ছয় মাহৰ ব্যৱধানত মুক্তি লাভ কৰিব অক্ষয় কুমাৰৰ পৰৱৰ্তী ছবি

যেন অনুৰাগীৰ কথাৰ প্ৰতি কাণ দিলে বলীউডৰ ‘খিলাড়ী’ অক্ষয় কুমাৰে ! হয়, অক্ষয় কুমাৰৰ তেওঁৰ বহু প্ৰত্যাশিত ছবি ‘বড়ে মিয়া ছোটে মিয়া’ তেওঁৰ শেষৰখন ছবিৰ মুক্তিৰ ছয়মাহ পিছত ছবিগৃহলৈ আহিব।মুক্তিৰ পূৰ্বেই যথেষ্ট চৰ্চা লাভ কৰা এই ছবিখন আগন্তুক বৰ্ষৰ ২৪ এপ্ৰিলত মুক্তি পাব।

author-image
Asomiya Pratidin
New Update
ছয় মাহৰ ব্যৱধানত মুক্তি লাভ কৰিব অক্ষয় কুমাৰৰ পৰৱৰ্তী ছবি

ডিজিটেল ডেস্ক: যেন অনুৰাগীৰ কথাৰ প্ৰতি কাণ দিলে বলীউডৰ ‘খিলাড়ী’ অক্ষয় কুমাৰে ! হয়, অক্ষয় কুমাৰৰ তেওঁৰ বহু প্ৰত্যাশিত ছবি ‘বড়ে মিয়া ছোটে মিয়া’ তেওঁৰ শেষৰখন ছবিৰ মুক্তিৰ ছয়মাহ পিছত ছবিগৃহলৈ আহিব।মুক্তিৰ পূৰ্বেই যথেষ্ট চৰ্চা লাভ কৰা এই ছবিখন আগন্তুক বৰ্ষৰ ২৪ এপ্ৰিলত মুক্তি পাব।

Advertisment

প্ৰকৃততে, অক্ষয় কুমাৰ বলীউডৰ এনে এজন অভিনেতা, যাৰ বহুকেইখন ছবি এটা বছৰতে মুক্তি লাভ কৰে।বহুদিন ধৰি অভিনেতাজনৰ ছবিয়ে দৰ্শকক সন্তুষ্ট কৰিবলৈ সক্ষম হোৱা নাই।যাৰ বাবে অনুৰাগীসকলে তেওঁক কিছু কম তথা উচ্চ মানদণ্ডৰ ছবিত অভিনয় কৰাৰ উপদেশ দি আহিছিল।অনুৰাগীৰ এই উপদেশক কাণ দিয়েই হয়তো ছমাহৰ ব্যৱধানত পৰৱৰ্তী ছবি মু্ক্তি দিয়াৰ সিদ্ধান্ত লৈছে অভিনেয়াজনে।

‘বড়ে মিয়া ছোটে মিয়া’ৰ কাহিনী আৰু পৰিচালনা আলী আব্বাছ জাফৰৰ।প্ৰযোজনা কৰিছে বাশু ভাগনানী, দীপশিখা দেশমুখ, জেকি ভাগনানী, হিমাংশু কিষাণ মেহৰা আৰু আলী আব্বাছ জাফৰে। ছবিখনত অক্ষয় কুমাৰৰ লগতে মুখ্য চৰিত্ৰত অভিনয় কৰিছে টাইগাৰ শ্ৰফ আৰু মানুসী চিল্লাৰে।আন কেইটামান বিশেষ চৰিত্ৰত অভিনয় কৰিছে পৃথ্বীৰাজ সুকুমাৰন, ৰণিত ৰয় আৰু যুগল হনছৰাজে।

Also Read: পত্নী সন্দৰ্ভত মুখ খুলিছে বিকি কৌশলে, আচৰিত অনুৰাগী