চলিত বৰ্ষতে আপুনি উপভোগ কৰিব পাৰিব সীমাহীন চৰ্চাত থকা ‘অভিমন্যু’

চলিত বৰ্ষতে আপুনি উপভোগ কৰিব পাৰিব সীমাহীন চৰ্চাত থকা ‘অভিমন্যু’

ডিজিটেল ডেস্ক: প্ৰভাত আৰু জোৎস্নাৰ এখন সৰু মৰমৰ সংসাৰ।জোৎস্না পেছাত এগৰাকী শিক্ষয়িত্ৰী, প্ৰভাতে এখন হোটেল চলায়। প্ৰভাতে বন্ধু ৰঞ্জিত, শ্ৰেয়া আৰু দেৱৰ সৈতে মিলি সমাজৰ আৰ্তসকলকৰ হকেও যথাসাধ্য কাম কৰে।কিন্তু সমগ্ৰ বিশ্বতে সন্ত্ৰাস সৃষ্টি কৰা কৰোনা মহামাৰীয়ে প্ৰভাত-জোৎস্নাৰ সংসাৰখনকো খুব বেয়াকৈ প্ৰভাৱিত কৰে।লকডাউনৰ মাজতে ঘটনা এক অপৰাধমূলক দূৰ্ঘটনাই তেওঁলোকৰ জীৱনলৈ এক প্ৰকাৰ ধুমুহা নমাই আনে।তদুপৰি, বিত্তৱান তথা ক্ষমতাশালী লোকৰ শোষণ, শিথিল শাসনতন্ত্ৰৰ অনিময় আৰু দুৰ্নীতিপিষ্ট হস্তক্ষেপৰ বেহুত প্ৰভাত খুব বেয়াকৈ বন্দী হৈ পৰে, ঠিক মহাভাৰতৰ অভিমন্যুৰ দৰেই ! অপৰাধীক শাস্তি দিবলৈ কুটিলতাৰ হাতোৰা ওফৰাই বেহু ফালি আজিৰ অভিমন্যুই কিদৰে ওলাই অহিবলৈ সক্ষম হয়, এই সকলোবোৰ জানিবলৈ বাবে আপুনি উপভোগ কৰিব লাগিব নতুন অসমীয়া ছবি ‘অভিমন্যু’।

হয়, শেহতীয়াকৈ বিশেষভাৱে চৰ্চা লাভ কৰা ‘অভিমন্যু’ৰ সম্প্ৰতি দৃশ্যগ্ৰহণ চলি আছে। ‘শ্ববনমছ এন্টাৰটেইণ্টমেণ্ট’ৰ বেনাৰত নিৰ্মিত ছবিখনৰ প্ৰযোজনা মতলেবুদ্দিন আহমেদৰ, কাৰ্যবাহী প্ৰযোজকৰ দায়িত্বত আছে দেবজিৎ মজুমদাৰ। ‘অভিমন্যু’ৰ কাহিনী আৰু পৰিচালনা অচিন্ত শংকৰৰ।ছবিখনত প্ৰভাতৰ চৰিত্ৰত অভিনয় কৰিছে কমল লোচন ডেকাই।জোৎস্নাৰ চৰিত্ৰটো ৰূপায়ন কৰিছে দীপলিনা ডেকাই।আন কেইটামান বিশেষ চৰিত্ৰত অভিনয় কৰিছে দেৱজিৎ মজুমদাৰ, ভগৱৎ প্ৰীতম, ৰাজীৱ গোস্বামী, হিৰন্য ডেকা, অমৃতা গগৈ,অসীম কৃষ্ণ বৰুৱা, জ্বলী লস্কৰ, হিমাংশু প্ৰসাদ দাস, কৌশিক নাথ, চাংকু নিৰঞ্জন নাথ, শ্ৰেয়া বৰঠাকুৰে। আনহাতে, ‘অভিমন্যু’ত বিশেষ ভূমিকাত দৰ্শকে দেখিবলৈ পাব জুবিন গাৰ্গ আৰু  ৰাছিয়ান নৃত্যশিল্পী এলিজা এৰাইশ্বেলভেনাক।

ছবিখনৰ চিত্ৰনাট্য আৰু সংলাপ হিমাংশু নাথৰ, চিত্ৰগ্ৰহণ কৰিছে প্ৰদীপ দৈমাৰীয়ে। সংগীত পৰিচালনা কৰিছে দিগন্ত ভাৰতী, অৰূপজ্যোতি বৰুৱা আৰু ৰাজদ্বীপে।গীতসমূহ ৰচনা কৰিছে দিগন্ত ভাৰতী, ৰাজদ্বীপ, অৰূপজ্যোতি বৰুৱা আৰু ৰাহুল গৌতম শৰ্মাই।এই গীতসমূহত কন্ঠদান কৰিছে জুবিন গাৰ্গ, পাপন অংগৰাগ মহন্ত, অৰূপজ্যোতি বৰুৱা, ভাস্বতী ভাৰতী আৰু প্ৰিয়ংকা ভৰালীয়ে।কলা জ্যোতি শংকৰ ভট্টাচাৰ্য্যৰ।গীতসমূহ কৰিঅ'গ্ৰাফ কৰিছে দীপক দে আৰু পংকজ ইংতিয়ে। ৰূপসজ্জা ভাস্কৰজ্যোতি দত্তৰ, সাজসজ্জা ধীৰাজ ডেকাৰ।ছবিখনৰ প্ৰযোজনা নিয়ন্ত্ৰণৰ দায়িত্বত আছে মনোজ মিশ্ৰ, সম্পাদনা প্ৰতীম খাউন্দৰ।এক্সন পৰিচালনা ৰাজেশ কান্নানৰ। মুখ্য সহকাৰী পৰিচালক হিচাপে আছে হিমাংশু নাথ আৰু সহকাৰী পৰিচালক হিচাপে আছে জিতুল ৰাজৱংশী, দেৱাশীষ কলিতা, হিৰক জ্যোতি কলিতা। বজালী, গুৱাহাটী, মেঘালয়ৰ লগতে আন বহুকেইখন বহিৰাজ্যত দৃশ্যগ্ৰহণ কৰা এই ছবিখনৰ বাজেট ২ কোটি।উল্লেখ্য যে, মুক্তিৰ পূৰ্বেই যথেষ্ট চৰ্চা লাভ কৰা ‘অভিমন্যু’ চলিত বৰ্ষৰ শেষৰফালেই দৰ্শকসকলে ছবিগৃহত উপভোগ কৰিব পাৰিব।

চলিত বৰ্ষতে আপুনি উপভোগ কৰিব পাৰিব সীমাহীন চৰ্চাত থকা ‘অভিমন্যু’
ব্যতিক্ৰমী মনোৰঞ্জনৰ বাবে আপুনিও সাজু হওঁক

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in