/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/15ff0c01-4d22-4c5e-b5df-98c9fe7276bb/CC_20.jpg)
গুৱাহাটী কমাৰ্চ কলেজত নামভৰ্তি কৰিবলৈ ক্ৰয় কৰিব লাগিব নামঘোষা !
ডিজিটেল ডেস্কঃ গুৱাহাটী বাণিজ্য মহাবিদ্যালয়ত নামভৰ্তি কৰা ছাত্ৰ-ছাত্ৰীক নামঘোষা বিক্ৰী কৰাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তুমুল বিৰ্তক। ২০২৩-২৪ বৰ্ষৰ স্নাতক (বাণিজ্য) শ্ৰেণীৰ প্ৰথম ছেমিষ্টাৰত মহাবিদ্যালয়খনে নামভৰ্তিৰ বাবে ধাৰ্য কৰিছে ৭৭৬০ টকা মাচুল।
ইয়াৰ ভিতৰত অন্যান্য মাচুলৰ লগতে ছাত্ৰ-ছাত্ৰীসকলে দিবলগীয়া হৈছে একোখন নামঘোষাৰ বাবে ৭০০ টকাকৈ। প্ৰশ্ন উঠিছে কিহৰ বাবে স্নাতক শ্ৰেণীত নাম ভৰ্তি কৰা ছাত্ৰ-ছাত্ৰীক নামঘোষা বিক্ৰী কৰা হৈছে। নামভৰ্তিৰ সৈতে নামঘোষাৰ বিক্ৰীৰ সম্পৰ্ক কি বুলি প্ৰশ্ন কৰিছে অভিভাৱকসকলে।
একোখন নামঘোষাৰ দাম কেনেকৈ ৭০০ টকা হ'ব বুলিও অভিভাৱকসকলে বিষয়টোক লৈ অসন্তুষ্টি ব্যক্ত কৰিছে। জানিব পৰা মতে এই নামঘোষাখন ইংৰাজীলৈ অনুবাদ কৰিছিল ড০ পূৰ্ণানন্দ শইকীয়াই।
প্ৰথম সংস্কৰণ অনুবাদকে নিজেই প্ৰকাশ কৰিছিল যদিও দ্বিতীয় সংস্কৰণ প্ৰকাশ কৰিছিল গুৱাহাটী কমাৰ্চ কলেজে। সেই সূত্ৰেই নামঘোষাখন নতুনকৈ নামভৰ্তি কৰা ছাত্ৰ-ছাত্ৰীক বিক্ৰী কৰা হৈছে বুলি এক সূত্ৰই জানিব দিছে।
ইফালে গুৱাহাটী বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ হেমেশ্বৰ কলিতাই অসমীয়া প্ৰতিদিন ডিজিটেলক জানিবলৈ দি কয় যে- উক্ত নামঘোষাখন ড০ পূৰ্ণানন্দ শইকীয়াই ইংৰাজীলৈ ভাবানুবাদ কৰিছিল। দেশ-বিদেশত এই নামঘোষাখনে যথেষ্ট আদৰ পাইছিল। কমাৰ্চ কলেজেক সেইখনৰ নতুন সংস্কৰণ প্ৰকাশ কৰি ছাত্ৰ-ছাত্ৰীসকলক ৰেহাই হাৰত এই গ্ৰন্থ প্ৰদান কৰাৰ পদক্ষেপ লৈছে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/4e2e2c42-7c74-4c01-82a8-5bb4842e8ee3/998bcc68_940e_4b0e_9792_14d652fe7587.jpg)
Also Read: সদাগৰ বৰুৱা গুলীবিদ্ধ হৈ মৃত্যুঃ দুৰ্ঘটনা নে আত্মহত্যা?