/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/b3a8874e-9d84-4f55-a248-bc851c67450c/pratidintime_2024_02_e95f8338_482c_4e7e_8163_ccf552efdc9d_WEB_PT_Recovered.avif)
ডিজিটেল ডেস্ক : অসম আৰক্ষী-প্রশাসনত বুধবাৰে ব্যাপক ৰদ-বদল কৰা হৈছে। এই অনুসৰি ডিমা হাছাওৰ নতুন আৰক্ষী অধীক্ষক হিচাপে টাবুৰাম পেগুক নিযুক্তি দিয়া হৈছে।
একেদৰে ওদালগুৰিৰ আৰক্ষী অধীক্ষকৰূপে সুশান্ত বিশ্ব শৰ্মাক নিযুক্তি দিয়া হৈছে।অক্ষত গাৰ্গক চিৰাঙৰ নতুন আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি দিয়া হৈছে। ইয়াৰোপৰি ৰিপুঞ্জয় কাকতিক লখিমপুৰ জিলা আৰক্ষী অধীক্ষক হিচাৰে নিযুক্তি দিয়াৰ কথা নিৰ্দেশনাত উল্লেখ কৰা হৈছে।
আনহাতে অপৰ্ণা নটৰাজনক ডি জি পি কাৰ্যালয়ৰ বিশেষ বিষয়া হিচাপে নিযুক্তি দিয়া হৈছে। একেদৰে অলিন্দিতা গগৈক ক্রীড়াৰ এ আই জি পি হিচাপে বদলি কৰা হৈছে।পাত্রিক ৰংহাঙক ১৪ নং অসম পুলিচ বেটেলিয়ন দৌলাশালৰ কমাণ্ডেণ্ট হিচাপে নিযুক্তি দিয়া হৈছে।
বিপৰীতে ১৪নং অসম পুলিচ বেটেলিয়নৰ সৌৰভ শইকীয়াক দেৰগাঁৱৰ কমাণ্ডেণ্টৰূপে বদলি কৰা হৈছে। ময়ংক কুমাৰ ঝাক বৰপেটা জিলা আৰক্ষী অধীক্ষক হিচাপে বদলি কৰা হৈছে।
নিৰ্দেশনাত উল্লেখ থকা অনুসৰি পুস্কিন জৈনক দুৰ্নীতি নিবাৰক আৰু তদাৰকী কোষৰ এছ পি হিচাপে নিযুক্তি দিয়া হৈছে। একেদৰে বেদান্ত মাধৱ ৰাজখোৱাকো দুৰ্নীতি নিবাৰক আৰু তদাৰকী কোষৰ এছ পি হিচাপে নিযুক্তি দিয়া হৈছে। ইফালে পংকজ যাদৱক ছাইবাৰ অপৰাধৰ এছ পি হিচাপে নিযুক্তি দিয়াৰ কথা নিৰ্দেশনাত উল্লেখ কৰে।
Also Read: ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শাৰীৰিক প্ৰমূখ সৌৰভ কলিতাৰ অকাল বিয়োগ