প্ৰতিবাদ আৰু ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত, CIDৰ জেৰাত শিক্ষক কৰ্মচাৰী....

পিছে কিমান ফলপ্ৰসু এই প্ৰতিবাদ? ৰাজ্যত প্ৰায় প্ৰতিবছৰেই পৰীক্ষা কেন্দ্ৰীক বিসংগতিয়ে দেখা দি আহিছে আৰু এনেধৰণৰ বিসংগতিৰ পিছতেই গা-কৰি উঠে বিভিন্ন প্ৰতিবাদে...

author-image
Asomiya Pratidin
New Update
প্ৰতিবাদ আৰু ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত, CIDৰ জেৰাত শিক্ষক কৰ্মচাৰী....

ডিজিটেল ডেস্ক: বাতিল হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ 'বিজ্ঞান' পৰীক্ষা। মাজ নিশা এই খবৰ বিয়পি পৰাৰ লগে লগে চৰ্চা চলিল সামাজিক মাধ্যমত। তাৰপাছতেই সোমবাৰে পুৱা ৮ বজাৰ লগে লগে শিক্ষাৰ্থী পৰীক্ষা কেন্দ্ৰত উপস্থিত হোৱাৰ পিছত প্ৰায় সমগ্ৰ অসমতে আৰম্ভ হয় তীব্ৰ প্ৰতিবাদ। এক প্ৰকাৰে সংগঠন, ছাত্ৰ-ছাত্ৰীৰ উত্তাল প্ৰতিবাদত কঁপি উঠিল পৰীক্ষা কেন্দ্ৰ কিম্বা ৰাজ্যৰ ৰাজপথ।

পিছে কিমান ফলপ্ৰসু এই প্ৰতিবাদ? ৰাজ্যত প্ৰায় প্ৰতিবছৰেই পৰীক্ষা কেন্দ্ৰিক বিসংগতিয়ে দেখা দি আহিছে আৰু এনেধৰণৰ বিসংগতিৰ পিছতেই গা-কৰি উঠে বিভিন্ন প্ৰতিবাদে। পিছে প্ৰতিবাদৰ উচিত মূল্য জানো পাইছে এই সকল শিক্ষাৰ্থীয়ে? প্ৰতিবছৰে কৰি অহা প্ৰতিবাদৰ মূল্য স্বৰূপে অনন্ত এটা বছৰ হ’লেও বিসংগতি মুক্ত পৰীক্ষা পাতিব পাৰিব লাগিছিল SEBAই। ইয়াৰ বিপৰীতে প্ৰতিবছৰে SEBAই নিজৰ দুৰ্বলতাহে প্ৰদৰ্শন কৰা দেখিবলৈ পোৱা যায়। আকৌ এনে বিসংগতি সমূহৰ কোনো তথ্যই নাথাকে SEBAৰ হাতত। কেনেদৰে প্ৰশ্ন কাকত ফাদিল হ'বলৈ পায় তাৰ সুং-সুত্ৰও পৰৱৰ্তী পৰ্যায়ত উলিওয়াত প্ৰতিবাৰেই বিফল হয় SEBA কৰ্তৃপক্ষ। ইপিনে পৰীক্ষা কেন্দ্ৰিক এনে বিসংগতিক লৈ পাতলীয়া মন্তব্য কৰা দেখা যায় ৰাজ্যৰ শিক্ষা মন্ত্ৰী গৰাকীক। অৱশ্যে ৰাজ্যৰ শিক্ষা বিভাগে পৰীক্ষাৰ বিসংগতিৰ সন্দৰ্ভত CIDৰ ওচৰত গোচৰ ৰুজু কৰাৰ কথা ব্যক্ত কৰাৰ পিছতেই ইতিমধ্যেই তদন্তৰ আওতালৈ অনা হৈছে শিক্ষক-কৰ্মচাৰীক। SEBAৰ তিনিজন বিষয়া CIDৰ জেৰাত বহাৰ পিছতেই মহানগৰীৰ এখন বিদ্যালয়ৰ শিক্ষকক তদন্তৰ আওতালৈ আনিছে CIDয়ে।

আনহাতে মাত্ৰ SEBAই নহয়, AHSECও বিসংগতি মুক্ত পৰীক্ষা অনুষ্ঠিত কৰাত বিফল হৈছে। সেইয়া লাগিলে প্ৰশ্ন কাকত ফাদিল হোৱাৰ ক্ষেত্ৰতে হওঁক বা প্ৰশ্ন কাকত সাল-সলনি কৰাৰ ক্ষেত্ৰতে হওঁক। বহু সময়ত অনুষ্ঠিত কৰা পৰীক্ষাৰ সলনি অন্য বিষয়ৰ প্ৰশ্ন কাকত পৰীক্ষা হলত বিতৰণ কৰাৰ উদাহৰণো বহুত। বিসংগতিৰে ভৰা পৰীক্ষাই ছাত্ৰ-ছাত্ৰীক মানসিক শাস্তি দি আহিছে। আৰু এনেবোৰ বিসংগতিৰ পাছতেই দল-সংগঠন জাঙুৰ খাই প্ৰতিবাদ কৰাৰ সমান্তৰাল ভাৱে ছাত্ৰ-ছাত্ৰী নিজেও প্ৰতিবাদত নামি পৰে।

ঠিক তেনেদৰে, আজিও ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেখা গ’ল এনেধৰণৰ প্ৰতিবাদ; যি প্ৰতিবাদে ছাত্ৰ-ছাত্ৰীক বিৰূপ প্ৰভাৱ পেলাই আহিছে। কিন্তু এনে প্ৰতিবাদৰ বাবে দায়ী কোন? এনে প্ৰতিবাদৰ পাছত ছাত্ৰ-ছাত্ৰীৰ মানসিক স্থিতি কেনে হ’ব? প্ৰতিবাদ কৰি ঘৰলৈ উভতা ছাত্ৰ-ছাত্ৰী সকলে স্থিৰতাৰে পঢ়া মেজত বঢ়িব পাৰিব নে? এনেবোৰ কথা এতিয়া SEBA, AHSECৰ বাবে সাঁথৰহে মাত্ৰ! তদুপৰি চৰকাৰৰ শিক্ষা বিভাগতোও এই ক্ষেত্ৰত বিফল। ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতক লৈ মাত্ৰ শিক্ষক নিযুক্তিতেই যেন দ্বায়িত্ব সামৰিছে চৰকাৰে।

Also Read: 'নাটু নাটু' লৈ Best Original Song Award

Assam Higher Secondary Education Council education department of assam Secondary Education Board of Assam