্টাম্প শুল্ক পৰিশোধ কৰিছে। এনে পৰিস্থিতিত, তেওঁ এই ভূমিত মুঠ ১০ কোটি টকা বিনিয়োগ কৰিছে। দস্তাবেজ অনুসৰি, সুহানাই আলিবাগৰ ৰায়গড়ৰ থাল গাঁৱত মুঠ ১.৮ একৰ কৃষিযোগ্য ভূমি ক্ৰয় কৰিছে। তেওঁ এই ভূমি কৃষি সম্পত্তি হিচাপে ক্ৰয় কৰিছে। এই সম্পত্তিৰ পঞ্জীয়ন নথিপত্ৰত, সুহানাক এগৰাকী ‘কৃষিজীৱী’ বুলি বৰ্ণনা কৰা হৈছে।  তেওঁ এই মাটিখিনি তিনিগৰাকী ভগ্নী অঞ্জলি, ৰেখা আৰু প্ৰিয়া পৰা ক্ৰয় কৰিছে।এই তিনিও ভগ্নীয়ে পিতৃ-মাতৃৰ পৰা এই ভূমি উত্তৰাধিকাৰী হিচাপে লাভ কৰিছে। সুহানাৰ সম্পত্তি 'দেজা ভু ফাৰ্ম' প্ৰাইভেট লিমিটেডৰ নামত পঞ্জীয়ন কৰা হৈছে, যাৰ পৰিচালক হৈছে গৌৰী খানৰ মাতৃ সবিতা ছিব্বাৰ আৰু ভগ্নী নমিতা ছিব্বাৰ।এই ভূমিত সোনকালেই হেনো সুহানাই কৃষি-কৰ্ম কৰাৰ পৰিকল্পনাও কৰিছে।

শ্বাহৰুখ খান ইতিমধ্যে আলিবাগত এটা সাগৰমুখী সম্পত্তিৰ গৰাকী। এই ঘৰত তেওঁ প্ৰায়ে পৰিয়ালৰ সৈতে পাৰ্টী কৰে।  তেওঁৰ বাংলোটোত এটা ছুইমিং পুল আৰু হেলিপেড আছে। আলিবাগ সদায় বলীউডৰ তাৰকাসকলৰ প্ৰিয় স্থানসমূহৰ ভিতৰত অন্যতম বুলিয়েই বিবেচিত হৈ আহিছে। এতিয়ালৈকে বহুতো চেলিব্ৰেটে ইয়াত সম্পত্তি ক্ৰয় কৰিছে। ইয়াৰ পূৰ্বেও সুহানাই বিগত বৰ্ষৰ জুনত আলিবাগত ১.৫ একৰ মাটি ১২.১৯ কোটি টকাত ক্ৰয় কৰিছিল।

আনহাতে, সুহানা অন্যতম বিখ্যাত সৌন্দৰ্য ব্ৰেণ্ড মেবেলিনৰ এম্বেচেডৰ।ইয়াৰ জৰিয়তেও সুহানাই যথেষ্ট ধন উপাৰ্জন কৰে। সুহানাৰ মুঠ মুঠ সম্পত্তি ১৩ কোটি টকাৰ বুলি কোৱা হয়। ব্যক্তিগত জীৱনৰ বিষয়ে ক'বলৈ গ'লে, সুহানা অমিতাভ বচ্চনৰ নাতি অগষ্ট্য নন্দাৰ সৈতে সম্পৰ্কত বান্ধ খাই আছে।উল্লেখ্য যে, সুহানাক তেওঁৰ পৰৱৰ্তী ছবিখনত পিতৃ শ্বাহৰুখ খানৰ বিপৰীতে দেখা যাব।এই ছবিখনৰ মে মাহৰ ভিতৰত আৰম্ভ হ'ব পাৰে।একশ্যন ধৰ্মী এই ছবিখনৰ পৰিচালনা কৰিব সুজয় ঘোষে।

আলিবাগত খেতি কৰিবলৈ ১০ কোটি টকাৰে মাটি কিনিলে সুহানা খানে
ছলমান খানেই নহয়, সঞ্জয় দত্তও বলীয়া হৈছিল ঐশ্বৰ্য ৰয়ৰ প্ৰেমত

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in