খবৰটো সঁচা ! বিদেশত একেলগে সময় কটাইছে আদিত্য-অনন্যাই

অনুৰাগীসকলে কৰা সন্দেহ অৱশেষত সঁচা বুলিয়েই প্ৰমাণিত হ’ল। হয়, প্ৰেমৰ সম্পৰ্কত বান্ধ খালে বলীউডৰ দুই জনপ্ৰিয় অভিনেতা অভিনেত্ৰী সিদ্ধাৰ্থ ৰয় কাপুৰ আৰু অনন্যা পাণ্ডে।বিগত কেইদিনমানৰ পৰা এই প্ৰেমিক যুগলক বহু ঠাইত প্ৰায় সকলো সময়তে একেলগে দেখা পোৱা গৈছিল।

author-image
Asomiya Pratidin
New Update
খবৰটো সঁচা ! বিদেশত একেলগে সময় কটাইছে আদিত্য-অনন্যাই

ডিজিটেল ডেস্ক: অনুৰাগীসকলে কৰা সন্দেহ অৱশেষত সঁচা বুলিয়েই প্ৰমাণিত হ’ল। হয়, প্ৰেমৰ সম্পৰ্কত বান্ধ খালে বলীউডৰ দুই জনপ্ৰিয় অভিনেতা অভিনেত্ৰী সিদ্ধাৰ্থ ৰয় কাপুৰ আৰু অনন্যা পাণ্ডে।বিগত কেইদিনমানৰ পৰা এই প্ৰেমিক যুগলক বহু ঠাইত প্ৰায় সকলো সময়তে একেলগে দেখা পোৱা গৈছিল। যাৰ বাবে অনুৰাগীসকলে তেওঁলোকৰ মাজত প্ৰেম আছে বুলিয়েই  সন্দেহ প্ৰকাশ কৰিছিল।বহুতেই আকৌ সিদ্ধাৰ্থ ৰয় কাপুৰৰ সম্পৰ্ক শ্ৰদ্ধা কাপুৰৰ সৈতে আছে বুলিও সন্দেহত আছিল। পিছে এই সকলোবোৰ জল্পনা-কল্পনাৰ এতিয়া ওৰ পৰিছে।

Advertisment

এই প্ৰেমিক যুগলে মুম্বাইৰ পাছত এতিয়া বিদেশত সময় অতিবাহিত কৰিছে।তেওঁলোকৰ ঘনিষ্ঠ মূহুৰ্তৰ ফটো ছ’চিয়েল মেডিয়াত ভাইৰেল হৈ পৰিছে। এখন ৰেষ্টুৰেণ্টত বহি ইজনে সিজনৰ চকুত চকু থোৱা ফটোখনক লৈ এতিয়া সৰ্বত্ৰে চৰ্চাও চলিছে। সকলোয়ে তেওঁলোকৰ যুটিটো খুবেই মৰমলগা বুলি মন্তব্য কৰিছে। আন একাংশই আকৌ আদিত্য ৰয় কাপুৰ আৰু শ্ৰদ্ধা কাপুৰৰ যুটিটোহে বেছি আকৰ্ষণীয় বুলি মত প্ৰকাশ কৰিছে। 

আদিত্য আৰু অনন্যাই এতিয়া লিছবনত আচুতীয়া সময় অতিবাহিত কৰি আছে।উল্লেখ্য যে,  তেওঁলোকৰ এই প্ৰেম কাহিনীৰ বিষয়ে প্ৰথমে ইংগিত দিছিল পৰিচালক-প্ৰযোজক কৰণ জোহৰে। কৰণৰ ‘কফি উইথ কৰণ’ অনুষ্ঠানটোত অনন্যা উপস্থিত হৈ এই সম্পৰ্কৰ কিছু আভাস দিছিল।

Also Read: অনুৰাগীৰ বহু প্ৰশ্ন, বিয়াৰ পূৰ্বে এনে কৰাটো গ্ৰহণযোগ্য নে ?