নীনা গুপ্তাৰ পৰা ইলিয়ানা, আলিয়ালৈ…বলীউডৰ অকথিত কাহিনী

ইফালে, বিবাহৰ পূৰ্বেই গৰ্ভৱতী হোৱাৰ বাবে আন বহুকেইগৰাকী বলীউডী সুন্দৰীয়ে এইধৰণে অনুৰাগীৰ প্ৰশ্নৰ সন্মুখীন হ'বলগীয়া হৈছে।আজি এই তালিকাত থকা অভিনেত্ৰীসকলৰ বিষয়ে জানো আহক-

author-image
Asomiya Pratidin
New Update
নীনা গুপ্তাৰ পৰা ইলিয়ানা, আলিয়ালৈ…বলীউডৰ অকথিত কাহিনী

ডিজিটেল ডেস্ক: সদায় নতুন নতুন খবৰৰ বাবে চৰ্চাত শীৰ্ষত থাকে বলীউড।সম্প্ৰতি অভিনেত্ৰী স্বৰা ভাস্কৰৰ গৰ্ভধাৰণৰ খবৰে অনুৰাগীসকলৰ মাজত বিশেষভাৱে চৰ্চা লাভ কৰিছে।ইয়াৰ কাৰণ অৱশ্যে কিছু সুকীয়া।হয়, মাত্ৰ তিনিমাহ পূৰ্বে বিবাহপাশত আৱদ্ধ হোৱা স্বৰাৰ গৰ্ভধাৰণৰ বাতৰিয়ে অনুৰাগীক কিছু ভবাই তুলিছে।অনুৰাগীসকলৰ মতে, বিবাহৰ পূৰ্বেই গৰ্ভৱতী হৈছে স্বৰা ভাস্কৰ।এই সন্দৰ্ভত অৱশ্যে বৰ্তমানলৈ কোনো স্পষ্টতা প্ৰদান কৰা নাই স্বৰা তথা তেওঁৰ স্বামী ফাহাদ আহমেদে।ইফালে, বিবাহৰ পূৰ্বেই গৰ্ভৱতী হোৱাৰ বাবে আন বহুকেইগৰাকী বলীউডী সুন্দৰীয়ে এইধৰণে অনুৰাগীৰ প্ৰশ্নৰ সন্মুখীন হ'বলগীয়া হৈছে।আজি এই তালিকাত থকা অভিনেত্ৰীসকলৰ বিষয়ে জানো আহক-

Advertisment

ইলিয়ানা ডি'ক্ৰুজ

শেহতীয়াকৈ ইলিয়ানাই অনুৰাগীসকলৰ সৈতে তেওঁৰ ‘বেবী বাম্প’ৰ ফটো ‘শ্বেয়াৰ’ কৰাৰ পাছতেই অনুৰাগীসকলে তেওঁক ‘ট্ৰ'ল’ কৰিবলৈ আৰম্ভ কৰে।কাৰণ ইলিয়ানা অবিবাহিতা। অনুৰাগীসকলে ছচিয়েল মেডিয়াত ইলিয়ানাৰ সন্তানৰ পিতৃ কোন বুলি প্ৰশ্ন উত্থাপন কৰিছে। 

আলিয়া ভাট

২০২২ চনৰ ১৪ এপ্ৰিলত বিবাহপাশত আৱদ্ধ হৈছিল বলীউডৰ বহু যুটি আলিয়া ভাট আৰু ৰণবীৰ কাপুৰ। সেই বছৰৰ ৬ নৱেম্বৰত আলিয়া এগৰাকী কন্যা সন্তানৰ মাতৃ হৈছিল। ইয়াৰ পাছতে অনুৰাগীসকলে আলিয়া বিবাহৰ পূৰ্বেই গৰ্ভৱতী আছিল বুলি সৰব চৰ্চা কৰা পৰিলক্ষিত হৈছিল।

নীনা গুপ্তা

প্ৰখ্যাত অভিনেত্ৰী নীনা গুপ্তাও সেই সকলৰ মাজৰ এগৰাকী অন্যতম, যি বিবাহৰ আগতেই গৰ্ভৱতী আছিল। তেওঁ আনকি বিবাহ অবিহনে সন্তান জন্ম দিয়াৰ সিদ্ধান্ত লৈছিল। নীনাৰ এই সিদ্ধান্ত বাবে বলীউডৰ লগতে পৰিয়ালৰ ফালৰ পৰাও তেওঁ যথেষ্ট সমস্যাৰ সন্মুখীন হবলগীয়াত পৰিছিল।

কল্কি ক’য়েচলিন

অভিনেত্ৰী কল্কি ক’য়েচলিনো বিবাহপাশত আবদ্ধ নোহোৱাকৈয়ে গৰ্ভৱতী হৈছিল। কল্কিয়ে বিয়া নোহোৱাকৈয়ে এগৰাকী কন্যা সন্তান জন্ম দিছে। কাল্কিয়ে এগৰাকী ইজৰাইলীৰ প্ৰেমত পৰিছিল, যাৰ নাম গাই হাৰ্শ্ববাৰ্গ। তেওঁৰ সৈতে সম্পৰ্কত থাকোতেই কল্কি গৰ্ভৱতী হৈছিল আৰু বিয়া নোহোৱাকৈ তেওঁ মাতৃ হৈছিল।

নেহা ধুপিয়া

যেতিয়া নেহা ধুপিয়া আৰু অংগদ বেদীৰ বিবাহ সম্পন্ন হৈছিল, সেই সময়ত নেহা গৰ্ভৱতী আছিল। বিবাহৰ মাত্ৰ ছয় মাহ পিছত নেহাৰ কন্যা মেহৰৰ জন্ম হৈছিল। গৰ্ভধাৰণৰ বাবেই দুয়োয়ে খৰখেদাকৈ বিবাহ পাশত আৱদ্ধ হৈছিল।

মহিমা চৌধুৰী

বিয়াৰ আগতে মহিমা চৌধুৰীও গৰ্ভৱতী হৈছিল। যাৰ বাবে  মহিমাই বহুত খৰখেদাকৈ বিবাহ পাশত আৱদ্ধ হৈছিল।

শ্ৰীদেৱী কাপুৰ

শ্ৰীদেৱী কাপুৰ এতিয়া এই পৃথিৱীত আৰু নাই। কিন্তু যেতিয়া তেওঁৰ বিবাহ পাশত আবদ্ধ হৈছিল, তেতিয়া তেওঁ সাত মাহৰ গৰ্ভৱতী আছিল। সেয়েহে তেওঁলোকে খৰখেদাকৈ বিবাহ পাশত আৱদ্ধ হৈছিল। শ্ৰী দেৱী আৰু বনী কাপুৰৰ কন্যা জাহ্নৱীৰ জন্ম তেওঁলোকৰ বিয়াৰ কিছুদিনৰ পিছতে হৈছিল।

ছাৰিকা ঠাকুৰ

ছাৰিকা ঠাকুৰে বিয়া নোহোৱাকৈয়ে দুগৰাকী কন্যা সন্তান জন্ম দিছে। শ্ৰুতি আৰু অক্ষৰা দুয়ো ছাৰিকা আৰু কমল হাছানৰ কন্যা। দুয়ো কন্যা সন্তান জন্ম দিয়াৰ পিছতহে তেওঁলোক বিবাহ পাশত আৱদ্ধ হৈছিল।  

গেব্ৰিয়েলা ডেমেট্ৰিয়াডেছ (গেব্ৰিয়েলা ডেমেট্ৰিয়াডেছ)

অৰ্জুন ৰামপালৰ মডেল-অভিনেত্ৰী প্ৰেমিকা গেব্ৰিয়েলা-ডেমেট্ৰিয়াডেছও বিবাহ অবিহনে মাতৃত্ব অৰ্জন কৰিছে। দুয়ো এটি পুত্ৰ সন্তানৰ অভিভাৱক। অৰ্জুন ৰামপালে ১৯৯৮ চনত ছুপাৰ মডেল মেহৰ জেচিয়াক বিয়া কৰাইছিল আৰু তেওঁলোকৰ মাহিকা আৰু মাইৰা নামৰ দুগৰাকী কন্যা সন্তান আছে।

বিবাহৰ পূৰ্বে সন্তান জন্ম দিয়া বলীউড সুন্দৰীৰ তালিকাত কংকনা সেনৰ নামো সন্নিবিষ্ট আছে।

Also Read: অৱশেষত সমালোচকক উপযুক্ত প্ৰত্যুত্তৰ দিলে আশীষ বিদ্যাৰ্থীয়ে