মঞ্চৰ পৰা বাগৰি পৰা ভিডিঅ' ভাইৰেল হোৱাৰ পিছত বাদশ্বাহৰ স্পষ্টীকৰণ

ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ'ক কেন্দ্ৰ কৰি সম্প্ৰতি চৰ্চাত আছে ৰেপাৰ বাদশ্বাহ।এই ভাইৰেল ভিডিঅ'ত লাইভ শ্ব' কৰি থকাৰ সময়তে তেওঁক মঞ্চত পৰা বাগৰি পৰা দেখা গৈছে।ইয়াৰ পাছতে বাদশ্বাহৰ স্বাস্থ্যৰ অৱস্থাক লৈ স্বাভাৱিকভাৱেই চিন্তিত হৈ পৰিছে তেওঁৰ অনুৰাগীসকল।

author-image
Asomiya Pratidin
New Update
মঞ্চৰ পৰা বাগৰি পৰা ভিডিঅ' ভাইৰেল হোৱাৰ পিছত বাদশ্বাহৰ স্পষ্টীকৰণ

ডিজিটেল ডেস্ক: ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ'ক কেন্দ্ৰ কৰি সম্প্ৰতি চৰ্চাত আছে ৰেপাৰ বাদশ্বাহ।এই ভাইৰেল ভিডিঅ'ত লাইভ শ্ব' কৰি থকাৰ সময়তে তেওঁক মঞ্চত পৰা বাগৰি পৰা দেখা গৈছে।ইয়াৰ পাছতে বাদশ্বাহৰ স্বাস্থ্যৰ অৱস্থাক লৈ স্বাভাৱিকভাৱেই চিন্তিত হৈ পৰিছে তেওঁৰ অনুৰাগীসকল। 

Advertisment

প্ৰকৃততে ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ থকা ভিডিঅ'টোত দেখা গৈছে যে বাদশ্বাহৰ দৰে দেখা এজন ব্যক্তিয়ে মঞ্চত গান গাই থাকোতে ভাৰসাম্য হেৰুৱাই মঞ্চৰ পৰা তললৈ বাগৰি পৰে। ইয়াৰ পাছতে তাত উপস্থিত লোকসকলে তেওঁক তুলিবলৈ দৌৰি যায়। এই ভিডিঅ'টো দেখি সকলোয়ে সেই ব্যক্তিজন বাদশ্বাহ বুলি দাবী কৰে।

কিন্তু বাদশ্বাহে শেহতীয়াকৈ তেওঁৰ ইনষ্টাগ্ৰাম একাউন্টতত শ্বেয়াৰ কৰিছে। যত তেওঁ সেই ভাইৰেল ভিডিঅ'টোৰ ব্যক্তিজন তেওঁ নহয় বুলি উল্লেখ কৰে। তেওঁ লগতে উল্লেখ কৰে ‘মই ভালে আছো।মোৰ হাত আৰু ভৰি সকলো ঠিকেই আছে।মঞ্চৰ পৰা পৰা ব্যক্তিজন মই নহয়। মঞ্চৰ পৰা পৰি যোৱা সেই গায়কজনো ভালে আছে।’ তেওঁ এই বিষয়ে টুইটও কৰিছে। তেওঁৰ এই স্পষ্টীকৰণৰ পিছতহে তেওঁৰ অনুৰাগীসকলে স্বস্তিৰ নিশ্বাস এৰিছে।

Also Read: ইলিয়ানা ডিক্ৰুজৰ গৰ্ভত থকা সন্তানৰ পিতৃ কেটৰিনাৰ ভাতৃ নহয়