৬৬ বয়সতো চফল ডেকা হৈ আছে অনিল কাপুৰ

৬৬ বয়সতো চফল ডেকা হৈ আছে অনিল কাপুৰ

ডিজিটেল ডেস্ক: আজি বলীউডৰ ছুপাৰষ্টাৰ অনিল কাপুৰৰ জন্মদিন। 'বি টাউন'ৰ ‘এভাৰগ্ৰীন এক্টৰ’ অনিল কাপুৰে আজি ৬৬ বছৰত ভৰি দিলে।ৰাতিপুৱাৰে পৰা অগনন অনুৰাগীয়ে ছ'ছিয়েল মেডিয়াৰ জৰিয়তে অভিনেতাজনক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছে।

কন্যা ছোনম কাপুৰ আৰু জোৱাই আনন্দ আহুজাই বিশেষভাৱে পিতৃ অনিল কাপুৰক শুভেচ্ছা জনাইছে।ছোনমে পুত্ৰ বায়ুৰ সৈতে উঠা অনিল কাপুৰৰ এখন ফটো প’ষ্ট কৰি লিখিছে, ‘পৃথিৱীৰ শ্ৰেষ্ঠ পিতৃলৈ জন্মদিনৰ শুভেচ্ছা। আপুনি সৰ্বশ্ৰেষ্ঠ। আপুনি আমাৰ বাবে কৰা সকলোবোৰৰ বাবে আমি কৃতজ্ঞ।আপোনাৰ কন্যা হৈ জন্ম ল'বলৈ পাই মই গৌৰৱান্বিত।ভগৱানে আপোনাক কুশলে ৰাখক।’জোৱায়েক আনন্দ আহুজাইও পুত্ৰ বায়ুৰ সৈতে অভিনেতাজনৰ এখন ফটো শ্বেয়াৰ কৰি তেওঁক জন্মদিনৰ শুভেচ্ছা জনাই তেওঁৰ মংগল কামনা কৰে।

৬৬ বয়সতো চফল ডেকা হৈ আছে অনিল কাপুৰ
আনৰ সংসাৰ ভঙা প্ৰিয়ংকা চোপ্ৰাক তুলা ধুনা প্ৰীতি জিন্টাৰ

১৯৫৬ চনৰ ২৪ ডিচেম্বৰত জন্ম গ্ৰহণ কৰা অনিল কাপুৰ এজন সফল অভিনেতা আৰু প্ৰযোজক।তেওঁ দূৰদৰ্শন আৰু আন্তঃৰাষ্ট্ৰীয় ছবি আৰু দূৰদৰ্শনৰ লগতে মুখ্যতঃ হিন্দী ছবিত কাম কৰি অনুৰাগীক মনোৰঞ্জন কৰি আহিছে।এজন অভিনেতা হিচাপে তেওঁ ৪০ বছৰীয়া কেৰিয়াৰত অনিল কাপুৰে শতাধিক ছবিত অভিনয় কৰিছে। তেওঁ ইতিমধ্যে দুবাৰকৈ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু সাতটাকৈ ফিল্মফেয়াৰ বঁটা লাভ কৰিছে।এই অভিনেতাজনে ১৯৭০ চনত ‘তু পায়েল মে গীত’ নামৰ ছবিখনৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰিছিল।মিষ্টাৰ ইণ্ডিয়া, বিৰাশদ, পৰিণ্ডা, নায়ক, শ্লামডগ মিলেনিয়াৰ, লম্হে, ১৯৪২: এ লাভ ষ্ট’ৰী, তেজাব, পুকাৰ, ৱ’ চাত দিন, ৰাম লক্ষন, ন’ এণ্ট্ৰি আদি হৈছে অনিল কাপুৰ অভিনীত কেইখনমান ছুপাৰহিট ছবি।

৬৬ বয়সতো চফল ডেকা হৈ আছে অনিল কাপুৰ
Tea Side Effects: চাহ খাই শৰীৰটো ঘূণীয়া নকৰিব

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in