সদাগৰ বৰুৱা গুলীবিদ্ধ হৈ মৃত্যুঃ দুৰ্ঘটনা নে আত্মহত্যা?

সদাগৰ বৰুৱা গুলীবিদ্ধ হৈ মৃত্যুঃ দুৰ্ঘটনা নে আত্মহত্যা?
সদাগৰ বৰুৱা গুলীবিদ্ধ হৈ মৃত্যুঃ দুৰ্ঘটনা নে আত্মহত্যা?

ডিজিটেল সংবাদ ধেমাজিঃ আজি পুৱা প্ৰায় ১০ বজাত ধেমাজি নগৰৰ ভদ্ৰপাৰাস্হিত বিশিষ্ট ব্যৱসায়ী সদাগৰ বৰুৱাই নিজৰ লাইচেঞ্চ থকা পিষ্টলটো চাফা কৰি থকাৰ সময়তে হঠাৎ গুলী ফুটি মৃত্যু হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্য সৃষ্টি কৰিছে।

জানিব পৰা মতে ব্যৱসায়ী বৰুৱাই নিজৰ লাইচেন্স থকা পিষ্টলটো অন্য দিনাৰ দৰে আজিও চাফা কৰিছিল। অনুজ্ঞাপত্ৰ থকা পিষ্টলটো ঘৰৰ বাহিৰলৈ উলিয়াই আনি চাফা কৰি থকা অৱস্থাতেই পিষ্টলটোৰে গুলী ফুটাত গুলীবিদ্ধ হৈ মৃত্যু হ'বলগীয়া হয় সদাগৰ বৰুৱা৷

ঘটনাৰ সম্পৰ্কে বিশিষ্ট ব্যৱসায়ী বৰুৱাৰ ডাঙৰ পুত্ৰ ডেনিছ বৰুৱাই সংবাদ মাধ্যমক এইদৰে অৱগত কৰে ৷ উল্লেখ্য যে, বিগত ডেৰ বছৰ ধৰি বৰুৱা দুৰাৰোগ্য ৰোগতো ভূগি আছিল।

যাৰ বাবে তেওঁ শাৰীৰিক ভাৱে অতি দুৰ্ৱল হৈ আছিল। ইফালে পৰিয়ালে জনোৱামতে অসুস্হ বৰুৱাক বুধবাৰে পুনৰ চিকিৎসাৰ বাবে চেন্নাইলৈ নিয়াৰ কথা আছিল ৷

সদাগৰ বৰুৱা গুলীবিদ্ধ হৈ মৃত্যুঃ দুৰ্ঘটনা নে আত্মহত্যা?
মণিপুৰবাসীলৈ মুখ্যমন্ত্ৰীৰ শেষ সতৰ্কবাণীঃ বিজেপিৰ সংগ ত্যাগৰ হুংকাৰ NPP ৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in