আকাংক্ষাৰ হৃদয়ৰ পৰা ‘আউট’ মিকা সিং , ‘ইন’ হ'ল ছলমান খান

‘বিগ বছ অটিটি-২’ৰ অন্যতম চৰ্চিত প্ৰতিযোগী আকাংক্ষা পুৰী ইতিমধ্যে ‘বিগ বছ’ৰ ঘৰৰ পৰা বাহিৰ হৈছে। 'বিগ বছ অ'টিটি-২'ত চুম্বন বিতৰ্কত সাঙোৰ খোৱা আকাংক্ষাই ঘৰৰ পৰা বাহিৰ হৈছে পুনৰ কেতবোৰ মন্তব্য কৰিছে।

author-image
Asomiya Pratidin
New Update
আকাংক্ষাৰ হৃদয়ৰ পৰা ‘আউট’ মিকা সিং , ‘ইন’ হ'ল ছলমান খান

ডিজিটেল ডেস্ক: টেলিভিছনৰ সবাতোকৈ পছন্দৰ ‘ৰিয়েলীটি শ্ব’ ‘বিগ বছ’ত অংশগ্ৰহণকাৰীৰ অধিকাংশই তেওঁলোকৰ অদ্ভুত আচৰণৰ বাবে চৰ্চাত থাকে। এতিয়া ‘বিগ বছ অটিটি’ সম্পচাৰিত হৈ আছে। ‘বিগ বছ অটিটি-২’ৰ অন্যতম চৰ্চিত প্ৰতিযোগী আকাংক্ষা পুৰী ইতিমধ্যে ‘বিগ বছ’ৰ ঘৰৰ পৰা বাহিৰ হৈছে। 'বিগ বছ অ'টিটি-২'ত চুম্বন বিতৰ্কত সাঙোৰ খোৱা আকাংক্ষাই ঘৰৰ পৰা বাহিৰ হৈছে পুনৰ কেতবোৰ মন্তব্য কৰিছে। যাক লৈ এতিয়া সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

আকাংক্ষা হৈছে এনে এগৰাকী অভিনেত্ৰী, যি সকলো সকময়তে অনুৰাগীৰ দৃষ্টি আকৰ্ষণ কৰি থাকে। ‘বিগ বছ অটিটি-২’ৰ অন্যতম জনপ্ৰিয় প্ৰতিযোগী জাইদ হাদিদক চুম্বন কৰাৰ পিছত বিতৰ্কত নাম সাঙোৰ খাইছিল আকাংক্ষা পুৰীৰ। ‘বিগ বছ’ৰ ঘৰৰ পৰা ওলায়েই আকাংক্ষাই এই বিতৰ্ক অযথা বুলি মন্তব্য কৰি ছালমান খানহে তেওঁৰ বাবে গুৰুত্বপূৰ্ণ বুলি জানিবলৈ দিয়ে। তেওঁ লগতে  ছলমান খানক বিয়া কৰাব বিচাৰে বুলিও মুকলিকৈ মন্তব্য কৰে।কেৱল এয়াই নহয়, তাই লগতে বিগ বছৰ প্ৰতিযোগী অবিনাশ আৰু জাদ হাদিদৰ সৈতে ‘হুক আপ’ কৰিব বিচাৰে বুলিও মত প্ৰকাশ কৰে।
উল্লেখ্য যে, জনপ্ৰিয় কণ্ঠশিল্পী মিকা সিঙৰ প্ৰেয়সী বুলিও আকাংক্ষাৰ প্ৰতি অনুৰাগীৰ আকৰ্ষণ বেছি। পিছে মিকা-আকাংক্ষাই তেওঁলোকৰ সম্পৰ্কৰ বিষয়ে আজিলৈ স্পষ্ট কৰা নাই। মিকা সিঙৰ স্বয়ম্বৰত আকাংক্ষা বিজয়ী হৈছিল। সেই অনুসৰি তেওঁলোকৰ বিবাহ সম্পন্ন হ’ব লাগিছিল যদিও আজিও সেয়া হৈ উঠা নাই।

Also Read: আলিয়া ভাটৰ স্বামীৰ প্ৰশংসাত পঞ্চমুখ ৰশ্মিকা মান্দান্না