ইটোৰ পিছত সিটো বিশেষ খবৰে গৰম কৰি ৰাখিছে বলীউড

‘ৱেলকাম’ ছিৰিজৰ সফলতাৰ বিষয়ে হয়তো দোহৰাৰ প্ৰয়োজন নাই।এই ছিৰিজৰ ‘ৱেলকাম ৩’ও দৰ্শকে অতি সোনকালে উপভোগ কৰিব পাৰিব।সম্প্ৰতি দৃশ্যগ্ৰহণ চলি থকা এই ‘ৱেলকাম ৩’ৰ নতুন নতুন খবৰে প্ৰতিদিনেই দৰ্শকৰ উৎসুকতা দুগুনে বৃদ্ধি কৰি ৰাখিছে।

author-image
Asomiya Pratidin
New Update
ইটোৰ পিছত সিটো বিশেষ খবৰে গৰম কৰি ৰাখিছে বলীউড

ডিজিটেল ডেস্ক: ‘ৱেলকাম’ ছিৰিজৰ সফলতাৰ বিষয়ে হয়তো দোহৰাৰ প্ৰয়োজন নাই।এই ছিৰিজৰ ‘ৱেলকাম ৩’ও দৰ্শকে অতি সোনকালে উপভোগ কৰিব পাৰিব।সম্প্ৰতি দৃশ্যগ্ৰহণ চলি থকা এই ‘ৱেলকাম ৩’ৰ নতুন নতুন খবৰে প্ৰতিদিনেই দৰ্শকৰ উৎসুকতা দুগুনে বৃদ্ধি কৰি ৰাখিছে। শেহতীয়া খবৰ অনুসৰি, এই ছবিখনত এটা বিশেষ চৰিত্ৰত অভিনয় কৰিছে আফতাব শিবদাছানীয়ে। এই বিষয়ে আফতাবে ছ’চিয়েল মেডিয়াযোগে ৰাজহুৱা কৰিছে।ইনষ্টাগ্ৰামত অক্ষম কুমাৰৰ সৈতে এখন বিশেষ ফটো শ্বেয়াৰ কৰি আফতাবে অনুৰাগীক এই খবৰ দিছে।

Advertisment

হয়, ‘ৱেলকাম’ ছিৰিজৰ তৃতীয়খন ছবি ‘ৱেলকাম টু দ্য জাংগল’ত অভিনয় কৰা তাৰকাৰ নাম দীঘলীয়া।মুক্তিৰ পূৰ্বেই সামাহীন চৰ্চা লাভ কৰা এই ছবিখনত অভিনয় কৰিছে অক্ষয় কুমাৰ, সঞ্জয় দত্ত, পৰেশ ৰাৱাল, আৰ্শ্বদ ৱাৰ্চী, সুনীল চেট্টী, ৰবীনা টেণ্ডন, দিশা পাটনি, জেকলিন ফাৰ্ণাণ্ডেজ, শ্ৰেয়াছ তালপাড়ে আৰু তুষাৰ কাপুৰে। ‘ৱেলকাম টু দ্য জাংগল’ৰ প্ৰযোজনা ফিৰোজ নাদিয়াদৱালাৰ আৰু পৰিচালনা আহমেদ খানৰ।উল্লেখ্য যে, ইয়াৰ পূৰ্বে বলীউডৰ অন্যতম সফল ছবি 'আৱাৰা পাগল দীৱানা'ত একেলগে দেখা গৈছিল আফতাব-অক্ষয়ক।

আনহাতে, সকলো দৰ্শকৰে প্ৰিয় ‘অন-স্ক্ৰীণ’ চৰিত্ৰ উদয় চেট্টী আৰু মজনু ভাই অৰ্থাৎ অনিল কাপুৰ আৰু নানা পাটেকাৰ এই ছবিখনৰ পৰা বাদ পৰিছে।ছবিখনত তেওঁলোকৰ ঠাই লৈছে শ্ৰেয়াছ তালপাড়ে আৰু তুষাৰ কাপুৰে।উল্লেখ্য যে, ২০০৭ চনত ছবিগৃহলৈ আহিছিল এই ছিৰিজৰ প্ৰথমখন ছবি ‘ৱেলকাম’ আৰু ২০১৫ চনত মু্ক্তি পাইছিল দ্বিতীয়খন ছবি ‘ৱেলকাম বেক’।এই দুয়োখন ছুপাৰহিট ছবিয়েই দৰ্শকৰ মনত বিশেষ সাঁচ বহুৱাবলৈ সক্ষম হৈছিল।

Also Read: দৰ্শকক মোহিবলৈ আকৌ যুটি বান্ধিছে ছানী-প্ৰীতিয়ে