দৰ্শকক মোহিবলৈ আকৌ যুটি বান্ধিছে ছানী-প্ৰীতিয়ে

ছবিপ্ৰেমী সকললৈ সুখবৰ ! অৱশেষত 'বিগ ক্ৰীণ'লৈ ঘূৰি আহিল সকলোৰে প্ৰিয় অভিনেত্ৰী প্ৰীতি জিণ্টা। ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ(আইপিএল)ত সততে দেখিবলৈ পোৱা প্ৰীতিক এতিয়া আকৌ দৰ্শকে বলীউডৰ ছবিত দেখিবলৈ পাব।

author-image
Asomiya Pratidin
New Update
দৰ্শকক মোহিবলৈ আকৌ যুটি বান্ধিছে ছানী-প্ৰীতিয়ে

ডিজিটেল ডেস্ক: ছবিপ্ৰেমী সকললৈ সুখবৰ ! অৱশেষত 'বিগ ক্ৰীণ'লৈ ঘূৰি আহিল সকলোৰে প্ৰিয় অভিনেত্ৰী প্ৰীতি জিণ্টা। ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ(আইপিএল)ত সততে দেখিবলৈ পোৱা প্ৰীতিক এতিয়া আকৌ দৰ্শকে বলীউডৰ ছবিত দেখিবলৈ পাব।

Advertisment

হয়, অভিনেত্ৰীগৰাকীয়ে ইতিমধ্যে এই নতুন ছবিখনৰ দৃশ্যগ্ৰহণ আৰম্ভ কৰিছে।ছবিখনৰ নাম ‘লাহোৰ ১৯৪৭’।নাম ঘোষণাৰ দিনাৰ পৰাই চৰ্চাত থকা এই ছবিখনত প্ৰীতি জিণ্টাৰ বিপৰীতে দেখা যাব ছানী দেউলক। ‘লাহোৰ ১৯৪৭’ৰ পৰিচালনা ৰাজকুমাৰ সন্তোষীৰ আৰু প্ৰযোজনা আমিৰ খানৰ।

ছবিখনৰ দৃশ্যগ্ৰহণ স্থলীৰ এখন ফটো ছ'চিয়েল মেডিয়াত প'ষ্ট কৰি প্ৰীতিয়ে এই খবৰ ৰাজহুৱা কৰিছে।ইয়াৰ পাছতে অভিনেত্ৰীগৰাকীক কেন্দ্ৰ কৰি এতিয়া সৰ্বত্ৰে চৰ্চা আৰম্ভ হৈছে।বহু অনুৰাগীয়ে ছ'চিয়েল মেডিয়াত এই সন্দৰ্ভত মুকলিকৈ মন্তব্য কৰি উৎসুকতা প্ৰকাশ কৰিছে।অনুৰাগীসকলৰ মতে, প্ৰীতি জিণ্টা ইমানে ধুনীয়া তথা পাকৈত অভিনেত্ৰী, যিয়ে আজি পৰ্যন্ত দৰ্শকৰ মনত প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে। ছবিখনত প্ৰবীণ অভিনেত্ৰী শ্বাবানা আজমী আৰু আলী ফজল আৰু ছানী দেউলৰ পুত্ৰ কৰণ দেউলেও বিশেষ চৰিত্ৰত অভিনয় কৰিছে।আগন্তুক বৰ্ষৰ প্ৰথমতেই এই ছবিখনে মুক্তি লাভ কৰিব।

Also Read: ছলমান খানেই নহয়, সঞ্জয় দত্তও বলীয়া হৈছিল ঐশ্বৰ্য ৰয়ৰ প্ৰেমত