১৪ এপ্ৰিলত অসমে পাব স্বাস্থ্য, যোগাযোগ আৰু উদ্যোগখণ্ডত কেইবাটাও সম্পদ...

১৪ এপ্ৰিলত অসমে পাব স্বাস্থ্য, যোগাযোগ আৰু উদ্যোগখণ্ডত কেইবাটাও সম্পদ...
১৪ এপ্ৰিলত অসমে পাব স্বাস্থ্য, যোগাযোগ আৰু উদ্যোগখণ্ডত কেইবাটাও সম্পদ...

ডিজিটেল ডেস্কঃ ১৪ এপ্ৰিল, ২০২৩- অসমৰ বাবে এক বিশেষ দিন হিচাপে পৰিগণিত হৈ ৰ’ব। এই বিশেষ দিনটোতেই বিহুক গীনিজ বুক অফ ৱ’ৰ্ল্ড ৰেকৰ্ডত স্থান দিয়াৰ লগতে অসমে লাভ কৰিব আন বহুকেইটা উল্লেখনীয় সম্পদ।

ৰাজ্যৰ স্বাস্থ্য, যোগাযোগ আৰু উদ্যোগ খণ্ডক অধিক শক্তিশালী কৰি তুলিব পৰাকৈ কেইবাটাও প্ৰকল্প শুভ উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে। ইতিমধ্যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই চাংসাৰিত নিৰ্মিত এইমছ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ হাতেৰে শুভ উদ্বোধন কৰাৰ ইচ্ছা সংবাদ মাধ্যমত প্ৰকাশ কৰিছে।

সেই অনুসৰিয়েই এইমছক শুভ উদ্বোধনৰ বাবে সাজু কৰি তোলা হৈছে। স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই এইমছলৈ গৈ সকলো দিশ চোৱাচিতা কৰাৰ লগতে অগ্ৰগতিৰ বুজ লৈছে।

জানিব পৰা মতে ১৪ এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী অসমলৈ অহাৰ সময়তে নৱ নিৰ্মিত এই চিকিৎসা প্ৰতিষ্ঠানখন দেশবাসীৰ বাবে মুকলি কৰিব। আনহাতে প্ৰধানমন্ত্ৰী মোডীয়ে শুভ উদ্বোধন কৰিব অসমৰ আন ৩ খন নতুনকৈ নিৰ্মাণ কৰা চিকিৎসা মহাবিদ্যালয় হাস্পতাল।

কোকৰাঝাৰ মেডিকেল কলেজ হাস্পতাল, নগাওঁ মেডিকেল কলেজ হাস্পতাল আৰু নলবাৰী মেডিকেল কলেজ হাস্পতাল শুভ উদ্বোধন কৰিব মোডীয়ে। উল্লেখ্যে, এই তিনিওখন চিকিৎসা মহাবিদ্যালয় হাস্পতালে চলিত শিক্ষা বৰ্ষৰ পৰাই এম বি বি এছৰ পাঠ্যক্ৰম আৰম্ভ কৰাৰ যাৱতীয় অনুমোদন লাভ কৰিছে।

তিনিওখন চিকিৎসা মহাবিদ্যালয়তে ১০০ খনকৈ মুঠ ৩০০ এম বি বি এছৰ পাঠ্যক্ৰমৰ বাবে নতুনকৈ আসন সংযোজিত হৈছে। ইয়াৰ লগে লগে ৰাজ্যত এম বি বি এছৰ পাঠ্যক্ৰমৰ মুঠ আসনৰ সংখ্যা ১৫০০ লৈ বৃদ্ধি পাইছে।

সৰুসজাইত অনুষ্ঠিত হ’বলগীয়া বিহুৰ বিশ্ব অভিলেখৰ অনুষ্ঠানৰ পৰা প্ৰধানমন্ত্ৰী মোডীয়ে ভাৰ্ছুৱেলী শুভ উদ্বোধন কৰিব বন্দে ভাৰত এক্সপ্ৰেছ। অসমৰ যোগাযোগ ব্যৱস্থাক নতুন মাত্ৰা প্ৰদান কৰিব এই বন্দে ভাৰত এক্সপ্ৰেছে।

এইখনেই হ’ব অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছ। গুৱাহাটীৰ পৰা নিউ জলপাইগুৰিলৈ চলিব এই ৰেলখন। আনহাতে একেটা অনুষ্ঠানৰ পৰা প্ৰধানমন্ত্ৰী মোডীয়ে শুভ উদ্বোধন কৰিব নামৰূপস্থিত এ পি এলৰ মিথানল প্ৰকল্প।

উল্লেখ্য যে, এ পি এল অসম চৰকাৰৰ এটা উল্লেখনীয় লাভজনক উদ্যোগলৈ পৰিণত হৈছে। এই উদ্যোগত অসম চৰকাৰ অংশীদাৰিত্ব ৫১ শতাংশ। এ পি এলৰ এই বৰ্ধিত মিথানল প্ৰকল্পই দৈনিক ৫০০ টন মিথানল উৎপাদন কৰাৰ লগতে ২০০ টন ফৰ্মেলিন উৎপাদন কৰিবলৈ সক্ষম হ’ব।

প্ৰথম অৱস্থাত এ পি এলে বাংলাদেশলৈ মিথানল ৰপ্তানি কৰিব। মেঘালয় সীমান্তৰে স্থলপথেৰে আৰম্ভ হ’ব এই বাণিজ্য। পৰৱৰ্তী সময়ত অৱশ্যে জলপথেৰেও এই বাণিজ্যক সম্প্ৰসাৰণ কৰাৰ পৰিকল্পনা গ্ৰহণ কৰা হৈছে।

ইয়াৰোপৰি চুবুৰীয়া ভূটান, নেপাল আদিলৈও ৰপ্তানি কৰা হ’ব এই মিথানল। এইদৰেই ১৪ এপ্ৰিলত অসম স্বাস্থ্য, যোগাযোগ আৰু উদ্যোগখণ্ডত কেইবাটাও প্ৰকল্প নতুনকৈ সংযোজিত কৰিব।

১৪ এপ্ৰিলত অসমে পাব স্বাস্থ্য, যোগাযোগ আৰু উদ্যোগখণ্ডত কেইবাটাও সম্পদ...
গেংটকত ভয়াৱহ হিমস্খলনঃ শিশুসহ ৬ জন লোকৰ মৃত্যু, ১৫০ জন আৱদ্ধ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in