/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/f7761e15-f922-43ad-a925-9b1803940b41/2222.jpg)
ডিজিটেল সংবাদ,গুৱাহাটী : বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এক সংবাদমেলত জে ডি এণ্ড কে পি প্ৰডাকচনৰ বেনাৰত নিৰ্মাণ হ’বলগীয়া নতুন অসমীয়া চিনেমা ‘ প্ৰস্তাৱনা— The Preamble’ৰ ঘোষণা কৰা হয়। প্ৰথিতযশা ঔপনাসিক, গল্পকাৰ, নিবন্ধকাৰ আৰু স্তম্ভলেখক দিলীপ বৰাৰ বহুপঠিত জনপ্ৰিয় উপন্যাস 'যাত্ৰা'ৰ আধাৰত নিৰ্মাণ কৰিবলৈ লোৱা হৈছে এই চিনেমাখন ৷
সাম্প্ৰতিক সয়ময়ৰ সামাজিক আৰু ৰাজনৈতিক পৰিস্থিতিয়ে ছাত্ৰ সমাজক কিদৰে ৰাজনীতিৰ চক্ৰবেহুত বন্দী কৰাৰ সম্ভাৱনা কঢ়িয়াই আনিছে তাৰেই এখন হুবহু ছবি চলচিত্ৰখনত তুলি ধৰাৰ প্ৰয়াস কৰা হৈছে। এই সম্পৰ্কে আজি সংবাদমেলত ঘোষণা কৰে চিনেমাখনৰ নিৰ্মাতা, পৰিচালক দিলীপ বৰা আৰু মানিক ৰয়ে ৷
'চাপৰিলে মেঘ নেৰায়' অসমীয়া সমাজৰ এই আপ্তবাক্যশাৰী মনত পেলাই চলচিত্ৰখনে দেশৰ নৱপ্ৰজন্মক গণতন্ত্ৰ বৰ্তাই ৰাখিবলৈ হ’লে সদাসতৰ্ক হৈ থকাৰ যে বিকল্প নাই তাকেই দোহাৰিছে ৷ ন্যায়, সমতা, স্বাধীনতা আৰু ভাতৃত্ববোধ; সংবিধানৰ এই চাৰিটা মৌলিক আধাৰেই যে আমাক বিশ্বৰ বৃহত্তম গণতন্ত্ৰৰূপে প্ৰতিষ্ঠা কৰিছে সেই সত্যৰ প্ৰতি নৱপ্ৰজন্মক সচেতন কৰাৰো ই এক প্ৰয়াস বুলি জানিবলৈ দিয়ে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/255bbb5f-27e3-43a5-8509-7fe6df964d10/228ea3e0-4c04-40c7-b394-8eff0c8075c3.jpg)
জানিবলৈ দিয়া মতে চিনেমাখনৰ প্ৰযোজনা আৰু পৰিচালনা দিলীপ বৰাৰ। লগতে আন এগৰাকী পৰিচালক হিচাপে থাকিব অসমৰ নাট্য জগতৰ এটি চিৰ পৰিচিত নাম, সুদক্ষ পৰিচালক মানিক ৰয়।
চিনেমাখনৰ কাহিনী আৰু চিত্ৰনাট্য ৰচনা কৰিছে দিলীপ বৰাই। সহকাৰী পৰিচালক হিচাপে থাকিব অনমোল ৰাজ শইকীয়া আৰু ভাস্কৰ দত্ত।
ডিৰেক্টৰ অৱ ফটোগ্ৰাফী হিচাপে থাকিব বিতুল বৰা। চিনেমাখন সম্পাদনা কৰিব এ.শ্ৰীকৰ প্ৰসাদে। শব্দ অৰ্ণৱ বৰাৰ। কলা নিৰ্দেশনাৰ দায়িত্ব দিয়া হৈছে গোলক সাহাক।
ইয়াৰোপৰি ছবিখনৰ সাজসজ্জাৰ দিশটো চোৱা-চিতা কৰিব সুমন ফুকনে। প্ৰযোজনা নিয়ন্ত্ৰক হিচাপে থাকিব উত্তম কুমাৰ ডেকা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/eeff12bb-b1b4-43bf-acff-f626dd675a5f/d08f17cf-c539-4284-9755-e87babfa0028.jpg)
ইফালে চিনেমাখনত ব্যৱহাৰ হ’বলগীয়া দুটি গীত ইতিমধ্যে সাজু কৰিছে সত্যৰঞ্জন ভূঞা আৰু হিতেশ্বৰ ৰয়ে। দুয়োগৰাকী সংগীতকৰ্মীয়ে গীত দুটি নিজে ৰচনা কৰাৰ লগতে সুৰাৰোপো কৰা বুলি সংবাদমেলত উল্লেখ কৰে।
নিৰ্মাণ হ'ব লগা চিনেমাখনত অভিনয় কৰিব লগা শিল্পীসকলোৰো নাম ৰাজহুৱা কৰা হয়। সেই অনুসৰি ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিব অসমৰ অভিনয় জগতৰ প্ৰসিদ্ধ তাৰকা তপন দাসে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/25c70fc7-5342-4789-a4ac-272f0da98bc7/6ee69fd7-bde5-4843-a5b3-ee31b5e2badd.jpg)
তদুপৰি আন আন গুৰুত্বপূৰ্ণ চৰিত্ৰসমূহ ৰূপায়ণ কৰিব ক্ৰমে পাৰ্ভি বৰুৱা, হিল্লোল কুমাৰ পাঠক, অশ্বিনী ভূঞা, অবতোষ ভূঞা, কৌশিক নাথ, আৰকে, সীমান্ত ৰাজ শৰ্মা কন্দলী, অন্তৰা চৌধুৰী, কল্পনা বৰুৱা, ৰশ্মিৰেখা শৰ্মা, সুৰজ কলিতা, মুকুত নাথ, ৰীণা চৌধুৰী,সমৰ বৰা, নিলোতপল দাস, চিত্ৰা ভৌমিক, সিদ্ধাৰ্থ ৰয় আদি কেইবাগৰাকী অভিনেতা অভিনেত্ৰীয়ে।
এই চিনেমাখনে অসমৰ দৰ্শকক অন্য এক চিনে মাদকতা প্ৰদান কৰিব বুলি বিশ্বাসেৰে অৱগত কৰে চিনেমাখনৰ নিৰ্মাতা, পৰিচালক ক্ৰমে দিলীপ বৰা আৰু মানিক ৰয়ে।