/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/82f42b78-f3c5-4109-bee1-b03711e3b816/jaya.jpg)
ডিজিটেল ডেস্কঃ হেমকোষৰ দ্বি-ভাষিক ব্ৰেইল সংস্কৰণে বিশ্ব অভিলেখ গঢ়াৰ বাবে সাদিন-প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী, অসমীয়া প্ৰতিদিনৰ সম্পাদক জয়ন্ত বৰুৱাক শুকুৰবাৰে সম্বৰ্ধনা জনাই বিভিন্ন দল- সংগঠনৰ মুৰব্বীয়ে। 'অসমীয়া প্ৰতিদিন'ৰ ডিব্ৰুগড় সংস্কৰণৰ মুৰব্বী প্ৰৱীৰ চক্ৰৱৰ্তীৰ নেতৃত্বত যান্ত্ৰিক শাখা আৰু সম্পাদনা বিভাগৰ সদস্য তথা বিভিন্ন সংগঠনৰ মুৰব্বীয়ে তেওঁক ডিব্ৰুগড়ৰ কাৰ্যালয়ত সম্বৰ্ধনা জনায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/07d7763b-1131-4a3a-940b-98072f86adfb/b7acc539_a014_4579_a38f_0dfca2ff6904.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/23879a9f-0fb7-41ed-8557-d7ade1fd3dec/1f58c224_2a80_494b_85c4_9e631dc9428d.jpg)
ইয়াৰোপৰি হেমকোষৰ ব্ৰেইল সংস্কৰণ প্ৰকাশৰ ক্ষেত্ৰত লোৱা পদক্ষেপৰ বাবে বৰুৱাক ৫০ৰো অধিক সংগঠন উপস্থিত হৈ উক্ত অনুষ্ঠানত সম্বৰ্ধনা জ্ঞাপন কৰে। এখন সম্বৰ্ধনা পত্ৰ, ফুলাম গামোচা, শৰাই, জাপি আদিৰে অসমীয়া প্ৰতিদিনৰ সম্পাদক গৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/d2b7d6a6-275c-45fd-ac9e-b29638b27d88/2c092411_af10_4522_a511_2f897538c91e.jpg)
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/54a4a7d4-6a45-48ac-a485-f33b0f733280/e3076fe7_4f03_41bc_92e8_06b58ba52cb2.jpg)
ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, মিতভাষৰ স্ৰষ্টা, যশস্বী সাহিত্যিক ড০ নগেন শইকীয়াক সাক্ষাৎ কৰে জয়ন্ত বৰুৱাই। শইকীয়াৰ বাসগৃহত উপস্থিত হৈ জয়ন্ত বৰুৱা আৰু তেওঁৰ সহধৰ্মিণী ৰুবী বৰুৱাই যশস্বী সাহিত্যিক গৰাকীৰ আশীস গ্ৰহণ কৰে।
ড০ শইকীয়াই হোমকোষক দ্বি-ভাষিক ব্ৰেইল সংস্কৰণ প্ৰকাশৰ বাবে জয়ন্ত বৰুৱাক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰাৰ লগতে এখন পাটৰ গামোচাৰে সম্ভাষণ জনায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/d933cb95-6503-4073-a9a6-20066accb39f/c1af1842_062c_4fbf_b35a_30a60763e620.jpg)
ড০ শইকীয়াৰ আদৰ সম্ভাষণ গ্ৰহণ কৰি অসমীয়া প্ৰতিদিনৰ সম্পাদক গৰাকীয়েও পত্নীসহ যশস্বী সাহিত্যিক গৰাকীক এখন পাটৰ গামোচাৰে প্ৰতি সম্ভাষণ জ্ঞাপন কৰে। তাৰ পাছতে দুয়োয়ে ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাই প্ৰকাশ কৰি যোৱা হোমকোষৰ পৰা আৰম্ভ কৰি ব্ৰেইল সংস্কৰণলৈ আৰু অন্যান্য আপুৰুগীয়া গ্ৰন্থ সমূহ সংৰক্ষণ কৰাহে ধৰি বিভিন্ন দিশৰ ওপৰত আলোচনা কৰে।
উল্লেখ্য যে, হেমকোষৰ ব্ৰেইল সংস্কৰণৰ আগকথা লিখিছিল ড০ নগেন শইকীয়াই। লগতে হেমকোষৰ দ্বি ভাষিক ব্ৰেইল সংস্কৰণ প্ৰকাশৰ বাবে জয়ন্ত বৰুৱাক উৎসাহিত কৰিছিল শইকীয়াই।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/21478491-fb81-4daa-8218-cc9fbdfab651/f7742498_b252_4ed5_9965_41f66f70b399.jpg)
তাৰ পাছতে ডুমডুমাৰ এক অনুষ্ঠানত অংশ লৈছিল জয়ন্ত বৰুৱাই। অসমৰ সংবাদ ক্ষেত্ৰখনলৈ বিশেষ বৰঙণি আগবঢ়োৱা তথা প্ৰথম অসমীয়া অভিধান 'হেমকোষ'ৰ ব্ৰেইল সংস্কৰণ প্ৰকাশেৰে গীনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছৰ স্বীকৃতি লাভ কৰি অসমীয়া ভাষাক আৰু অধিক সমৃদ্ধিশালী কৰা বাবে জয়ন্ত বৰুৱাক 'যোগেশ দাস সোঁৱৰণী' বঁটাৰে সন্মানিত কৰা হয় । ডুমডুমা ৰাজহুৱা ৰঙালী বিহু সন্মিলনৰ উদযাপন সমিতিৰ সভাপতি ডা: প্ৰণৱজ্যোতি ডেকাৰ সভাপতিত্বত অনুষ্ঠিত বঁটা বিতৰণী, মুকুলি সভা আৰু সম্বৰ্দ্ধনা অনুষ্ঠানত বৰুৱাদেৱক সম্বৰ্ধনা পত্ৰ, স্মাৰক, গামোচা, চেলেং, শৰাই আৰু এটা পাগুৰিৰে উদযাপন সমিতিয়ে সন্মানিত কৰে ।
Also Read: ফাটবিহুৰ উচাহত বিধৌত ঢকুৱাখনা, ঐতিহাসিক ফাটবিহু আৰম্ভ