সুশ্মিতাই নহয়, আন বহুকেইগৰাকী সুন্দৰীয়ে পৰিধান কৰিছে পুৰণি শাৰী

এইবাৰ এক ব্যতিক্ৰমী বিষয়ৰ বাবে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে অভিনেত্ৰী সুশ্মিতা সেন। হয়, শেহতীয়াকৈ এখন অতি পুৰণি শাৰী পিন্ধি এক পাৰ্টীত অংশ গ্ৰহণ কৰা দেখা গ'ল সুশ্মিতা সেনক আৰু ইয়াৰ পাছতেই চৌদিশে চৰ্চা চলিছে অভিনেত্ৰীগৰাকীৰ।

author-image
Asomiya Pratidin
New Update
সুশ্মিতাই নহয়, আন বহুকেইগৰাকী সুন্দৰীয়ে পৰিধান কৰিছে পুৰণি শাৰী

ডিজিটেল ডেস্ক: অপূৰ্ব সুন্দৰৰ অধিকাৰী হোৱাৰ বাবেই হওঁক অথবা অদমনীয় অভিনয় দক্ষতাৰ বাবেই হওঁক, প্ৰায় সকলো সময়তে চৰ্চাৰ শীৰ্ষত থাকে বলীউডৰ তাৰকা অভিনেত্ৰী সুশ্মিতা সেন। পিছে এইবাৰ এক ব্যতিক্ৰমী বিষয়ৰ বাবেহে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে অভিনেত্ৰীগৰাকী। হয়, শেহতীয়াকৈ এখন অতি পুৰণি শাৰী পিন্ধি এক পাৰ্টীত অংশ গ্ৰহণ কৰা দেখা গ'ল সুশ্মিতা সেনক আৰু ইয়াৰ পাছতেই চৌদিশে চৰ্চা চলিছে অভিনেত্ৰীগৰাকীৰ।

Advertisment

প্ৰকৃততে, শিল্পা ছেট্টীয়ে আয়োজন কৰা দেৱালী পাৰ্টীত সুশ্মিতা সেনে পৰিধান কৰে ১৯ বছৰ পুৰণি শাৰী।অভিনেত্ৰীগৰাকীৰ সৈতে এই পাৰ্টীত তেওঁৰ প্ৰাক্তন প্ৰেমিক ৰোহমান আৰু কন্যা ৰেনিয়েও অংশ গ্ৰহণ কৰে।ইয়াৰ পূৰ্বেও সুশ্মিতাই এই শাৰীখন 'কফি উইথ কৰণ'ৰ প্ৰথম ছিজনত পৰিধান কৰিছিল।য'ত তেওঁৰ সৈতে সঞ্জয় দত্তও উপস্থিত আছিল। পুৰণি শাৰীত নতুন ৰূপত দেখি বহু অনুৰাগীয়ে ছ’চিয়েল মেডিয়াত সুশ্মিতাক প্ৰশংসাৰে উপচাই পেলাইছে।অধিকাংশৰ মতে, ১৯ বছৰ পুৰণি শাৰী পিন্ধাৰ পাছতো আগৰ দৰেই জিলিকি আছে সুশ্মিতা সেন।

উল্লেখ্য যে, কেৱল সুশ্মিতায়ে নহয়, বলীউডৰ আন বহুকেইগৰাকী অভিনেত্ৰীয়েও তেওঁলোকৰ শাৰী পুনৰাবৃত্তি কৰিছে।ইয়াৰ ভিতৰত অন্যতম আলিয়া ভাট।আলিয়াই দিল্লীত অনুষ্ঠিত ৬৯ সংখ্যক ৰাষ্ট্ৰীয় বঁটা প্ৰদান অনুষ্ঠানত শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা গ্ৰহণৰ সময়ত পৰিধান কৰিছিল তেওঁৰ বিয়াত পিন্ধা ধুনীয়া শাৰীখন। শেহতীয়াকৈ জাহ্নৱী কাপুৰ আৰু খুছী কাপুৰকো পুৰণি শাৰী পিন্ধা দেখা গৈছে।ছবি নিৰ্মাতা-পৰিচালক তথা হ’ষ্ট কৰণ জোহৰৰ কাৰ্যালয়ত অনুষ্ঠিত ধনতেৰাছ পূজাত উপস্থিত হোৱাৰ সময়ত তেওঁলোক দুয়োকে পুৰণি শাৰী পৰিধান কৰা দেখা গৈছিল।

Also Read: স্বামীৰ কৰ্ম-কাণ্ডত দিশহাৰা হৈ পৰিছিল শিল্পা ছেট্টী