তীব্ৰ সমালোচনাৰ সন্মুখীন হ’ল প্ৰখ্যাত ডিজাইনাৰ সব্যসাচী

শেহতীয়াকৈ পুনৰ এনে এটা বিষয়ক লৈ ডিজাইনাৰজন তীব্ৰভাৱে সমালোচিত হৈছে।

author-image
Asomiya Pratidin
New Update
তীব্ৰ সমালোচনাৰ সন্মুখীন হ’ল প্ৰখ্যাত ডিজাইনাৰ সব্যসাচী

ডিজিটেল ডেস্ক: সব্যসাচী মুখাৰ্জী, নামেই যাৰ পৰিচয়।ভাৰতৰ প্ৰতিগৰাকী মহিলাই এইগৰাকী প্ৰখ্যাত ফেশ্বন ডিজাইনাৰ কাপোৰ পিন্ধাৰ সপোন দেখে।পিছে সব্যসাচী মুখাৰ্জী যিমানেই জনপ্ৰিয়, সিমানেই বিতৰ্কিত।তেওঁৰ ডিজাইনত কিছু অভাৱ থাকি যায় বুলি প্ৰায়ে অনুৰাগীসকলে আপত্তি কৰে।শেহতীয়াকৈ পুনৰ এনে এটা বিষয়ক লৈ ডিজাইনাৰজন তীব্ৰভাৱে সমালোচিত হৈছে।

Advertisment

সব্যসাচী ৱেডিংছৰ এক বিশেষ ফটোশ্বুটৰ এগৰাকী মডেলৰ বাবে এইবাৰ ডিজাইনাৰজন অনুৰাগীৰ লক্ষ্য হৈ পৰিছে। দৰাচলতে, ডিজাইনাৰজনে কেইদিনমান আগতে তেওঁৰ শেহতীয়া ‘কালেকছন’ মুকলি কৰিছে। য'ত এগৰাকী মডেলক অৰ্গেঞ্জা চিল্ক শাৰী পিন্ধা দেখা গৈছে।কিন্তু ইমান সুন্দৰ কাপোৰযোৰৰ সৈতে মডেলগৰাকীৰ দুখভৰা মুখখন দেখিহে অনুৰাগীসকল হতভম্ব হৈছে।ইয়াকে লৈ দেশবাসীয়ে এতিয়া ছছিয়েল মেডিয়া তোলপাৰ লগাইছে।

নেটিজেনসকলে  মডেলগৰাকীৰ মুখত প্ৰতিফলিত হোৱা ইমান দুখৰ কাৰণ কি বুলি প্ৰশ্ন উত্থাপিত কৰিছে।এগৰাকী ছ’ছিয়েল মেডিয়া ব্যৱহাৰকাৰীয়ে প্ৰকৃত কইনাই নিজৰ বিয়াত এনেদৰে দুখ অনুভৱ নকৰে বুলি মন্তব্য কৰিছে। এগৰাকীয়ে লেখিছে- যেতিয়া আপুনি বিয়াত বহিব নিবিচাৰে, কিন্তু তথাপিও বহিব লগাত হয়, তেতিয়া এনেদৰে মুখখন দুখী হৈ পৰে।আন এজন ব্যৱহাৰকাৰীয়ে লেখিছে- এনে লাগিছে যেন মডেলগৰাকীয়ে চাৰিদিন ধৰি খাদ্য খোৱা নাই। কিছুমানে আনকি মডেলগৰাকীক 'দুখী আত্মা' আৰু 'ৰুগীয়া কইনা' বুলিও অভিহিত কৰিছে।

Also Read: দীপিকাৰ আকৰ্ষণীয় চুলি, গুলপীয়া গালৰ ৰহস্য আপুনিও জানি লওক