ফূৰ্তিত তৎ নাই চাংকী পাণ্ডেৰ, পৰিয়ালত আনন্দৰ ঢৌ

বলীউডৰ অভিনেত্ৰী অনন্যা পাণ্ডে আৰু তেওঁৰ সমগ্ৰ পৰিয়ালে এতিয়া উদযাপন কৰিছে তেওঁলোকৰ সুখৰ সময়।হয়, মাতৃত্বৰ সুখ লাভ কৰিলে অনন্যাৰ সম্পৰ্কীয় ভগ্নী আলানা পাণ্ডেয়ে।

author-image
Asomiya Pratidin
New Update
ফূৰ্তিত তৎ নাই চাংকী পাণ্ডেৰ, পৰিয়ালত আনন্দৰ ঢৌ

ডিজিটেল ডেস্ক: বলীউডৰ অভিনেত্ৰী অনন্যা পাণ্ডে আৰু তেওঁৰ সমগ্ৰ পৰিয়ালে এতিয়া উদযাপন কৰিছে তেওঁলোকৰ সুখৰ সময়।হয়, মাতৃত্বৰ সুখ লাভ কৰিলে অনন্যাৰ সম্পৰ্কীয় ভগ্নী আলানা পাণ্ডেয়ে। আজি ছ’চিয়েল মেডিয়াযোগে আলানাই এই বিষয়ে ৰাজহুৱা কৰিছে। আলানাই এটি পুত্ৰ সন্তান জন্ম দিছে।

Advertisment

এই বিষয়ে অনন্যাইও ছ’চিয়েল মেডিয়াত এটা পষ্ট কৰি নিজৰ ফূৰ্তি প্ৰকাশ কৰিছে। প’ষ্টটোত অনন্যাই লেখিছে, ‘মোৰ মৰমৰ ভগ্নী এটি পুত্ৰ সন্তানৰ মাতৃ হৈছে।’ উল্লেখ্য যে, অনন্যাৰ পিতৃ চাংকী পাণ্ডেৰ ভাতৃৰ কন্যা আলানাই প্ৰেমিক আইভাৰ মেকৰাইকৰ লগত বিগত বৰ্ষৰ ১৬ মাৰ্চত বিবাহপাশত আবদ্ধ হৈছিল। ইয়াৰ পাছতে তেওঁ গৰ্ভধাৰণৰ খবৰ  ইনষ্টাগ্ৰাম একাউণ্টত এটা ভিডিঅ'ৰ জৰিয়তে অনুৰাগীসকলৰ সৈতে ভাগ বতৰা কৰিছিল।

সন্তান লাভৰ পাছত আলানাই এটা ভিডিঅ' শ্বেয়াৰ কৰি তেওঁলোকৰ ঘৰলৈ নতুন আলহী আগমনৰ বিষয়ে ৰাজহুৱা কৰিছে। এই ভিডিঅ'টোত আলানা, আইভাৰ আৰু শিশুটোক দেখা গৈছে।অৱশ্যে তেওঁ এই প'ষ্টটোত তেওঁৰ সন্তানটো পুত্ৰ নে কন্যা, সেই বিষয়ে প্ৰকাশ কৰা নাছিল। কিন্তু সন্তানটোৰ মাহীয়েক অনন্যাই তেওঁৰ প'ষ্টত সন্তানটোযে পুত্ৰ সেয়া স্পষ্ট কৰে।

Also Read: Alia Bhatt: আপোনাৰ-মোৰ দৰেই আলিয়া ভাটৰো প্ৰিয় দালি-ভাত