‘বি টাউন’ত প্ৰৱেশৰ বাবে সাজু আৰ্য়ন খান

ছ'ছিয়েল মেডিয়াতে পুত্ৰক শুভকামনা জনালে শ্বাহৰুখ-গৌৰীয়ে

author-image
Asomiya Pratidin
New Update
‘বি টাউন’ত প্ৰৱেশৰ বাবে সাজু আৰ্য়ন খান

ডিজিটেল ডেস্ক: বলীউডত ‘ষ্টাৰ কিড’সকলৰ এক বিশেষ প্ৰধান্য আছে। কিন্তু সমালোচকৰ মতে, কোনো উপযুক্ত প্ৰতিভা নাথাকিলেও ‘ষ্টাৰ কিড’সকলে তেওঁলোকে পিতৃ-মাতৃৰ নাম লৈয়ে বলীউডত ৰাজত্ব কৰে। ‘ষ্টাৰ কিড’ৰ বাবেই বলীউডত প্ৰকৃত প্ৰতিভাবোৰে উচিত স্থান লাভ কৰিব নোৱাৰে।অৱশ্যে, সমালোচনা আৰু বিৰ্তকৰ চৰ্চা বলীউডত বাৰ মাহেই চলি থাকে ।এই চৰ্চাৰ মাজতেই আন এক ‘ষ্টাৰ কিড’য়ে বলীউডত ভৰি দিবলৈ সাজু হৈছে। হয়, বলীউডত ভূমুকি মাৰিবলৈ এতিয়া সম্পূৰ্ণ সাজু ছুপাৰষ্টাৰ শ্বাহৰুখ খানৰ জ্যেষ্ঠ পুত্ৰ আৰ্য়ন খান।পিছে অভিনেতা হিচাপে নহয়, লেখক তথা পৰিচালক হিচাপেহে আত্মপ্ৰকাশ কৰিব আৰ্য়নে।

Advertisment

‘বলীউডৰ কিং’ শ্বাহৰুখ খান আৰু গৌৰী খানৰ পুত্ৰ আৰ্য়ন খানে ছ’ছিয়েল মেডিয়া যোগে এই খবৰ ৰাজহুৱা কৰিছে। শেহতীয়াকৈ আৰ্য়নৰ এক ‘ইনষ্টাগ্ৰাম আপডেট’ অনুসৰি, আৰ্য়নে তেওঁৰ প্ৰথম প্ৰকল্পৰ লেখনি সম্পূৰ্ণ কৰিছে।তেওঁ পৰিচালক আৰু লেখক হিচাপে বলীউডত আত্মপ্ৰকাশ কৰিব।আনহাতে, তেওঁৰ এই প্ৰথম কামটোৰ প্ৰযোজনা 'ৰেড চিলিজ এণ্টাৰটেইনমেণ্ট'ৰ অৰ্থাৎ তেওঁৰ পিতৃ শ্বাহৰুখ খানৰ।

আৰ্য়নে তেওঁৰ ‘ইনষ্টাগ্ৰাম’ত এখন ‘স্ক্ৰিপ্ট’ আৰু এখন ‘ক্লেপবোৰ্ড’ৰ ফটো ‘শ্বেয়াৰ’ কৰিছে য'ত 'ৰেড চিলিজ এণ্টাৰটেইনমেণ্ট' লেখা আছে।ফটোৰ  শিৰোনামটোত লেখা আছে, ‘লেখনিৰ সৈতে মেৰিয়াই থোৱা... একচন ক'বলৈ অপেক্ষা কৰিব নোৱাৰি।’

আৰ্য়নৰ এই ঘোষণা লগে লগে তেওঁৰ গৌৰৱান্বিত পিতৃ-মাতৃ শ্বাহৰুখ খান আৰু গৌৰী খানে ছ’ছিয়েল মেডিয়াতে আৰ্য়নক প্ৰশংসা কৰি তেওঁক শুভকামনা জনায়।তেওঁলোকৰ লগতে বি টাউনৰ বহু নামী-দামী তাৰকাইও আৰ্য়নক শুভকামনা জনায়।

Also Read: জানুৱাৰীত কে এল ৰাহুল-আথিয়াৰ বিয়া

সুন্দৰ চেহেৰা তথা ব্যতিক্ৰমী ব্যক্তিত্বৰ বাবে প্ৰায়েই চৰ্চাত থাকে আৰ্য়ন খান।বিশেষকৈ বন্ধুৰ লগত পাৰ্টীৰ অনুষ্ঠানবোৰত আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ থাকে আৰ্য়ন।আৰ্য়ন শ্বাহৰুখ খানৰ বিভিন্ন ব্যৱসায়িক প্ৰকল্পতো সক্ৰিয়ভাৱে জড়িত। এই বছৰৰ আৰম্ভণিতে সুহানা খানৰ সৈতে ডুবাইত আন্তৰ্জাতিক লীগ টি-২০ ট্ৰফীৰ মুকলি অনুষ্ঠানতো অংশগ্ৰহণ কৰিছিল আৰ্য়নে।

bollywood actor shahrukh khan bollywood aryaan khan