নিক জোনাছ-প্ৰিয়ংকা চোপ্ৰাৰ কন্যাৰ প্ৰথম ফটো ভাইৰেল

নিক জোনাছ-প্ৰিয়ংকা চোপ্ৰাৰ কন্যাৰ প্ৰথম ফটো ভাইৰেল

ডিজিটেল ডেস্ক : সম্প্ৰতি অধিকাংশ চেলিব্ৰেটীয়ে তেওঁলোকৰ সন্তানক অনুৰাগীক চকুৰ পৰা দূৰত ৰাখে। বহুতেই মুখখন ঢাকিহে ছ’ছিয়েল মেডিয়াত ৰাজহুৱা কৰে। ইয়াৰ কাৰণ বাৰু যিয়ে নহওঁক, কিন্তু এনে কৰাৰ ফলত তেওঁলোকৰ সন্তানৰ মুখখন চাবলৈ অনুৰাগীয়ে দুগুন উৎসাহৰে বাট চায় থাকে। বলীউডৰ অতি জনপ্ৰিয় অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই শেহতীয়াকৈ ৰাজহুৱা কৰিছে কন্যা  মালতী মেৰীৰ প্ৰথমখন ফটো আৰু ইয়াৰ পাছতে চৌদিশে চৰ্চিত হৈ পৰিছে কণমানি মালতী।

মালতী ইমানেই মৰমলগা যে আপুনি তাইৰ ফটোৰ পৰা চকু আঁতৰাব নোৱাৰে। ফটোখনলৈ চায় বহু অনুৰাগীয়ে মন্তব্য কৰিছে যে, মালতী তেওঁৰ দেউতাক নিক জোনাছৰ ‘কাৰ্বন কপি’।মালতীক মাতৃ প্ৰিয়ংকা চোপ্ৰাৰ সৈতে ‘হলীউড ৱাক অফ ফেম’ অনুষ্ঠানত উপস্থিত থকা দেখা গৈছে, য'ত ‘জোনাছ ব্ৰাদাৰ্ছ’ক সম্বৰ্ধনা জনোৱা হৈছিল।এই অনুষ্ঠানটোত কিন্তু সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল মালতী। প্ৰিয়ংকাই কন্যা মালতী মেৰী চোপ্ৰা জোনাছক বাহুত ধৰি থকাৰ বিপৰীতে মালতীয়ে প্ৰিয়ংকাৰ চশমাৰ সৈতে খেলি থকা দেখা গৈছে।

উল্লেখ্য, প্ৰিয়ংকা চোপ্ৰাই অলপতে তেওঁৰ কন্যাৰ সৈতে এখন আলোচনী ‘ফটো শ্বুট’ কৰিছিল, য’ত তেওঁ মালতীৰ মুখ লুকুৱাই ৰাখিছিল।ইয়াৰ পাছতে যথেষ্ট সমালোচনাৰ সন্মুখীন হৈছিল প্ৰিয়ংকা।ইফালে, ‘ছেৰগেচী’ পদ্ধতিৰে সন্তান জন্ম দিয়াক কেন্দ্ৰ কৰিও সমালোচিত হৈছিল অভিনেত্ৰীগৰাকী।এক সাক্ষাৎকাৰত প্ৰিয়ংকাই উল্লেখ কৰা মতে, এনে সমালোচনাই তেওঁক মনত যথেষ্ট আঘাত দিয়ে। তেওঁ গুৰুতৰ স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হোৱাৰ বাবে তেওঁ গৰ্ভৱতী হ'ব নোৱাৰে। যাৰ বাবে তেওঁ ‘ছেৰগেচী’ৰ জৰিয়তে সন্তান জন্ম দিলে।

নিক জোনাছ-প্ৰিয়ংকা চোপ্ৰাৰ কন্যাৰ প্ৰথম ফটো ভাইৰেল
সঞ্জয় দত্ত, আৰ্ছাদ ৱাৰ্ছীৰ পৰৱৰ্তী ছবিৰ ‘ফাৰ্ষ্ট লুক’ ভাইৰেল

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in