/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/6269a6b5-bffb-4f15-ad31-e46717a21a5a/ashish_vidyarthi.jpg)
ডিজিটেল ডেস্ক: বলীউডৰ খলনায়ক হিচাপে পৰিচিত অভিনেতা আশীষ বিদ্যাৰ্থীয়ে দ্বিতীয়বাৰৰ বাবে বিবাহ পাশত আৱদ্ধ হোৱাৰে পৰা অনুৰাগীৰ যথেষ্ট সমালোচনাৰ সন্মুখীন হৈছে। অভিনেতাজনে ৫৭ বছৰ বয়সত দ্বিতীয়বাৰৰ বাবে বিবাহ পাশত আৱদ্ধ হৈছে। আশীষৰ দ্বিতীয় বিবাহৰ ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ লগে লগে মানুহে তেওঁক সমালোচনা কৰিবলৈ আৰম্ভ কৰে।এই ফটোবোৰত তেওঁক তেওঁৰ দ্বিতীয় পত্নীৰ সৈতে দেখা গৈছিল। অনুৰাগীসকলৰ এই সমালোচনাত অতিষ্ঠ হৈ অৱশেষত মুখ খুলিছে অভিনেতাজনে।
অভিনেতাজনে সকলোকে উপযুক্ত প্ৰত্যুত্তৰ দিবলৈ শেহতীয়াকৈ মুখ খুলিছে। অনুৰাগীৰ কৰ্ম-কাণ্ডত অতিষ্ঠ হৈ তেওঁ কয়, ‘বিবাহ পাশত আবদ্ধ হোৱাৰ পাছৰে পৰা বহুতেই মোক বহু কথা কৈছে।মোক সকলোয়ে বুঢ়া বুঢ়া বুলি হাঁহিছে।আচলতে বুঢ়া বুলি মোক সকলোয়ে সন্মানহে কৰিব লাগিছিল। সেই সন্মান কিন্তু মই লাভ কৰা নাই।বৰঞ্চ মোক সকলোয়ে অপমানহে কৰিছে। এদিন সকলো বুঢ়া হ'ব লাগিব।বুঢ়া হ’লো বুলিয়েই মোৰ একো কৰাৰ অধিকাৰ নাথাকিব নেকি ? বিয়া নপতাকৈয়ে মই মৰি যাব লাগিছিল নেকি ? আমাৰ সকলোৰে জীৱনটো নিজৰ ধৰণৰে উপভোগ কৰাৰ অধিকাৰ আছে। সেয়েহে, জীয়াই থকা দিনকেইটাত সকলোয়ে নিজৰ জীৱনটো উপভোগ কৰিব লাগে।'
উল্লেখ্য যে, আশীষৰ দ্বিতীয় পত্নী ৰূপালী বৰুৱা অসমৰ জীয়ৰী। তেওঁ এগৰাকী ফেশ্বন ডিজাইনাৰ। ৰূপালীৰ কলিকতাত নিজৰ ব্যৱসায় আছে। আশীষ আৰু ৰূপালী প্ৰথমে ঘনিষ্ঠ বন্ধু আছিল।ইয়াৰ পিছত চলিত বৰ্ষৰ মে’ মাহৰ শেষৰ ফালে তেওঁলোক দুয়ো বিবাহপাশত আৱদ্ধ হৈছিল।
Also Read: 'লাষ্ট ষ্ট'ৰীজ ২'ত একেলগে দেখিবলৈ পোৱা যাব এই প্ৰেমিক যুটিক