ঘৰুৱা বিয়াত মুকলিকৈ চিগাৰেট খাই সমালোচিত অনন্যা

কোনো সুন্দৰী যদি ড্ৰাগছৰ, আন কোনো আকৌ চিগাৰেটৰ আসক্ত।

author-image
Asomiya Pratidin
New Update
ঘৰুৱা বিয়াত মুকলিকৈ চিগাৰেট খাই সমালোচিত অনন্যা

ডিজিটেল ডেস্ক: বলীউড নিজেই এখন ডাঙৰ পৃথিৱী। ইয়াত সকলোৰে নিজা ৰুচি আছে। কোনোয়ে নাচিবলৈ, গান গাবলৈ, পাৰ্টি কৰিবলৈ ভাল পায়, কোনোবাই আকৌ সুৰাপান কৰি সুখী হয়। কেৱল অভিনেতাই নহয়, সুন্দৰী নায়িকাসকলো এই ক্ষেত্ৰত পিছপৰা নহয়। কোনো সুন্দৰী যদি ড্ৰাগছৰ, আন কোনো আকৌ চিগাৰেটৰ আসক্ত।

Advertisment

শেহতীয়াকৈ বলীউডৰ এগৰাকী অন্যতম জনপ্ৰিয় সুন্দৰীয়ে মুকলিকৈ চিগাৰেট সেৱন কৰি অনুৰাগীৰ ৰোষৰ বলি হৈছে। হয়, নৱ প্ৰজন্মৰ মাজত অতিকৈ জনপ্ৰিয় অভিনেত্ৰী অনন্যাক তেওঁৰ সম্পৰ্কীয় এখন বিয়াত মুকলিকৈ চিগাৰেট সেৱন কৰা দেখা গৈছে। অনন্যাই চিগাৰেট সেৱন কৰা ফটো ভাইৰেল হোৱাৰ পাছতেই তেওঁৰ অনুৰাগীসকল যথেষ্ট আচৰিত হৈছে।সকলোয়ে তেওঁৰ বিপক্ষেই ছ’ছিয়েল মেডিয়াত মত প্ৰকাশ কৰিছে।

সমগ্ৰ বিষয়টোক কেন্দ্ৰ কৰি বহু অনুৰাগীয়ে ছ’ছিয়েল মেডিয়াত অনন্যাৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে। ইফালে, এজন অনুৰাগীয়ে অনন্যাৰ ফটো শ্বেয়াৰ কৰি লেখিছে- ‘অনন্যাই এনেদৰে মুকলিকৈ ধূমপান কৰাটো আমি আশা নকৰো।’ আন এজনে লেখিছে-  ‘অনন্যাৰ এই বদ অভ্যাস আছে বুলি আমি নাজানিছিলো। তেওঁৰ ইমান ধুনীয়া আৰু মৰমলগা ওঁঠ আছে যে তেওঁ ধূমপান কৰে বুলি বিশ্বাস কৰিব নোৱাৰি।’

Also Read: অধিক দামত সামগ্ৰী বিক্ৰী : সমালোচিত গৌৰী খান

ananya pandey চিগাৰেট অনন্যা