‘আৰ্য ৩’ ৰ দৃশ্যগ্ৰহণ আৰম্ভ

অদমনীয় অভিনয়ৰ যাদুৰে দৰ্শকক মুহিবলৈ পুনৰ ঘূৰি আহিছে ‘সৌন্দৰ্যৰ ৰাণী’ সুস্মিতা সেন।হয়, বহু প্ৰতীক্ষিত ‘ক্ৰাইম থ্ৰীলাৰ’ ছিৰিজ ‘আৰ্য’ৰ পৰৱৰ্তী শৃংখলা ‘আৰ্য-৩’ ত অতি শীঘ্ৰেই দৰ্শকে দেখিবলৈ পাব অভিনেত্ৰীগৰাকীক।

author-image
asomiyapratidin
New Update
‘আৰ্য ৩’ ৰ দৃশ্যগ্ৰহণ আৰম্ভ

ডিজিটেল ডেস্ক: অদমনীয় অভিনয়ৰ যাদুৰে দৰ্শকক মুহিবলৈ পুনৰ ঘূৰি আহিছে ‘সৌন্দৰ্যৰ ৰাণী’ সুস্মিতা সেন।হয়, বহু প্ৰতীক্ষিত ‘ক্ৰাইম থ্ৰীলাৰ’ ছিৰিজ ‘আৰ্য’ৰ পৰৱৰ্তী শৃংখলা ‘আৰ্য-৩’ ত অতি শীঘ্ৰেই দৰ্শকে দেখিবলৈ পাব অভিনেত্ৰীগৰাকীক।

Advertisment

এই সফল ছিৰিজটোৰ পূৰ্বৰ দুটা শৃংখলাত মূখ্য  চৰিত্ৰত অভিনয় কৰিছিল সুস্মিতা সেনে।  খবৰ অনুসৰি, সম্প্ৰতি ‘আৰ্য-৩’ৰ চিত্ৰগ্ৰহণ কৰি থকা হৈছে আৰু এই বৰ্ষৰ মাজভাগত ‘অটিটি প্লেটফৰ্ম’ত এই ছিৰিজটোৰ আগন্তুক ভাগটোয়ে মুক্তি লাভ কৰিব। নিৰ্মাতাসকলে শেহতীয়াকৈ ‘আৰ্য ৩’ ৰ এটা আকৰ্ষণীয় ‘টীজাৰ’ ৰাজহুৱা কৰিছে।এই ‘টীজাৰ’ত সুস্মিতাক এক আকৰ্ষণীয় ৰূপত দেখা গৈছে।‘টীজাৰ’টোত অভিনেত্ৰীগৰাকীয়ে চিগাৰ জ্বলোৱাৰ লগতে বন্দুকৰ গুলী ভৰাই থকা দেখা গৈছে।

‘আৰ্য’ এগৰাকী স্বতন্ত্ৰ মহিলাৰ কাহিনী, যিয়ে তেওঁৰ স্বামীৰ হত্যাৰ প্ৰতিশোধ লৈ পৰিয়ালক সুৰক্ষা দিবলৈ এটা মাফিয়া দলত যোগদান কৰে।’আৰ্য-৩’ ডিজনীপ্লাছ হটষ্টাৰত মুক্তি লাভ কৰিবলৈ সাজু হৈছে। ৰাম মাধৱানীৰ দ্বাৰা পৰিচালিত এই ছিৰিজটো ৰাম মাধৱনী ফিল্মছ আৰু এণ্ডেমল শ্বাইন গ্ৰুপৰ বেনাৰত প্ৰযোজনা কৰা হৈছে। ‘আৰ্য’ত সুস্মিতা সেনৰ লগতে চন্দ্ৰচুৰ সিং আৰু চিকন্দৰ খেৰে কেন্দ্ৰীয় চৰিত্ৰত অভিনয় কৰিছে।

Also Read: অপেক্ষাৰ অন্ত ! ঘোষণা হ’ল ‘গদাৰ ২’ৰ মুক্তিৰ দিন

sushmita sen