শকত চেহেৰাৰ ফটো ক্ষীণ কৰিলে ঐশ্বৰ্যই, সমালোচনাৰে থকা-সৰকা হ'ল অমিতাভৰ বোৱাৰী

পৰ্দাৰ পৰা আঁতৰি থাকিলেও প্ৰায়ে বাতৰিৰ শীৰ্ষত থাকে বলীউডৰ অভিনেত্ৰী তথা প্ৰাক্তন মিছ ৱৰ্ল্ড ঐশ্বৰ্য ৰায় বচ্চন।আনহাতে, সম্প্ৰতি ট্ৰ'লাৰৰো ঐশ্বৰ্যৰ প্ৰতি এক বিশেষ আসক্তি দেখিবলৈ পোৱা গৈছে।সেয়েহে তেওঁলোকে সুযোগ পোৱাৰ লগে লগে 'এয়াৰপৰ্ট লুক'য়েই হওঁক বা ফেশ্বন শ্ব'য়েই হওঁক, ঐশ্বৰ্য ৰায়ক ট্ৰ'ল কৰিবলৈ আৰম্ভ কৰে।শেহতীয়াকৈ এখন বিশেষ ফটোৰ বাবেও ট্ৰ'লাৰৰ চিকাৰ হৈছে অভিনেত্ৰীগৰাকী।

author-image
Asomiya Pratidin
New Update
শকত চেহেৰাৰ ফটো ক্ষীণ কৰিলে ঐশ্বৰ্যই, সমালোচনাৰে থকা-সৰকা হ'ল অমিতাভৰ বোৱাৰী

ডিজিটেল ডেস্ক: পৰ্দাৰ পৰা আঁতৰি থাকিলেও প্ৰায়ে বাতৰিৰ শীৰ্ষত থাকে বলীউডৰ অভিনেত্ৰী তথা প্ৰাক্তন মিছ ৱৰ্ল্ড ঐশ্বৰ্য ৰায় বচ্চন।আনহাতে, সম্প্ৰতি ট্ৰ'লাৰৰো ঐশ্বৰ্যৰ প্ৰতি এক বিশেষ আসক্তি দেখিবলৈ পোৱা গৈছে।সেয়েহে তেওঁলোকে সুযোগ পোৱাৰ লগে লগে 'এয়াৰপৰ্ট লুক'য়েই হওঁক বা ফেশ্বন শ্ব'য়েই হওঁক, ঐশ্বৰ্য ৰায়ক ট্ৰ'ল কৰিবলৈ আৰম্ভ কৰে।শেহতীয়াকৈ এখন বিশেষ ফটোৰ বাবেও ট্ৰ'লাৰৰ চিকাৰ হৈছে অভিনেত্ৰীগৰাকী।

Advertisment

পেৰিছ ফেশ্বন উইকত নিজৰ সৌন্দৰ্য প্ৰদৰ্শন কৰাৰ পিছত ঐশ্বৰ্য ৰায়ে অলপতে মুম্বাইৰ গেটৱে অফ ইণ্ডিয়াত এক অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল। সেই সময়ত ক'লা গাউনত তেওঁঁক খুব ধুনীয়া ধুনীয়া লগা হৈছিল। সেই অনুষ্ঠানৰে কেইখনমান ফটো অভিনেত্ৰীগৰাকীয়ে ছ'চিয়েল মেডিয়াত প'ষ্ট কৰে আৰু তাৰ পাছতে তেওঁ সীমাহীন সমালোচনাৰ সন্মুখীন হ'বলগীয়া হৈছে।

প্ৰকৃততে, এই ফটোকেইখনত ঐশ্বৰ্যক খুব ক্ষীণ দেখা গৈছে।অনুৰাগীসকলৰ মতে, ঐশ্বৰ্যই ফটোকেইখনত অত্যাধিক ফটোশ্বপ আৰু ফিল্টাৰ ব্যৱহাৰ কৰিছে। যাৰ বাবে তেওঁক পূৰ্বৰ দৰে ক্ষীণ আৰু ধুনীয়া দেখা গৈছে।তেওঁলোকৰ মতে, বৰ্তমান অভিনেত্ৰীগৰাকী হেনো শকত আৰু সিমান বেছি ধুনীয়া নহয়।

বহু অনুৰাগীৰে এই ফটোকেইখনৰ তলত মুকলিকৈ ঐশ্বৰ্যক সমালোচনা কৰিছে।এজনে লেখিছে- 'এয়া আপোনাৰ বৰ্তমানৰ ফটো নহয়।বৰ্তমান আপোনাৰ ওজন যথেষ্ট বেছি।' আন এজনে লেখিছে, 'আপুনি এই ফটোকেইখন বৰ বেছিকৈ 'এডিট' কৰিলে।যাৰ বাবে আপোনাৰ প্ৰকৃত চেহেৰা ফুটি উঠা নাই।মই বুজি পাওঁ যে বৰ্তমানৰ চেহেৰাত আপুনি সম্ভৱতঃ অলপ অসুৰক্ষিত।' এজনে আকৌ বয়স হোৱাৰ লগে লগে সকলোৰে শৰীৰ সলনি হয়, সেয়া একো বেয়া কথা নহয় বুলি মন্তব্য কৰিছে।

Also Read: অভিষেকৰ মাতৃ-ভগ্নীৰ কাণ্ডত অতিষ্ঠ ঐশ্বৰ্য