সমালোচনাই লগ এৰা নাই অংকিতা লোখণ্ডেৰ

অংকিতা লোখণ্ডে, নামেই যাৰ পৰিচয়।টেলিভিছনৰ সফল ধাৰাবাহিক 'পবিত্ৰ ৰিস্তা'ত 'অৰ্চনা'ৰ চৰিত্ৰত অভিনয়ৰ জৰিয়তে প্ৰতিগৰাকী ভাৰতীয়ৰ মনত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছিল এইগৰাকী অভিনেত্ৰীয়ে।অৱশ্যে বিগত কেইদিনমাহ মানৰ পৰা যেন বেয়া দিন চলি আছে অংকিতা লোখণ্ডেৰ।তেওঁ যিয়ে নকৰক কিয়, সকলোতে সমালোচনাৰে সন্মুখীন হৈছে।

author-image
Asomiya Pratidin
New Update
সমালোচনাই লগ এৰা নাই অংকিতা লোখণ্ডেৰ

ডিজিটেল ডেস্ক: অংকিতা লোখণ্ডে, নামেই যাৰ পৰিচয়।টেলিভিছনৰ সফল ধাৰাবাহিক 'পবিত্ৰ ৰিস্তা'ত 'অৰ্চনা'ৰ চৰিত্ৰত অভিনয়ৰ জৰিয়তে প্ৰতিগৰাকী ভাৰতীয়ৰ মনত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছিল এইগৰাকী অভিনেত্ৰীয়ে।অৱশ্যে বিগত কেইদিনমাহ মানৰ পৰা যেন বেয়া দিন চলি আছে অংকিতা লোখণ্ডেৰ।তেওঁ যিয়ে নকৰক কিয়, সকলোতে সমালোচনাৰে সন্মুখীন হৈছে।শেহতীয়াকৈ আনকি অভিনেত্ৰীগৰাকীক অনুৰাগীয়ে ডাইনীৰ সৈতে তুলনা কৰিছে।

Advertisment

হয়, অংকিতাই কেইদিনমান পূৰ্বে এক অনুষ্ঠানত ক'লা ৰঙৰ পোছাক পৰিধান কৰি ফটোৰ বাবে প'জ দিছিল আৰু এই ফটো ক্ষন্তেকতে ভাইৰেল হৈ পৰিছিল। এই ফটোখন দেখিয়েই অনুৰাগীসকলে অংকিতাক উদ্দ্যেশি খুব বেয়াকৈ মন্তব্য কৰে।বহুতেই অংকিতাৰ এই 'নিউ লুক'ক ডাইনীৰ সৈতে তুলনা কৰিলে।একাংশই অংকিতাক 'বিগ বছ'ৰ বিষয়ে উল্লেখ কৰি বেয়াকৈ সমালোচনা কৰিছে।আন একাংশই আকৌ অংকিতাই তেওঁৰ হৃদয়ৰ নিছিনা ক'লা পোছাক পিন্ধিছে বুলিও মন্তব্য কৰে।    

উল্লেখ্য যে, টেলিভিচনৰ সবোতোকৈ জনপ্ৰিয় ৰিয়েলিটি শ্ব' ‘বিগ বছ’ত শেহতীয়াকৈ অংকিতা আৰু তেওঁৰ স্বামীয়ে প্ৰতিযোগিতা আগবঢ়াইছিল। শ্ব’টোত দুয়োৰে সম্পৰ্কক কেন্দ্ৰ কৰিও বহুতেই সমালোচনা কৰিছিল অংকিতাক।আনকি এই প্ৰতিযোগিতাত জিকিব নোৱাৰাৰ বাবেও বহু প্ৰশ্নৰ সন্মুখীন হৈছিল অভিনেত্ৰীগৰাকী।

Also Read: অনন্ত আম্বানীৰ বিয়াৰ অনুষ্ঠানত অতিথিয়ে
পিন্ধিব নোৱাৰিব যিকোনো কাপোৰ