
ডিজিটেল ডেস্ক: ব্যক্তিগত জীৱনক কেন্দ্ৰ কৰি শেহতীয়াকৈ অনুৰাগীৰ মাজত খুবেই চৰ্চিত হৈ আছে বলীউড তথা দক্ষিণৰ জনপ্ৰিয় অভিনেত্ৰী তামান্না ভাটিয়া।অভিনেতা বিজয় বাৰ্মাৰ সৈতে আজিকালি সকলো সময়তে একেলগে দেখা পোৱা যায় তামান্নাক। যাৰ বাবে তেওঁ এই সম্পৰ্কক ইতিমধ্যে প্ৰেমৰ নাম দিছে অনুৰাগীসকলে।বহু সময়ৰ পৰাই দুয়োজন অভিনেতা-অভিনেত্ৰীয়ে এই সন্দৰ্ভত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাছিল যদিও শেহতীয়াকৈ মুখ খুলিছে তমন্না ভাটিয়াই।হয়, এক সাক্ষাৎকাৰত অভিনেত্ৰীগৰাকীয়ে তেওঁৰ সম্পৰ্কৰ বিষয়ে প্ৰকাশ কৰিছে।
অভিনেত্ৰীগৰাকীয়ে বিজয় বাৰ্মাৰ সৈতে তেওঁৰ প্ৰেমৰ সম্পৰ্ক আওপকীয়াকৈ হ’লেও প্ৰায় নিশ্চিত কৰিছে। তেওঁ কয়, ‘বিজয় আৰু মোৰ সম্পৰ্ক 'লাষ্ট ষ্ট'ৰীজ ২' ছবিখনৰ ছেটৰ পৰা আৰম্ভ হৈছিল।আমি একেলগে বহুত কাম কৰিছো।সেয়েহে তেওঁৰ সৈতে মোৰ সম্পৰ্ক অলপ বেলেগ। এই বিষয়ে মোৰ আৰু একো ক'বলৈ নাই।মই ভাবো প্ৰেম যিকোনো সময়তে যিকোনো ব্যক্তিৰ ক্ষেত্ৰত হ'ব পাৰে।বিজয় এনে এজন ব্যক্তি যাৰ সৈতে মই আগলৈ বহু পৰিকল্পনা কৰিব পাৰো। তেওঁৰ সৈতে মোৰ সম্পৰ্ক অতি বিশেষ।তেওঁ এনেকুৱা এজন ব্যক্তি, যাৰ বিষয়ে মই সদায় চিন্তা কৰো।’
উল্লেখ্য যে, ইংৰাজী নৱবৰ্ষৰ পাৰ্টীৰ এটা ভিডিঅ' ছ'চিয়েল মেডিয়াত খুব ভাইৰেল হৈছিল। গোৱাত অনুষ্ঠিত সেই বিশেষ পাৰ্টীত তামান্না ভাটিয়া আৰু বিজয় বাৰ্মাই চুম্বন কৰি আছিল। এই ভিডিঅ'টোৰ পিছতে তেওঁলোক দুয়োৰে মাজত প্ৰেম সম্পৰ্ক থকা বুলি এক প্ৰকাৰ স্পষ্ট হৈছিল।
আনহাতে, বহুচৰ্চিত 'লাষ্ট ষ্ট'ৰীজ ২' ছবিখন পৰিচালনা কৰিছে অমিত ৰবীন্দ্ৰনাথ শৰ্মা, কঙ্কনা সেন শৰ্মা, বাল্কি আৰু সুজয় ঘোষে।২৯ জুনত নেটফ্লিক্সত মুক্তি পাবলগীয়া 'লাষ্ট ষ্ট'ৰীজ ২'ত তামান্না আৰু বিজয় বৰ্মাৰ লগতে কাজল, নীনা গুপ্তা, কুমুদ মিশ্ৰৰ দৰে বহু প্ৰখ্যাত অভিনেতা অভিনেত্ৰীয়েও অভিনয় কৰিছে।