প্ৰাক্তন প্ৰেমিক সুশান্ত সিং ৰাজপুত সন্দৰ্ভত মুখ খুলিলে অংকিতা ল’খণ্ডেয়ে

অংকিতা ল’খাণ্ডে।হয়, টেলিভিছনৰ জনপ্ৰিয় ধাৰাবাহিক ‘পবিত্ৰ ৰিস্তা’ৰ অৰ্চনা। অদমনীয় অভিনয় দক্ষতাৰ সমান্তৰালকৈ ব্যক্তিগত জীৱনৰ বাবেও চৰ্চাৰ শীৰ্ষত থাকে অংকিতা ল’খাণ্ডে।অংকিতা সম্প্ৰতি টেলিভিছনৰ বিতৰ্কিত ৰিয়েলিটি শ্ব’ ‘বিগ বছ ১৭’ৰ প্ৰতিযোগী।যাৰ বাবে তেওঁ পুনৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।

author-image
Asomiya Pratidin
New Update
প্ৰাক্তন প্ৰেমিক সুশান্ত সিং ৰাজপুত সন্দৰ্ভত মুখ খুলিলে অংকিতা ল’খণ্ডেয়ে

ডিজিটেল ডেস্ক: অংকিতা ল’খাণ্ডে।হয়, টেলিভিছনৰ জনপ্ৰিয় ধাৰাবাহিক ‘পবিত্ৰ ৰিস্তা’ৰ অৰ্চনা। অদমনীয় অভিনয় দক্ষতাৰ সমান্তৰালকৈ ব্যক্তিগত জীৱনৰ বাবেও চৰ্চাৰ শীৰ্ষত থাকে অংকিতা ল’খাণ্ডে।অংকিতা সম্প্ৰতি টেলিভিছনৰ বিতৰ্কিত ৰিয়েলিটি শ্ব’ ‘বিগ বছ ১৭’ৰ প্ৰতিযোগী।যাৰ বাবে তেওঁ পুনৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।

Advertisment

প্ৰকৃততে, ‘বিগ বছ’ৰ শেহতীয়া এটা খণ্ডত অংকিতাক তেওঁৰ ব্যক্তিগত জীৱনৰ কেতবোৰ গোপন কথা মুকলিকৈ কোৱা দেখা গৈছে।'বিগ বছ'ৰ আন এগৰাকী প্ৰতিযোগী মুনব্বৰ ফাৰুকীৰ আগত এইসমূহ কথা মুকলিকৈ ক’লে অংকিতাই।অভিনেত্ৰীগৰাকীয়ে প্ৰথমবাৰৰ বাবে প্ৰয়াত অভিনেতা তথা অংকিতাৰ প্ৰাক্তন প্ৰেমিক সুশান্ত সিং ৰাজপুতৰ সৈতে তেওঁৰ সম্পৰ্কৰ সন্দৰ্ভত নীৰৱতা ভংগ কৰিছে।অভিনেত্ৰীগৰাকীয়ে কয় যে তেওঁ সুশান্ত সিং ৰাজপুতৰ সৈতে ৭ বছৰ ধৰি সম্পৰ্কত আছিল। দুয়োজন ধাৰাবাহিক ‘পবিত্ৰ ৰিস্তা’ৰ দৃশ্যগ্ৰহণৰ সময়ত প্ৰেমত পৰিছিল আৰু ইয়াৰ পিছত তেওঁলোকৰ সম্পৰ্ক বহু বছৰ ধৰি চলিছিল। সাত বছৰৰ পিছত তেওঁলোক দুয়োৰে বিচ্ছেদ হৈছিল। 

অংকিতাই লগতে কয়, 'আমাৰ সম্পৰ্ক এটা ৰাতিতে ভাঙিছিল।এটা ৰাতিতে সুশান্তে আমাৰ সম্পৰ্ক শেষ কৰি একপ্ৰকাৰ অদৃশ্য হোৱাৰ দৰে হৈ গৈছিল।আমাৰ সম্পৰ্ক শেষ হোৱাৰ কাৰণো মই গম পোৱা নাছিলো। সেই কাৰণ আচলতে সেই সময়ত তেওঁ সফলতাৰ শীৰ্ষত আছিল।সেয়েহে তৃতীয় পক্ষই হয়তো তেওঁক এই সিদ্ধান্ত ল'বলৈ বাধ্য কৰাইছিল।' তদুপৰি, এই সমগ্ৰ ঘটনাটোত তেওঁলোকৰ অনুৰাগীৰ মতবোৰক লৈ অসন্তুষ্ট অংকিতা। সেয়েহে তেওঁলোকৰ অনুৰাগীৰ প্ৰতিও ক্ষোভ উজাৰে অভিনেত্ৰীগৰাকীয়ে।

অংকিতাই তেওঁৰ সম্পৰ্কৰ বিষয়ে ৰাষ্ট্ৰীয় টেলিভিছনত ৰাজহুৱা কৰাৰ পাছত স্বাভাৱিকভাৱেই অনুৰাগীসকলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। উল্লেখ্য যে, অংকিতাৰ লগতে তেওঁৰ স্বামীয়েও ‘বিগ বছ’ত অংশ লৈছে।

Also Read: সুশান্ত সিং ৰাজপুতৰ পাছত এইবাৰ ৰিয়াৰ জালত পৰিছে যুৱ ব্যৱসায়ী