দুখীয়াক সহায় কৰিবলৈ আলিয়াক উপদেশ দিলে অনুৰাগীয়ে

অদমনীয় অভিনয়ৰে বলীউডত এক সুকীয়া আসন দখল কৰা অভিনেত্ৰী আলিয়া ভাটৰ সৌন্দৰ্যৰ বিষয়ে হয়তো পুনৰ কোৱাৰ প্ৰয়োজন নাই।অনুৰাগীৰ মতে, আলিয়াই যেতিয়া শাৰী পিন্ধে, তেতিয়া তেওঁৰ সৌন্দৰ্য দুগুণে ফুটি উঠে।সেয়ে হয়তো আলিয়াই ছবিয়েই হওঁক বা ব্যক্তিগত জীৱনতেই হওঁক, বেছিকৈ শাৰীয়েই পিন্ধে।কিন্তু এইবাৰ শাৰী পিন্ধাৰ বাবেই এইগৰাকী সুন্দৰী অভিনেত্ৰী বিতৰ্কত সোমাই পৰিছে ।

author-image
Asomiya Pratidin
New Update
দুখীয়াক সহায় কৰিবলৈ আলিয়াক উপদেশ দিলে অনুৰাগীয়ে

ডিজিটেল ডেস্ক: অদমনীয় অভিনয়ৰে বলীউডত এক সুকীয়া আসন দখল কৰা অভিনেত্ৰী আলিয়া ভাটৰ সৌন্দৰ্যৰ বিষয়ে হয়তো পুনৰ কোৱাৰ প্ৰয়োজন নাই।অনুৰাগীৰ মতে, আলিয়াই যেতিয়া শাৰী পিন্ধে, তেতিয়া তেওঁৰ সৌন্দৰ্য দুগুণে ফুটি উঠে।সেয়ে হয়তো আলিয়াই ছবিয়েই হওঁক বা ব্যক্তিগত জীৱনতেই হওঁক, বেছিকৈ শাৰীয়েই পিন্ধে।কিন্তু এইবাৰ শাৰী পিন্ধাৰ বাবেই এইগৰাকী সুন্দৰী অভিনেত্ৰী বিতৰ্কত সোমাই পৰিছে ।

Advertisment

হয়, ১ কোটি টকাৰ শাৰী পিন্ধাৰ বাবে অনুৰাগীৰে চোকা ভাষাৰে সমালোচনা কৰিছে অভিনেত্ৰীগৰাকীক।প্ৰকৃততে আলিয়াই এই কোটিটকীয়া শাৰীখন বিগত বৰ্ষত সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানীৰ বিবাহৰ অভ্যৰ্থনা অনুষ্ঠান পৰিধান কৰিছিল।সেই সময়ত এই শাৰীখনৰ দামৰ বিষয়ে চৰ্চা হোৱা নাছিল। কিন্তু শেহতীয়াকৈ এই শাৰীখন যে ইমান দামী, সেয়া পোহৰলৈ আহিছে আৰু ইয়াৰ পাছতে আৰম্ভ হৈছে বিতৰ্ক-সমালোচনা।

আলিয়াৰ এই বিশেষ শাৰীখনৰ দাম জানিব পাৰি অনুৰাগীসকলে ছ’চিয়েল মেডিয়াৰ জৰিয়তে তেওঁক উদ্দ্যেশি বহু মন্তব্য কৰিছে।একাংশই আলিয়াই পিন্ধা এই শাৰীখনৰ মূল্যৰে বহুত অনুৰাগীয়ে তেওঁলোকৰ ঘৰখন সাজিব পাৰিলেহেতেন বুলি মন্তব্য কৰিছে।আন একাংশই আকৌ শাৰীখন দামী যদিও আলিয়াক পিন্ধোতে একো ভাল দেখা নাই বুলি মত প্ৰকাশ কৰিছে।ইফালে, বহুতেই এই শাৰীখনত সোণ-হীৰাৰ কাম কৰা আছে নেকি বুলি আলিয়াক প্ৰশ্ন কৰিছে। কেইজনমানে ইমান দামৰ কাপোৰ নিপিন্ধি দুখীয়াৰ সহায়ৰ বাবে ধনৰাশি দান কৰিবলৈও আলিয়াক উপদেশ দিয়ে। উল্লেখ্য যে, আলিয়াই এই বিশেষ শাৰীখন ডিজাইন কৰিছে প্ৰখ্যাত ফেশ্বন ডিজাইনাৰ চাৱন গান্ধীয়ে।

Also Read: Alia Bhatt: আপোনাৰ-মোৰ দৰেই আলিয়া ভাটৰো প্ৰিয় দালি-ভাত