অভিষেকৰ চিনেমা চাই দুবাৰ কান্দিলে অমিতাভে

পুত্ৰ অভিষেক বচ্চনৰ ছবি চাই শোকত ভাঙি পৰিল অমিতাভ বচ্চন। হয়, অভিষেকৰ সদ্যমুক্তিপ্ৰাপ্ত ছবি ‘ঘুমাৰ’ চোৱাৰ পিছত আৱেগিক হৈ পৰে 'বিগ বি'। আৰ বাল্কিৰ দ্বাৰা পৰিচালিত ‘ঘুমাৰ’ এজন বিকলাঙ্গ খেলুৱৈৰ বিজয়ী কাহিনীৰ ওপৰত আধাৰিত ছবি।

author-image
Asomiya Pratidin
New Update
অভিষেকৰ চিনেমা চাই দুবাৰ কান্দিলে অমিতাভে

ডিজিটেল ডেস্ক: পুত্ৰ অভিষেক বচ্চনৰ ছবি চাই শোকত ভাঙি পৰিল অমিতাভ বচ্চন।  হয়, অভিষেকৰ সদ্যমুক্তিপ্ৰাপ্ত ছবি ‘ঘুমাৰ’ চোৱাৰ পিছত আৱেগিক হৈ পৰে 'বিগ বি'। আৰ বাল্কিৰ দ্বাৰা পৰিচালিত ‘ঘুমাৰ’ এজন বিকলাঙ্গ খেলুৱৈৰ বিজয়ী কাহিনীৰ ওপৰত আধাৰিত ছবি।

Advertisment

ছবিখনত অভিষেক বচ্চনে এজন প্ৰশিক্ষকৰ চৰিত্ৰত অভিনয় কৰিছে। অভিষেকৰ বিপৰীতে মূখ্য চৰিত্ৰত অভিনয় কৰিছে চৈয়ামী খেৰে।‘ঘুমাৰ’ত দুটি বিশেষ চৰিত্ৰত অভিনয় কৰিছে অংগদ বেদী আৰু শ্বাবানা আজমীয়ে।ছবিখন উপভোগ কৰি অমিতাভ বচ্চনে তেওঁৰ ব্লগত উল্লেখ কৰে যে, তেওঁ দুবাৰকৈ 'ঘুমাৰ' উপভোগ কৰিছে আৰু এই অনুভৱ শব্দৰে প্ৰকাশ কৰাটো খুবেই কঠিন।ছবিখনৰ প্ৰথম ফ্ৰেমৰ পৰাই তেওঁৰ চকুপানী ওলাবলৈ আৰম্ভ কৰিছিল।যেতিয়া এখন ছবিত নিজৰ সন্তানে অভিনয় কৰে, সেই ছবি উপভোগ কৰোতে অৱশ্যে বেছি আৱেগিক হোৱাটোও স্বাভাৱিক বুলিও মত প্ৰকাশ কৰে মেগাষ্টাৰজনে।

তেওঁ লগতে উল্লেখ কৰে, ‘ঘুমাৰ’ৰ কাহিনী অতুলনীয়। ক্ৰীড়াৰ প্ৰভাৱ যে কেৱল খেলৰ ওপৰতেই নহয়, গোটেই পৰিয়ালটোৰ ওপৰতে পৰে তাক ছবিখনত খুব সুন্দৰকৈ দেখুওৱা হৈছে। আমাৰ প্ৰত্যেকেই জীৱনৰ কোনো কোনো সময়ত বিফলতাৰ সন্মুখীন হ'বলগীয়া পৰিস্থিতি আহে আৰু ইয়াৰ অনুভৱ কি সেই সন্দৰ্ভত আমাৰ সকলোৰে অভিজ্ঞতাও আছে।আচলতে এয়া আমি সকলোয়ে সন্মুখীন হোৱা প্ৰত্যাহ্বান। আমি সকলোৱে ইয়াৰ জীৱনত সফলতা লাভৰ বাবে চেষ্টা কৰো। সকলোৱে ইয়াৰ বাবে সংগ্ৰাম কৰো।’উল্লেখ্য যে, ১৮ আগষ্টত মুক্তিপ্ৰাপ্ত ‘ঘুমাৰ’ৰ প্ৰথম দিনৰ ব্যৱসায় মাত্ৰ ৮৫ লাখ।

Also Read: অমিতাভ বচ্চনৰ ইমান টকা থকাৰ পাছতো অভিষেকৰ পৰা ধাৰ লৈ চলিছিল শ্বেতা বচ্চনে