‘দ্য কাশ্মীৰ ফাইলছ’ত মই কৰা অভিনয় ৰাষ্ট্ৰীয় পুৰস্কাৰৰ যোগ্য’

‘দ্য কাশ্মীৰ ফাইলছ’ত মই কৰা অভিনয় ৰাষ্ট্ৰীয় পুৰস্কাৰৰ যোগ্য’

ডিজিটেল ডেস্ক: কৰ্মৰ স্বীকৃতি লাভ নকৰি হতাশ হৈ পৰিছে প্ৰখ্যাত অভিনেতা অনুপম খেৰ। হয়, শেহতীয়াকৈ ঘোষণা কৰা হ’ল ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৩ আৰু এই বঁটাপ্ৰাপ্তৰ তালিকাত নাম অন্তৰ্ভূক্ত নহ’ল অনুপম খেৰৰ। যাৰ বাবে এতিয়া ছ’চিয়েল মেডিয়াযোগে নিজৰ প্ৰাপ্য সন্দৰ্ভত মুকলিকৈ মত প্ৰকাশ কৰিছে অভিনেতাজনে।অভিনেতাজনৰ মতে, তেওঁ ‘দ্য কাশ্মীৰ ফাইলছ’ত কৰা অভিনয় ৰাষ্ট্ৰীয় পুৰস্কাৰৰ যোগ্য আছিল।

এই সন্দৰ্ভত অভিনেতাজনে টুইটাৰত উল্লেখ কৰে যে, 'দ্য কাশ্মীৰ ফাইলছ’য়ে ৰাষ্ট্ৰীয় বঁটা লাভ কৰাটো অতি সুখ আৰু গৌৰৱৰ বিষয়।ছবিখনে ৰাষ্ট্ৰীয় একত্ৰীকৰণৰ শ্ৰেষ্ঠ ফিচাৰ ছবিৰ বাবে নাৰ্গিছ দত্ত বঁটা লাভ কৰিছে। কেৱল এজন অভিনেতা হিচাপেই নহয়, ছবিখনৰ এজন কাৰ্যবাহী প্ৰযোজক হিচাপেও এই ছবিখনে লাভ কৰা স্বীকৃতিত মই সুখী। মোৰ অভিনয়ৰ বাবেও যদি এটা পুৰস্কাৰ পালেহেঁতেন, মই আৰু সুখী হ’লোহেতেন।কিন্তু যদি সকলো ইচ্ছা পূৰণেই হয়, তেন্তে আগলৈ কাম কৰাৰ আনন্দ আৰু উত্তেজনা কেনেকৈ থাকিব ? অহাবাৰ ! সকলো বিজয়ীলৈ মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল।’ 

আনহাতে, এক সাক্ষাৎকাৰত অনুপম খেৰে 'দ্য কাশ্মীৰ ফাইলছ’য়ে ৰাষ্ট্ৰীয় বঁটা লাভ কৰাত আনন্দ প্ৰকাশ কৰাৰ লগতে তেওঁৰ অভিনয়ৰ বাবে স্বীকৃতি নোপোৱাত শোক প্ৰকাশ কৰে।তেওঁ কয়, ‘আমি ৰাষ্ট্ৰীয় বঁটা লাভ কৰিম বুলি যথেষ্ট আশা কৰিছিলো। কাৰণ যেতিয়া আপুনি আপোনাৰ সৰ্বশ্ৰেষ্ঠ কাম কৰে, এনে আশা থকাটো স্বাভাৱিক। মই মোৰ অভিনয়ৰ বাবেও ৰাষ্ট্ৰীয় বঁটা লাভ কৰিম বুলি ভাবি আছিলো। কিয়নো সেয়া নিঃসন্দেহে মোৰ শ্ৰেষ্ঠ প্ৰদৰ্শন আছিল।’

উল্লেখ্য যে, আলিয়া ভাট আৰু কৃতি ছেননে শ্ৰেষ্ঠ অভিনেত্ৰী তথা আল্লু অৰ্জুনে শ্ৰেষ্ঠ অভিনেতাৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰে। 

‘দ্য কাশ্মীৰ ফাইলছ’ত মই কৰা অভিনয় ৰাষ্ট্ৰীয় পুৰস্কাৰৰ যোগ্য’
লাহে লাহে আধুনিকতাৰ মোহ এৰিছে ধৰ্মেন্দ্ৰয়ে !

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in