পাক অভিনেত্ৰীৰ প্ৰেমত হাবু-ডুবু শ্বাহৰুখ খানৰ পুত্ৰ...

আকৌ চৰ্চাত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খান। এইবাৰ পিছে কোনো বিতৰ্ক বা আৰক্ষীৰ হাতত আটক হোৱাৰ বাবে চৰ্চিত হোৱা নাই কিং খানৰ পুত্ৰ।

author-image
Asomiya Pratidin
New Update
পাক অভিনেত্ৰীৰ প্ৰেমত হাবু-ডুবু শ্বাহৰুখ খানৰ পুত্ৰ...

আকৌ চৰ্চাত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খান। এইবাৰ পিছে কোনো বিতৰ্ক বা আৰক্ষীৰ হাতত আটক হোৱাৰ বাবে চৰ্চিত হোৱা নাই কিং খানৰ পুত্ৰ। তেন্তে কিয় আকৌ শ্বাহৰুখৰ পুত্ৰক লৈ এই আলোচনা। অসমীয়া প্ৰতিদিন ডিজিটেলৰ এক প্ৰতিবেদন...

Advertisment

বলিউডৰ বাদছাহ শ্বাহৰুখ খান। তেওঁৰ পুত্ৰ আৰিয়ান। বাদছাহৰ পুত্ৰ হোৱাৰ সূত্ৰেই বলিউডৰ ৰাজপুত্ৰ সদৃশ আৰিয়ান। আৰক্ষীৰ হাতত কিছুদিনৰ পূৰ্বে আটক হৈ কাৰাগাৰৰ ভাত খাব লগীয়া হৈছিল আৰিয়ানে।

কিং খানৰ পুত্ৰৰ ব্যক্তিগত জীৱনক লৈ জানিবলৈ বহু লোক আগ্ৰহী। বিভিন্ন সময়ত তেওঁলোকক লৈ বহু কথা চৰ্চা হয়।তাৰেই কিছুবোৰ সঁচা, বেছিভাগেই মিছা। নোৰা ফাতেহীক নিশ্চয় চিনি পায়।

নৃত্যৰে অগনন লোকৰ হৃদয় জিনা সুন্দৰী নোৰা। ৰিয়েলিটি শ্ব'ত নোৰাৰ উপস্থিতিয়ে দৰ্শকক অভিভূত কৰে। সেই নোৰাৰ সৈতে আৰিয়ানৰ প্ৰেম। এনে খবৰ বলিউডত বিয়পি পৰি চৌদিশে প্ৰচাৰ হৈছিল। পিছে সেয়া সঁচা নাছিল।

আন এগৰাকী যুৱতীৰ সৈতেহে আৰিয়ানৰ সু সম্পৰ্কৰ কথা পোহৰলৈ আহিছে। তেওঁৰ নাম ছাদিয়া খান। পাক অভিনেত্ৰী ছাদিয়া। তেওঁয়েই ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে আৰিয়ানৰ ফটো।

হঠাৎ ছাদিয়াই কিয় আৰিয়ানৰ ফটো শ্বেয়াৰ কৰিলে। ইয়াক লৈ নেটিজেন সকলৰ বাখ্যা । আৰিয়ানৰ সৈতে ছাদিয়াৰ কিবা এটা হৈছে। বিভিন্ন পাৰ্টীত দেখা পোৱা যায় আৰিয়ানক।

ডুবাইৰ এটা পাৰ্টীত আৰিয়ানক দেখা পোৱা গৈছিল ছাদিয়াৰ সৈতে। ক'লা বডিকন পোচাকত আছিল পাক অভিনেত্ৰী গৰাকী। আৰু সেইদিনা মেৰুণ ৰঙৰ এটা টি চাৰ্ট আৰু বগা ৰঙৰ জেকেট পিন্ধি আছিল শ্বাহৰুখৰ পুত্ৰই। ছাদিয়াৰ হাতত ধৰি আৰিয়ানে নাচিছিল সেই পাৰ্টীত। তাৰ প্ৰমাণ চলচ্চিত্ৰ, সমালোচক কমল ৰচিদ খানে সামাজিক মাধ্যমত দিয়া এখন ফটো।

আৰু পঢ়ক: যোশীমঠতকৈ ভয়াবহ হ'ব অসম...

viral news shahrukh khan aryan khan